কেন্দ্ৰীয় পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ে অহা ২৪ মে’ত অসমৰ বন বিভাগৰ বিষয়াসকলৰ সৈতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গঁড়ৰ গণনাৰ বিসংগতিৰ উত্থাপিত অভিযোগ সন্দৰ্ভত বৈঠকত মিলিত হ’ব।
অসমৰ প্ৰধান মুখ্য বন সংৰক্ষক (পিচিচিএফ) আৰু বন বাহিনীৰ মুৰব্বী, মুখ্য বন্যপ্ৰাণী ৱাৰ্ডেন, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক, কাজিৰঙাৰ গঁড় গণনা অনুশীলনৰ মূল্যায়ক আৰু উদ্যানখনৰ গঁড় গণনা অনুশীলনৰ এছপিআইঅ’ক সভাত যোগদান কৰিবলৈ কোৱা হৈছে।
কেন্দ্ৰীয় পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ বন (বন্যপ্ৰাণী) উপ-মহাপৰিদৰ্শক ৰাকেশ কুমাৰ জাগেনিয়াই এক জাননী যোগে কয় যে অতিৰিক্ত বন্যপ্ৰাণী সংৰক্ষণৰ সঞ্চালক প্ৰধান তথা বন্যপ্ৰাণী সংৰক্ষণৰ সঞ্চালক প্ৰধানে সভাত সভাপতিত্ব কৰিব।
ইয়াৰ পূৰ্বে ১৯ ফেব্ৰুৱাৰীত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গঁড়ৰ গণনাত বিসংগতিৰ অভিযোগ উত্থাপন কৰি অসমৰ পৰিৱেশ কৰ্মী ৰোহিত চৌধুৰীয়ে দাখিল কৰা এজাহাৰৰ পিছত কেন্দ্ৰীয় পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ে অসমৰ মুখ্য বন্যপ্ৰাণী ৱাৰ্ডেনৰ (CWLW) পৰা “বাস্তৱিক প্ৰতিবেদন” বিচাৰিছিল।
পৰিৱেশ কৰ্মী ৰোহিত চৌধুৰীয়ে পত্ৰ যোগে কেন্দ্ৰীয় পৰিৱেশ আৰু বন মন্ত্ৰালয়ত অভিযোগ কৰিছিল যে ২০২২ চনত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গঁড়ৰ জনসংখ্যাৰ অনুমান জৰীপত খেলিমেলি হৈছিল।
চৌধুৰীৰ মতে, ৰাষ্ট্ৰীয় উদ্যানখনৰ ৮৪টা বিভাগৰ গণনাৰ তথ্য পত্ৰত দেখা গৈছে যে গঁড়ৰ প্ৰকৃত সংখ্যা আছিল ২০৪২।
চৌধুৰীয়ে অভিযোগ কৰিছিল যে এই সংখ্যাটো “সন্তুলন” ৰক্ষা কৰি ইচ্ছাকৃতভাৱে নিৰ্বাচিত বিভাগত নমুনা জৰীপৰ পিছত ২০১৮ চনত গণনা কৰা ২,৪১৩টা গঁড়ৰ তুলনাত ২০০ বৃদ্ধি দেখুৱাই ২,৬১৩টা গঁড় বুলি দেখুৱা হৈছে।
ৰোহিত চৌধুৰীয়ে কৈছিল যে ৰাষ্ট্ৰীয় উদ্যানখনত “গঁড়ৰ প্ৰকৃত সংখ্যাৰ সম্পৰ্কত চৰকাৰ আৰু জনসাধাৰণক বিপথে পৰিচালিত কৰিবলৈ” জৰীপৰ তথ্যসমূহ প্ৰ স্তুত কৰা হৈছে।