কয়লা মাফিয়াৰে সংবাদ মাধ্যম, আৰক্ষী আৰু কংগ্ৰেছী নেত্ৰীৰ সঁচাকৈয়ে আছে নেকি সংযোগ?

সংবাদ মাধ্যম আৰু কয়লা মাফিয়া: চিবিআই নাইবা ইডিৰ তদন্ত বিচাৰি প্ৰধান মন্ত্ৰীলৈ পত্ৰ বিশ্বজিত নাথৰ

Biswajit Nath

২০২১ৰ বিধানসভা নিৰ্বাচনলৈ কেইটামান দিন বাকী থকাৰ মুহূৰ্ততে হোৱেটছএপৰ জৰিয়তে ভাইৰেল হৈছিল এখন ‘গোপনীয়’ পত্ৰ। যি পত্ৰত স্পষ্ট হৈ পৰিছিল কয়লা মাফিয়াৰে সংবাদ মাধ্যম, আৰক্ষী আৰু কংগ্ৰেছী নেত্ৰীৰ সংযোগ।

এক পৃষ্ঠাৰ ধন বিতৰণৰ এখন মিডিয়া পেমেন্ট নামৰ এখন ‘গোপন তালিকা’ত অসমৰ কেইবাটাও ব্যক্তিগত সংবাদ প্ৰতিষ্ঠানে কয়লা কঢ়িওৱা ট্ৰাকৰ মালিকৰ পৰা কোটি-কোটি টকাৰ লেন-দেন কৰা বুলি উল্লেখ আছিল।

এই পত্ৰ ভাইৰেল হোৱাৰ পাছত শুকুৰবাৰে অৰ্থাৎ ১৩ নৱেম্বৰৰ দিনা প্ৰধান মন্ত্ৰীলৈ চিঠি লিখি ইয়াৰ এক উচিত তদন্ত দাবী কৰে গুৱাহাটীৰ এগৰাকী সাংবাদিক বিশ্বজিৎ নাথে।

‘পত্ৰখন হোৱেটছএপ নাইবা ছ’চিয়েল মেডিয়াত ভাইৰেল হোৱাৰ পাছত বা দুটাকৈ সংবাদ প্ৰতিষ্ঠানত বাতৰি প্ৰকাশ পোৱাৰ পাছত পত্ৰখনত নাম উল্লেখ থকা সংবাদ প্ৰতিষ্ঠানে তেওঁলোকৰ স্থিতি স্পষ্ট কৰিব লাগিছিল। কিন্তু কোনো সংবাদ মাধ্যমে নিজৰ স্থিতি স্পষ্ট নকৰিলে।‘ বিশ্বজিৎ নাথে আমাৰ সাংবাদিকৰ আগত কয়।

অৱশ্যে, গুৱাহাটী প্ৰেছ ক্লাৱৰ সভাপতি মনোজ কুমাৰ নাথে স্পষ্টীকৰণ দিছিল বুলি তেওঁ উল্লেখ কৰে।

তেওঁ আৰু কয় ‘সমগ্ৰ বিষয়টো এতিয়া সন্দেহজনক হৈ পৰিছে। খবৰ পোৱা অনুৰি মেঘালয়ৰ লিন্দা নামৰ কংগ্ৰেছ নেত্ৰী এগৰাকীৰো নাম আছে। ৰাজনৈতিক নেতা, সংবাদ মাধ্যম আৰু কয়লা মাফিয়াৰ নেক্সাছটো কি সেয়া জনাটো খুবেই প্ৰয়োজন।’

সেয়েহে প্ৰধানমন্ত্ৰীলৈ চিঠি লিখি চিবিআই, ইডি বা নিয়া ইত্যাদি তদন্তকাৰী সংস্থাৰ জৰিয়তে এক উচিত তদন্ত কৰিব লাগে বুলি দাবী জনোৱাৰ কথা আমাৰ সাংবাদিকৰ আগত কয়।

‘অসমত এতিয়াও ১ শতাংশও দুৰ্নীতিৰ লগত জড়িত নথকা বহু সাংবাদিক আছে। তেওঁলোকৰ লগতে সংবাদ সম্প্ৰদায়ৰ ওপৰত কালিমা সানিছে।‘ এইদৰে কয় নাথে।

উল্লেখযোগ্য যে, ‘গোপনীয়’ পত্ৰখন  ভাইৰেল হোৱাৰ পাছত Organizer.org এ বাতৰি প্ৰকাশ কৰিছিল।

লগতে পঢ়ক : কয়লা ট্ৰাকৰ মালিকৰ পৰা কোটি কোটি টকা লাভ কৰে অসমৰ একাংশ কাকত আৰু টিভি চেনেলে : আৰএছএছৰ স্বীকৃত সাপ্তাহিকৰ চাঞ্চল্যকৰ দাবী

“সামাজিক মাধ্যমত এই তালিকাখন প্ৰকাশ পোৱাৰ লগে লগে অসমৰ একাংশ সংবাদ প্ৰ্ৰতিষ্ঠান আৰু লোকে লাখ লাখ টকা সংগ্ৰহ কৰি অহাৰ তথ্য পোহৰলৈ আহিছে।” Organizer.orgৰ প্ৰতিবেদনখনত এইদৰে কোৱা হৈছিল।

উল্লেখ্য যে Organizer.org  হৈছে এখন ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ স্বীকৃত এখন সাপ্তাহিক কাকত যিখন ১৯৪৭ চনৰ পৰাই অবিৰতভাৱে প্ৰকাশ হৈ আহিছে।

দেশৰ সংবাদ জগতৰ প্ৰসিদ্ধ সাংবাদিক এ কে নায়াৰ, কে আৰ মালকণি, এল কে আদৱানি, ভি পি ভাটিয়া, চেছাদ্ৰী চাৰী আৰু আৰ বালাকৃষ্ণে সম্পাদনা কৰি অহা Organizer.orgত প্ৰকাশিত প্ৰতিবেদনখনত কোৱা হৈছে যে অসমৰ শিলচৰ আৰু গুৱহাটীস্থিত সংবাদ প্ৰতিষ্ঠানে কয়লা কঢ়িওৱা ট্ৰাকৰ মালিকসকলৰ পৰা অবৈধভাৱে ধন সংগ্ৰহ কৰি আহিছে।

ইফালে এই সংক্ৰান্তত জাৰ্নেলিষ্ট ফ’ৰাম আছাম(JFA)এ বিষয়টোক গভীৰভাৱে গ্ৰহণ কৰি এনেদৰে ধন সংগ্ৰহ কৰা ‘মিডিয়া পেমেন্ট তালিকা’ত নাম উল্লেখ থকা সংবাদ প্ৰতিষ্ঠানকেইটাক স্পষ্টীকৰণ প্ৰকাশ কৰিবলৈ আহ্বান জনাইছিল।

তদুপৰি, এই ‘গোপনীয় পত্ৰ’ ভাইৰেল হোৱাৰ পাছত এক বিবৃতিৰ যোগে মনোজ নাথে এই তালিকা ভিত্তিহীন, অসত্য আৰু অপৰীক্ষিত বুলি দাবী কৰিছিল। তেওঁক বাদ কৰি পত্ৰখনত নাম উল্লেখ থকা কোনো এগৰাকী লোকেও স্পষ্টীকৰণ দিয়া নাছিল।