• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home অভিমত

সংবাদকৰ্মীৰ ব্যথা আৰু এটা হত্যাকাণ্ড

কৌশিক তালুকদাৰ, জাৰ্মানী by কৌশিক তালুকদাৰ, জাৰ্মানী
May 25, 2020 7:42 pm
963223-media-persons

প্ৰতিনিধিত্বমূলক ছবি, সৌজন্য-ইন্টাৰনেট

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কোভিড-১৯ মহামাৰীৰ ফলত বিশ্বৰ কোটি কোটি মানুহৰ জীৱনলৈ অনিশ্চয়তা নামি আহিছে। লাখ লাখ মানুহ মৃত্যুমুখত পৰিছে। প্ৰস্তুতি-পৰিকল্পনাবিহীন ৰাষ্ট্ৰীয় ল’কডাউনৰ ফলত ভাৰতৰ দৰে দেশত কোটি কোটি দৰিদ্ৰ শ্ৰমিক-কৃষকৰ অসহনীয় যাতনা দেখি কোনো হৃদয়ৱান মানুহৰ অন্তৰ ব্যথিত নোহোৱাকৈ থকা নাই। নিম্ন মধ্যবিত্ত শ্ৰেণীৰ লোকসকল আৰু দেশৰ সংবাদ কৰ্মীৰ জীৱনলৈ ক’ৰ’না-সংকটে অমানিশা নমাই আনিছে। বিভিন্ন সংবাদপত্ৰ বন্ধ হৈ যোৱাৰ উপক্ৰম হৈছে। কিন্তু এওঁলোকৰ বাবে বৌদ্ধিক মহলৰ মাজত বৰ এটা চিৰিয়াছ উৎকণ্ঠা আমি এতিয়ালৈকে দেখিবলৈ পোৱা নাই। সি যি হওক, এনে এক পৰিস্থিতিত দৰিদ্ৰ আৰু নিম্ন-মধ্যবিত্ত শ্ৰেণীৰ লগতে সংবাদকৰ্মীসকলক অৰ্থনৈতিক দুৰ্যোগৰ পৰা উদ্ধাৰ কৰিবলৈ চৰকাৰে বিশেষ পদক্ষেপ আৰু অৰ্থনৈতিক নীতি কাৰ্যকৰী কৰিবই লাগিব।

মোদী চৰকাৰে দেশৰ জিডিপিৰ ১০% ক’ৰ’না মহাসংকটৰ পৰা দেশৰ অৰ্থনীতিক উদ্ধাৰ কৰাৰ বাবে পেকেজ হিচাপে ঘোষণা কৰিলে। কিন্তু বিভিন্ন অৰ্থনীতিজ্ঞ, অৰ্থনৈতিক সংস্থাই বিশ্লেষণ কৰি দেখুৱাইছে যে এই ঘোষিত অৰ্থনৈতিক পেকেজ প্ৰকৃততে ভাৰতৰ জিডিপিৰ ২%ত বেছি নহয়। যদি এয়া সত্য হয় তেন্তে মোদী চৰকাৰৰ ঘোষিত পেকেজে দেশৰ অৰ্থনীতি পুনৰুদ্ধাৰ কৰিব নোৱাৰিব। নাটকীয় ঘোষণা, শ্লোগান আৰু চমকে সমস্যা সমাধান নকৰে। কিন্তু সেই কথা এতিয়া আমাৰ চৰকাৰক বুজায় কোনে? চৰকাৰৰ অনুগামীসকলে মোদীৰ চমক আৰু ঘোষণাত অত্যুৎসাহী হৈ ডিজিটেল উৎসৱ পালন কৰিছে যদিও সেই উৎসৱৰ ৰঙে ভাৰতৰ কোটি কোটি দৰিদ্ৰ পৰিয়াল, নিম্ন-মধ্যবিত্ত শ্ৰেণী আৰু সংবাদকৰ্মীসকলৰ জীৱনলৈ আশাৰ পোহৰ আনিব পৰা নাই। সেয়ে চৰকাৰে চমক আৰু শ্লোগান বাদ দি এইসময়ত দায়ৱদ্ধতাৰ পৰিচয় দিয়াটো অতি জৰুৰী। আমাৰ প্ৰধানমন্ত্ৰীয়েও নিজকে ‘চুপাৰ মেন’ হিচাপে প্ৰক্ষেপ কৰাৰ সলনি অন্ততঃ এইকেইদিন দেশৰ বিৰোধী দলৰ দূৰদৰ্শী নেতা আৰু বিশেষজ্ঞসকলক আস্থাত লৈ এটা “টীম” তৈয়াৰ কৰি কামত ধৰিব লাগে। অন্যথা দেশলৈ এক দীৰ্ঘদিনীয়া অৰ্থনৈতিক সংকট অহাটো নিশ্চিত। এইখিনিতে ভাৰতৰ সচেতন মহলে আন এটা কথালৈ দৃষ্টি নিক্ষেপ কৰাটো দৰকাৰ। ল’কডাউনৰ সুবিধা গ্ৰহণ কৰি মোদী চৰকাৰে ‘কা’-বিৰোধী আন্দোলনৰ বিভিন্ন নেতা-কৰ্মীক গ্ৰেপ্তাৰ কৰিছে, চৰকাৰৰ বিৰোধী বা সমালোচকসকলৰ ওপৰত পুলিচী নিৰ্যাতন জাপি দিয়া হৈছে। চৰকাৰৰ এনে কাৰ্যকলাপৰ পৰা এটা কথা স্পষ্ট হৈ পৰিছে যে, যদিও মোদী চৰকাৰে ক’ৰ’না মহাসংকটৰ মোকাবিলা কৰিবলৈ কোনো প্ৰস্তুতি-পৰিকল্পনা অবিহনে ল’কডাউন ঘোষণা কৰিছিল, এই ল’কডাউনৰ সুযোগ ব্যৱহাৰ কৰি চৰকাৰে ইয়াৰ সমালোচক আৰু ‘কা’-বিৰোধী আন্দোলনৰ লগত জড়িত সকলোৰে ওপৰত প্ৰতিশোধ লোৱাৰ পৰিকল্পনা আৰু প্ৰস্তুতি ঠিকমতেই কৰিছে। এই প্ৰতিশোধৰ ৰাজনীতিয়ে ভাৰতক একনায়কত্ববাদৰ পিনে আৰু দুখোজ আগুৱাই লৈ গৈছে। অৰ্থাৎ, ক’ৰ’নাই দেশৰ স্বাস্থ্যখণ্ডলৈ সংকট লৈ অহাৰ লগতে অৰ্থনৈতিক আৰু ৰাজনৈতিক সংকটৰো সৃষ্টি কৰিছে। এই সংকটৰ পৰা দেশক উদ্ধাৰ কৰিবলৈ হ’লে দেশৰ সচেতন মহলে চৰকাৰক জবাবদিহি কৰিব লাগিব, চৰকাৰৰ কাম-কাজত চোকা দৃষ্টি ৰাখিব লাগিব। সাম্প্ৰতিক সময়ত দেশৰ সচেতন নাগৰিকসকল তথাকথিত অৰাজনৈতিক ব্যক্তি হৈ থাকি মৌন হৈ থাকিলে দেশে ইয়াৰ পৰিণাম ভূগিব লাগিব আৰু এই পৰিণাম মহা ভয়ংকৰ হ’ব।

