মায়াৱতীৰ `একলা চলো’ নীতি! কোনো মিত্ৰজোঁটৰ অংশ নহয়, খেলিব অকলেই নিৰ্বাচন

২০২৪ চনৰ লোকসভা নিৰ্বাচনত অকলেই প্ৰতিদ্বন্দ্বিতা কৰিব বিএছপিয়ে। ‘মিত্ৰতা নাকচ’ কৰি মায়াৱতীয়ে দিলে ডাঙৰ বাৰ্তা। বিএছপিৰ অধ্যক্ষই কয়, ধৰ্মৰ আঁৰত ৰাজনীতিৰ কৰাৰ চেষ্টা চলি আছে। এই চৰকাৰৰ অধীনত অনুসূচিত জাতি-জনজাতিয়ে চৰকাৰী চাকৰিৰ সুবিধা লাভ কৰা নাই। উত্তৰ প্ৰদেশ চৰকাৰে আমাৰ পৰিকল্পনাৰ ডুপ্লিকেট কৰিছে। দৰিদ্ৰতা আৰু নিবনুৱা সমস্যাৰ প্ৰতি চৰকাৰে গুৰুত্ব দিয়া নাই।

বহুজন সমাজ পাৰ্টিৰ মুৰব্বী মায়াৱতীয়ে সোমবাৰে নিজৰ ৬৮ সংখ্যক জন্মদিনত অকলে আগবঢ়াৰ কথা ঘোষণা কৰে। আগন্তুক লোকসভা নিৰ্বাচনত বিএছপিয়ে অকলেই যুঁজিব বুলি স্পষ্ট কৰি দিছে মায়াৱতীয়ে।

কংগ্ৰেছ, সমাজবাদী পাৰ্টি আৰু বিজেপিকো আক্ৰমণ কৰে বিএছপি নেত্ৰীগৰাকীয়ে। মায়াৱতীয়ে সমাজবাদী পাৰ্টিৰ মুৰব্বী অখিলেশ যাদৱকো লক্ষ্য কৰি লৈছিল। একে সময়তে তেওঁ জন্মদিনত এটা ডাঙৰ ঘোষণা কৰি আগন্তুক নিৰ্বাচনত তেওঁৰ দলে কোনো মিত্ৰতাৰে প্ৰতিদ্বন্দ্বিতা নকৰে বুলি মন্তব্য কৰিছে।

লগতে পঢ়কঃ প্ৰাক্তন কনিষ্ঠ সহকৰ্মীক হোটেললৈ আমন্ত্ৰণ; চিইঅ’ৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ যুৱতীৰ!

মায়াৱতীয়ে কয়, “দেশত লোকসভা নিৰ্বাচনৰ বাবে মাত্ৰ কেইমাহমান বাকী আছে। মই পুনৰ কওঁ যে আমি অকলে লোকসভা নিৰ্বাচনত যুঁজ দিম। আমি কোনো দলৰ লগত মিত্ৰতা নকৰো। আমাৰ দলে অকলে যুঁজ দিয়ে কাৰণ আমাৰ শীৰ্ষ নেতৃত্ব দলিত সম্প্ৰদায়ৰ। আমাৰ ভোট হস্তান্তৰ হয়, কিন্তু মিত্ৰজোঁটৰ ভোট আমালৈ হস্তান্তৰ নহয়। ১৯৯৩ চনত সমাজবাদী পাৰ্টি আৰু ১৯৯৬ চনত কংগ্ৰেছৰ সৈতে মিত্ৰতা কৰি আমি লাভৱান হোৱা নাছিলো।‘’

ইপিনে, ইভিএম ৰিগিং লৈ তেওঁ সৰৱ হৈ পৰে। মায়াৱতীয়ে কয়, মিত্ৰতাৰ সৈতে আমাৰ অভিজ্ঞতা হ’ল যে মিত্ৰতাৰ পৰা আমি অধিক লোকচানৰ সন্মুখীন হওঁ। সেইবাবেই দেশৰ অধিকাংশ দলে বিএছপিৰ লগত মিত্ৰতা কৰিব বিচাৰে। নিৰ্বাচনৰ পিছত মিত্ৰজোঁটৰ কথা চিন্তা কৰিব পাৰি। মায়াৱতীয়ে লগতে কয় যে ইভিএমত যথেষ্ট ৰিগিং কৰা হয়, সেয়েহে বিএছপিয়ে লোকচানৰ সন্মুখীন হৈছে। ইভিএম ৰিগিংক লৈ হুলস্থুল আৰম্ভ হৈ গৈছে আৰু আমি আশা কৰিছো যে অতি সোনকালে ইভিএম নিষিদ্ধ হ’ব।

বিএছপিৰ মুৰব্বীগৰাকীয়ে কয়, আমাৰ চৰকাৰ ৪ বাৰ ক্ষমতালৈ আহিছে। আমি দলিতৰ বাবে কাম কৰিছো। ধৰ্ম, সংস্কৃতিৰ আঁৰত ৰাজনীতি কৰি থকাটো গণতন্ত্ৰৰ বাবে ভাল নহয়। কংগ্ৰেছ, বিজেপি আৰু তেওঁলোকৰ মিত্ৰৰ আচৰণ বৰ্ণবাদী আৰু সাম্প্ৰদায়িক।

লগতে পঢ়কঃ ‘মন্দিৰ উদ্বোধনী অনুষ্ঠানত অযোধ্যালৈ নাহে শ্ৰীৰাম’; স্বপ্নাদেশ পালে লালু-পুত্ৰই!

মায়াৱতীয়ে কয় যে অনুসূচিত জাতি-জনজাতিৰ লগতে দেশৰ অন্যান্য জনসাধাৰণে সংৰক্ষণৰ সম্পূৰ্ণ সুবিধা লাভ কৰা নাই। আকাশ আনন্দক উত্তৰসূৰী কৰা হৈছে যদিও মই ৰাজনীতিৰ পৰা অৱসৰ লোৱা নাই। একাংশ সংবাদ মাধ্যমে এনে উৰাবাতৰি বিয়পাইছে যিবোৰ ভিত্তিহীন।

ৰাম মন্দিৰৰ নিমন্ত্ৰণ সন্দৰ্ভত বিএছপিৰ মুৰব্বীগৰাকীয়ে কয় যে মই নিমন্ত্ৰণ পাইছো, কিন্তু মই মোৰ দলৰ কাৰ্যসূচীত ব্যস্ত হোৱাৰ বাবে যোৱাৰ সিদ্ধান্ত লোৱা নাই। এই ক্ষেত্ৰত আমাৰ তথা আমাৰ দলৰ কোনো আপত্তি নাই।