NORTHEAST NOW (Assamese)

ঘোষণা হ’ল UPSCৰ ফলাফল, ৫ম স্থানেৰে উজলিল অসমৰ ময়ুৰ হাজৰিকা

May 23, 2023 4:06 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: May 23, 2023 9:00 pm

মঙলবাৰে (২৩ মে’) বিয়লি ২০২২ বৰ্ষৰ কেন্দ্ৰীয় লোকসেৱা আয়োগে ভাৰতীয় অসামৰিক সেৱাৰ পৰীক্ষাৰ চূড়ান্ত ফলাফল ঘোষণা কৰিছে।

আয়োগে ঘোষণা কৰা ফলাফল অনুসৰি অসমৰ তেজপুৰৰ ময়ুৰ হাজৰিকাই দেশৰ ভিতৰতে পঞ্চম স্থান দখলেৰে অসমৰ নাম উজ্বলাই তুলিছে।

ময়ুৰ হাজৰিকাৰ লগতে অসমৰ অঞ্জলি ভৰদ্বাজ (২৭১), মহম্মদ ইদুল আহমদ (২৯৮), ভি এছ ভৈফেই (৬১৯), দীক্ষা লাংথাছা (৬৬৪), মানস জ্যোতি দাস (৮৮১)  আৰু নিবেদিতা দাসো (৮৪৮) এইবাৰ ভাৰতীয় অসামৰিক সেৱাৰ পৰীক্ষাত উত্তীৰ্ণ হৈছে।

জানিব পৰা মতে ময়ুৰ হাজৰিকা পেছাত এগৰাকী চিকিৎসক আৰু বৰ্তমান ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, অসমৰ অধীনত কৰ্মৰত।

ময়ুৰ হাজৰিকাই গুৱাহাটীৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ পৰা এম বি বি এছ পাঠ্যক্ৰম সম্পূৰ্ণ কৰিছিল। চিকিৎসা বিজ্ঞানৰ স্নাতক ডিগ্ৰী লাভ কৰাৰ পূৰ্বে ময়ুৰ হাজৰিকাই নগাঁৱৰ ৰামানুজন কনিষ্ঠ মহাবিদ্যালয়ত উচ্চতৰ মাধ্যমিকৰ বিজ্ঞান শাখাত অধ্যয়ন কৰিছিল।

ইফালে মহম্মদ ইদুল আহমেদ ইণ্ডিয়ান ইনষ্টিটিউট অৱ টেকন’লজি (আই আই টি)-গুৱাহাটীৰ পৰা মেকানিকেল ইঞ্জিনিয়াৰিঙৰ স্নাতক।

উল্লেখ্য, এইবাৰ ভাৰতীয় প্ৰশাসনীয় সেৱাৰ পৰীক্ষাত শীৰ্ষ চাৰিটা স্থান মহিলাই দখল কৰিছে। আনহাতে শীৰ্ষ দহৰ ভিতৰত পুৰুষ সংখ্যা হৈছে মাত্ৰ ৪ গৰাকী।

এইবাৰ পৰীক্ষাত শীৰ্ষ পাঁচটা স্থান লাভ কৰিছে ক্ৰমে ইশিতা কিশোৰ (১), গৰিমা লোহিয়া (২), উমা হাৰাথি এন (৩), স্মৃতি মিশ্ৰ (৪) আৰু ময়ুৰ হাজৰিকাই (৫)।

উল্লেখ্য, এইবাৰ মুঠ ৯৩৩ গৰাকী পৰীক্ষাৰ্থীয়ে উত্তীৰ্ণ হৈছে। উত্তীৰ্ণ পৰীক্ষাৰ্থীসকলক ভাৰতীয় প্ৰশানীয় সেৱা (আই এ এছ), ভাৰতীয় বৈদেশিক সেৱা (আই এফ এছ), ভাৰতীয় আৰক্ষী সেৱা (আই পি এছ) আৰু কেন্দ্ৰীয় সেৱা শাখা ‘ক’ আৰু ‘খ’ নিযুক্তি দিয়া হ’ব।

২০২২ বৰ্ষৰ অসামৰিক সেৱাৰ মূল পৰীক্ষাত অৱতীৰ্ণ হোৱা প্ৰাৰ্থীসকলে upsc.gov.in ৰ অফিচিয়েল ৱেবছাইটৰ পৰা ফলাফল পৰীক্ষা কৰি ডাউনলোড কৰিব পাৰিব।

প্ৰণিধানযোগ্য যে, ভাৰতীয় অসামৰিক সেৱাৰ পৰীক্ষাত অসমৰ পৰা সৰ্বোত্তম স্থান লাভ কৰি অভিলেখ সৃষ্টি কৰিছে ময়ুৰ হাজৰিকাই। ইয়াৰ পূৰ্বে অসমৰ সৰ্বোত্তম স্থান আছিল অষ্টাদশ। বৰ্তমানৰ অসমৰ মুখ্য সচিব পৱন বৰঠাকুৰে লাভ কৰিছিল এই স্থান।

Related News