Apply Now

সাম্প্ৰদায়িক শক্তিয়ে দেশৰ শাসনত বহাৰ পাছৰে পৰা প্ৰচাৰ মাধ্যমত প্ৰায় দুই-তিনি সপ্তাহৰ মূৰে মূৰে হিন্দু-মুছলমানকেন্দ্ৰিক ইছ্যুৱে পানী ঘোলা কৰি আহিছে৷ অসমতো আজিকালি একেই ছবি দেখিবলৈ পোৱা যায়৷ অসমৰ হাজোত সংঘটিত সনাতন ডেকা নামৰ পাচলি ব্যৱসায়ীগৰাকীৰ হত্যাকাণ্ডই সম্প্ৰতি অসমৰ মিডিয়া আৰু সামাজিক মাধ্যমত বিশেষ চৰ্চা লাভ কৰিছে কিয়নো অভিযুক্ত হত্যাকাৰীকেইজন বিশেষ এটা সম্প্ৰদায়ৰ৷ একে সময়তে চাবুৱাত দোকানী এগৰাকীকো একেদৰে হত্যা কৰা হৈছে, অৱশ্যে এই ঘটনাৰ লগত জড়িত অপৰাধীকেইজন বিশেষ সম্প্ৰদায় এটাৰ নহয়৷ সেয়ে চাবুৱাৰ হত্যাকাণ্ডকলৈ বিশেষ এটা মহল উদ্বিগ্ন হৈ পৰা নাই৷ আমি সনাতন ডেকাৰ লগতে চাবুৱাৰ দোকানীগৰাকীৰ ন্যায়ৰ পক্ষে থিয় দিছো৷ লগতে চিৰাঙত আৰক্ষীৰ হাতত প্ৰহৃত হোৱা চিকিৎসকৰ ঘটনাটোৰো ন্যায় বিচাৰিছো৷

