ভগৱানে ইজৰাইলক সকলো নছৰুল্লাহক ধ্বংস কৰাৰ শক্তি দিয়ক- হাৰিয়ানাত হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইছলাম ধৰ্মৰ যিকোনো বস্তু দেশৰ ৰাজনীতিত টানি নিয়াৰ বাবে বিজেপিত ডাঙৰ নাম অৰ্জন কৰিছে। বৃহস্পতিবাৰে হাৰিয়ানাত দলৰ প্ৰচাৰৰ সময়ত ইজৰাইল-হিজবুল্লাহৰ যুঁজৰ বিষয়টোক লৈ হিমন্তই দীঘলীয়া ভাষণ প্ৰদান কৰে। লেবাননত ইজৰাইলে হত্যা কৰিলে হিজবুল্লাহ নেতা নছৰুল্লাহক। হিমন্তই কয়, হে ভগৱান, ইজৰাইলক ইমান শক্তি দিয়ক যে তেওঁলোকে সকলো নছৰুল্লাহক ধ্বংস কৰিব পাৰে।

ইয়াৰ পাছতে অসমৰ মুখ্যমন্ত্রীগৰাকীয়ে লগতে কয় যে যিদৰে ইজৰাইলে নছৰুল্লাহকে ধৰি হিজবুল উগ্ৰপন্থীক নিঃশেষ কৰি আছে, সেইদৰে ভাৰততো সন্ত্ৰাসবাদীক নিঃশেষ কৰা হ’ব। ৰাইজক সম্বোধন কৰি অসমৰ মুখ্যমন্ত্ৰীয়ে কয় যে যদি হাৰিয়ানাত কংগ্ৰেছ ক্ষমতালৈ আহে তেন্তে পাকিস্তান জিন্দাবাদৰ শুনা যাব সেই ভুল নকৰিব। কংগ্ৰেছ পুনৰ ক্ষমতালৈ ঘূৰি আহিব নালাগে।

শনিবাৰে হাৰিয়ানাত বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। ‘উত্তৰ-পূবৰ যোগী আদিত্যনাথ’ নামেৰে পৰিচিত অসমৰ মুখ্যমন্ত্ৰীয়ে বৃহস্পতিবাৰে প্ৰচাৰৰ অন্তিম পৰ্যায়ত উগ্ৰ হিন্দুত্ববাদীৰ বুকুৰ অগ্নিক বতাহ দিয়াৰ এক যথেষ্ট প্ৰচেষ্টা চলাইছিল। দুদিন আগতে যোগীও হাৰিয়ানালৈ গৈ হিন্দুত্বৰ ঢোল বজাই আহিছিল। হিমন্তয়ো শেষৰ লগ্ন প্ৰচাৰত প্ৰৱেশ কৰি কংগ্ৰেছক আক্ৰমণ কৰিছিল। তেওঁ কয় যে কংগ্ৰেছৰ তোষণৰ নীতি এনেকুৱা যে কোন থলুৱা আৰু কোন বিদেশী সেইটো বিচাৰ নকৰে। দলটোৱে অনুপ্ৰৱেশকাৰীৰ ভোট বেংক গঢ়ি তুলিছে।

হিমন্তৰ ভাষাত কংগ্ৰেছে দেশ শাসন কৰাৰ সুযোগ নাপালে ৭৫ বছৰ পূৰ্বে অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণ হ’লহেঁতেন। সেয়া সম্ভৱ নাছিল কাৰণ কংগ্ৰেছে বাবৰৰ বংশধৰৰ চাতুকাৰিতা কৰিছিল।