বুল্লি বাই কাণ্ডৰ মাষ্টাৰমাইণ্ড নিৰজ বিষ্ণৈক বহিষ্কাৰ কৰিলে ভূপালৰ শিক্ষানুষ্ঠানৰ পৰা

বৃহস্পতিবাৰে অসমৰ যোৰহাটৰ পৰা গ্ৰেপ্তাৰ কৰা বুল্লি বাই কাণ্ডৰ মাষ্টাৰমাইণ্ড নিৰজ বিষ্ণৈক বহিষ্কাৰ কৰিছে ভূপালৰ ভেলোৰ ইনষ্টিটিউট অৱ টেকন’ল’জীয়ে।

শিক্ষা প্ৰতিষ্ঠানটোৰ B.Tech ৰ দ্বিতীয় বৰ্ষৰ ছাত্ৰ নিৰজক তৎকালীনভাৱে কাৰ্যকৰী হোৱাকৈ শিক্ষানুষ্ঠানৰ সন্মান লাঘৱ কৰাৰ বাবে অনিৰ্দিষ্ট সময়লৈ নিলম্বন কৰা হৈছে।

উল্লেখ্য যে কালি দুপৰীয়া নিৰজ বিষ্ণৈক দিল্লী আৰক্ষীয়ে যোৰহাটৰ পৰা গ্ৰেপ্তাৰ কৰিছিল। ধৃত বিষ্ণৈক আৰক্ষীয়ে বুল্লি বাই কাণ্ডৰ মাষ্টাৰমাইণ্ড হিচাপে চিনাক্ত কৰিছিল।

উল্লেখ্য যে গিটহাব নামৰ এটা ৱেবছাইট ব্যৱহাৰ কৰি আপত্তিজনক মন্তব্যৰ লগতে মুছলমান মহিলাসকলৰ আলোকচিত্ৰ প্ৰকাশ কৰি নিলাম কৰিছিল এই বুল্লি বাই কাণ্ডৰ অভিযুক্ত সকলে।

দিল্লীৰ এগৰাকী সাংবাদিকে ৱেবছাইটত তেওঁৰ ফটোৰ অপব্যৱহাৰ হোৱাৰ বিষয়ে দিল্লী আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰাৰ পিছত এই কুকাণ্ড পোহৰলৈ আহে।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ছফ্টৱেৰ বিকাশ প্লেটফৰ্ম গিটহাবত সংযুক্ত ৱেবছাইটটোত কমেও ১০০ গৰাকী মুছলমান মহিলাক লক্ষ্য কৰি লোৱা হৈছিল।

আৰক্ষীয়ে জনোৱা অনুসৰি তেওঁলোকে অনুসন্ধানৰ অংশ হিচাপে বিষ্ণৈৰ আইপি ঠিকনা অনুসৰণ কৰিছে। “আমি দেখিছোঁ যে ইতিমধ্যে গ্ৰেপ্তাৰ হোৱা আন তিনিজন ব্যক্তিয়ে বিষ্ণৈৰ নিৰ্দেশনা অনুসৰণ কৰি আছিল। বিষ্ণৈৱে তেওঁলোকক টুইটাৰত একাউণ্ট সৃষ্টি কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰিছিল।” আৰক্ষীৰ এক সূত্ৰই কয়।

উল্লেখ্য যে মুম্বাই আৰক্ষীয়ে ঘটনা সন্দৰ্ভত এতিয়ালৈকে তিনিজনক গ্ৰেপ্তাৰ কৰিছে। ধৃত তিনিওজনে সামাজিক মাধ্যমত সম্পৰ্ক ৰক্ষা কৰি চলিছিল বুলি আৰক্ষী সূত্ৰত প্ৰকাশ পাইছিল।