হাজো বা চাবুৱাত সংঘটিত হত্যাকাণ্ডই মানুহৰ মন-মগজু জোকাৰি দিছে৷ এই হত্যাকাণ্ডৰ বিচাৰ হ’ব লাগিব, হত্যাশাৰীয়ে শাস্তি পাব লাগিব আৰু তাৰ বাবে ভীৰ হিংসা (mob lynching)ৰ লগত জড়িৰ অপৰাধৰ বাবে বিশেষ আইন তৈয়াৰ কৰিব লাগিব৷ কিন্তু এনে হত্যাকাণ্ডক সাম্প্ৰদায়িক ৰং সানি সমাজত উত্তেজনা বিয়পাব খুজিলে পুনৰ এবাৰ মানৱীয় সমাজ এখনৰ হত্যা হ’ব৷ সেয়ে সাম্প্ৰদায়িকতাৰ বিৰোধিতা কৰাটোও জৰুৰী৷ আনহাতে, আপোনাৰ চকুৰ সন্মুখত অন্যায় বা হত্যাকাণ্ড সংঘটিত হৈ থাকিলে আপুনি নিৰপেক্ষ হৈ, মানে মৌন দৰ্শক হৈ থকাটো উচিত নহয়৷ আপুনি নিৰপেক্ষ হৈ থকা মানে অন্যায়ৰ সমৰ্থন কৰা, হত্যাৰ সমৰ্থন কৰা৷ অন্যায়ৰ বিৰুদ্ধে থিয় দিয়ক, ন্যায়ৰ পক্ষ লওক৷

দিনে দিনে মানুহ কি অমানুহ হৈ গৈছে ? কথাবোৰ ভাবিলেচোন হতাশা বাঢ়ি যায়৷ ভীৰ হিংসা যি সমাজত সাধাৰণ ঘটনা হৈ যায়, সেই সমাজ মানুহৰ সমাজ হৈ নাথাকে৷ যি দেখিছো, মানুহ ইতিমধ্যে এটা বিপন্নপ্ৰায় প্ৰাণীত পৰিণত হৈছে৷ এই পৃথিৱীত মানুহৰ সংৰক্ষণ জৰুৰী হৈ পৰিছে৷

কৌশিক তালুকদাৰ, জাৰ্মানী

কৌশিক তালুকদাৰ, জাৰ্মানী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অঘটনৰ আৰম্ভণি! শিশু কেপ ভাৰ্ডেৰ ‘বুঢ়া’ গ’লৰক্ষকে কৰিলে বিমুখ; ইয়ামালক নমাইও ব্যৰ্থ স্পেইন

অঘটনৰ আৰম্ভণি! শিশু কেপ ভাৰ্ডেৰ ‘বুঢ়া’ গ’লৰক্ষকে কৰিলে বিমুখ; ইয়ামালক নমাইও ব্যৰ্থ স্পেইন

June 16, 2026 8:09 am
ফুটবলত ক্ৰিকেটৰ প্ৰযুক্তি! ‘স্নিক’মিটাৰ’ৰ সহায়ত বিশ্বকাপত চুইডেনক গ’ল প্ৰদান ৰেফাৰীৰ

ফুটবলত ক্ৰিকেটৰ প্ৰযুক্তি! ‘স্নিক’মিটাৰ’ৰ সহায়ত বিশ্বকাপত চুইডেনক গ’ল প্ৰদান ৰেফাৰীৰ

June 16, 2026 7:22 am
ব্ৰিটিছ ঐতিহ্যক বিদায় জনাই ভাৰতীয় সেনা জোৱানসকলৰ বাবে জাৰি কৰা হ’ল নতুন পোছাকৰ নিৰ্দেশনা

ব্ৰিটিছ ঐতিহ্যক বিদায় জনাই ভাৰতীয় সেনা জোৱানসকলৰ বাবে জাৰি কৰা হ’ল নতুন পোছাকৰ নিৰ্দেশনা

June 15, 2026 9:46 pm
“হিন্দু ধৰ্মৰো পঞ্জীয়ন হোৱা নাই!” প্ৰিয়ংক খৰ্গেৰ দাবীক ‘ৰাজনৈতিক চমক’ আখ্যা আৰ এছ এছ প্ৰধান মোহন ভাগৱতৰ

“হিন্দু ধৰ্মৰো পঞ্জীয়ন হোৱা নাই!” প্ৰিয়ংক খৰ্গেৰ দাবীক ‘ৰাজনৈতিক চমক’ আখ্যা আৰ এছ এছ প্ৰধান মোহন ভাগৱতৰ

June 15, 2026 9:39 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অঘটনৰ আৰম্ভণি! শিশু কেপ ভাৰ্ডেৰ ‘বুঢ়া’ গ’লৰক্ষকে কৰিলে বিমুখ; ইয়ামালক নমাইও ব্যৰ্থ স্পেইন

অঘটনৰ আৰম্ভণি! শিশু কেপ ভাৰ্ডেৰ ‘বুঢ়া’ গ’লৰক্ষকে কৰিলে বিমুখ; ইয়ামালক নমাইও ব্যৰ্থ স্পেইন

June 16, 2026 8:09 am
ফুটবলত ক্ৰিকেটৰ প্ৰযুক্তি! ‘স্নিক’মিটাৰ’ৰ সহায়ত বিশ্বকাপত চুইডেনক গ’ল প্ৰদান ৰেফাৰীৰ

ফুটবলত ক্ৰিকেটৰ প্ৰযুক্তি! ‘স্নিক’মিটাৰ’ৰ সহায়ত বিশ্বকাপত চুইডেনক গ’ল প্ৰদান ৰেফাৰীৰ

June 16, 2026 7:22 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd