NORTHEAST NOW (Assamese)

`ইণ্ডিয়া’ নে তৃতীয় মৰ্চা? নিৰ্বাচনৰ পূৰ্বে ডাঙৰ ঘোষণা বিএছপি নেত্ৰী মায়াৱতীৰ

March 9, 2024 12:39 pm · এন ই নাও নিউজ, গুৱাহাটী

সন্মুখত লোকসভা নিৰ্বাচন। ইপিনে লোকসভা নিৰ্বাচনৰ দিন এতিয়াও ঘোষণা কৰা হোৱা নাই যদিও দেশৰ ৰাজনৈতিক দলসমূহে ইতিমধ্যে প্ৰস্তুতি আৰম্ভ কৰিছে। এই লোকসভা নিৰ্বাচনৰ পূৰ্বে বহুজন সমাজবাদী পাৰ্টিৰ (বিএছপি) মুৰব্বী মায়াৱতীয়ে এটা ডাঙৰ ঘোষণা কৰিলে।

বিএছপি নেত্ৰী মায়াৱতীয়ে টুইট কৰি কয় যে “বিএছপিয়ে বহুজন সম্প্ৰদায়ৰ স্বাৰ্থত অকলে নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ সিদ্ধান্তত অটল।‘’

তেওঁ কয়, “বিএছপিয়ে সম্পূৰ্ণ প্ৰস্তুতি আৰু শক্তিৰে দেশত অকলে যুঁজি আছে। এনে পৰিস্থিতিত নিৰ্বাচনী মিত্ৰতা বা তৃতীয় ফ্ৰণ্ট আদি গঠনৰ উৰাবাতৰি প্ৰচাৰ কৰাটো অতি ভুল। এনে বিভ্ৰান্তিকৰ বাতৰিৰ জৰিয়তে সংবাদ মাধ্যমৰ বিশ্বাসযোগ্যতা হেৰাই যাব নালাগে। জনসাধাৰণেও সাৱধান হ’ব লাগে।‘’

উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মায়াৱতীয়েও লগতে কয়, “বিশেষকৈ উত্তৰ প্ৰদেশত বিএছপিয়ে অকলে বহু শক্তিৰে নিৰ্বাচনত যুঁজিছে, বিৰোধীসকল অতি অস্থিৰ যেন বোধ হৈছে। সেইবাবেই প্ৰতিদিনে বিভিন্ন ধৰণৰ উৰাবাতৰি প্ৰচাৰ কৰি মানুহক বিপথে পৰিচালিত কৰাৰ চেষ্টা অব্যাহত ৰাখিছে। কিন্তু বহুজন সমাজৰ স্বাৰ্থত বিএছপিয়ে এককভাৱে যুঁজ দিয়াৰ সিদ্ধান্তত অটল।‘’

Related News