NORTHEAST NOW (Assamese)

ভাৰতৰ পৰা ৯ লাখ কোভিড ভেকচিন আমদানি কৰিব মেক্সিকোই

January 30, 2021 12:00 pm · এন ই নাও নিউজ
মেক্সিকোৰ ৰাষ্ট্ৰপতি

মেক্সিকোৰ ৰাষ্ট্ৰপতি এন্ড্ৰেছ মেনুৱেল লোপেজে শুকুৰবাৰে দেশখনে ভাৰতৰ পৰা প্ৰায় ৯ লাখ কোভিড ভেকচিন আমদানি কৰিব বুলি সদৰী কৰে।

ফেব্ৰুৱাৰি মাহত মেক্সিকোই ভাৰতৰ পৰা এষ্ট্ৰাজেনেকাৰ কোভিড ভেকচিন আমদানি কৰিব বুলি ৰাষ্ট্ৰপতি লোপেজে কয়।

২৪ জানুৱাৰিত কোভিডৰ সংক্ৰমণৰ পৰা চিকিৎসাৰ অন্তত সুস্থ হৈ উঠা ৰাষ্ট্ৰপতি লোপেজে মেক্সিকোই ভাৰতৰ উপৰি ৰাছিয়াৰ স্পুটনিক-ভি আৰু ফাইজাৰৰ ভেকচিনো লাভ কৰিব বুলি প্ৰকাশ কৰে।

মেক্সিকোত এতিয়ালৈ কোভিডৰ সংক্ৰমণৰ ফলত ১.৫ লাখ লোকৰ মৃত্যু হৈছে।

আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ভাৰতৰ পাছতে মেক্সিকোত সৰ্বাধিক লোকৰ কোভিডৰ সংক্ৰমণৰ ফলত মৃত্যু হৈছে।

উল্লেখযোগ্য যে, ভাৰতে বৰ্তমান সময়ত বিভিন্ন দেশলৈ কোভিড ভেকচিন যোগান কৰিছে।

বাণিজ্যিকভাৱে ভাৰতে অন্য দেশলৈ কোভিড ভেকচিন ৰপ্তানি কৰাৰ লগতে চুবুৰীয়া দেশ সমূহলৈ অনুদান হিচাপেও কোভিড ভেকচিন আগবঢ়াইছে।

ভাৰতে ভূটান, নেপাল, বাংলাদেশ, শ্ৰীলংকা, ম্যানমাৰ, আফগানিস্তান আদি দেশলৈ বিনামূলীয়াভাৱে কোভিডৰ ভেকচিন প্ৰেৰণ কৰিছে।

বিশ্ব স্বাস্থ্য সংস্থাৰ এক অভিযানৰ অংশস্বৰূপে ভাৰতে আফ্ৰিকালৈয়ো ১ কোটি কোভিড ভেকচিন অতি শীঘ্ৰে পঠিয়াব।

Related News