২০২১ চনৰ বিধান সভাৰ নিৰ্বাচনলৈ ৰাজনৈতিক দলবোৰে টঙালি বন্ধাৰ সময়তে সামাজিক মাধ্যমত ভাইৰেল হোৱা এক পৃষ্ঠাৰ ধন বিতৰণৰ এখন মিডিয়া পেমেন্ট নামৰ এখন ‘গোপন তালিকা’ই সংবাদ মাধ্যমত চাঞ্চল্যৰ সৃষ্টি কৰিছে।
প্ৰকাশ পোৱা এই তালিকাখনৰ পৰা পোহৰলৈ আহিছে কিছু ভয়ংকৰ আৰু চাঞ্চল্যকৰ তথ্য।
তালিকাখনৰ মতে কয়লা কঢ়িওৱা ট্ৰাক মালিকৰ পৰা অসমৰ কেবাটাও ছপা আৰু বৈদ্যুতিন সংবাদ প্ৰতিষ্ঠানে(টিভি চেনেল) কোটি কোটি টকা অবৈধভাৱে সংগ্ৰহ কৰি অহাৰ অতি গোপনীয় তথ্য প্ৰকাশ পাইছে।
Organizer.orgএ শনিবাৰে প্ৰকাশ কৰা গুৱাহাটী প্ৰেছ ক্লাৱৰ পূৰ্ব সম্পাদক বৰ্তমানৰ ফ্ৰীলান্স সাংবাদিক এন জে ঠাকুৰীয়াৰ প্ৰতিবেদনখনৰ সৈতে এই ‘মিডিয়া পেমেন্ট’ নামৰ গোপন তালিকা’খন প্ৰকাশ কৰি লিখিছে, “অবৈধ ধন সংগ্ৰহৰ এই তালিকা প্ৰকাশ পোৱাৰ পিছত অসমত ধুমুহা ব’ব।”
“সামাজিক মাধ্যমত এই তালিকাখন প্ৰকাশ পোৱাৰ লগে লগে অসমৰ একাংশ সংবাদ প্ৰ্ৰতিষ্ঠান আৰু লোকে লাখ লাখ টকা সংগ্ৰহ কৰি অহাৰ তথ্য পোহৰলৈ আহিছে।” Organizer.orgৰ প্ৰতিবেদনখনত এইদৰে কোৱা হৈছে।
উল্লেখ্য যে Organizer.org হৈছে এখন ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ স্বীকৃত এখন সাপ্তাহিক কাকত যিখন ১৯৪৭ চনৰ পৰাই অবিৰতভাৱে প্ৰকাশ হৈ আহিছে।
দেশৰ সংবাদ জগতৰ প্ৰসিদ্ধ সাংবাদিক এ কে নায়াৰ, কে আৰ মালকণি, এল কে আদৱানি, ভি পি ভাটিয়া, চেছাদ্ৰী চাৰী আৰু আৰ বালাকৃষ্ণে সম্পাদনা কৰি অহা Organizer.orgত প্ৰকাশিত প্ৰতিবেদনখনত কোৱা হৈছে যে অসমৰ শিলচৰ আৰু গুৱহাটীস্থিত সংবাদ প্ৰতিষ্ঠানে কয়লা কঢ়িওৱা ট্ৰাকৰ মালিকসকলৰ পৰা অবৈধভাৱে ধন সংগ্ৰহ কৰি আহিছে।
অৱশ্যে Organizer.orgৰ প্ৰতিবেদনখনত এই ‘মিডিয়া পেমেন্ট তালিকা’ৰ উৎসৰ লগতে অভিযুক্ত সংবাদ প্ৰতিষ্ঠানকেইটাৰ মতামত প্ৰকাশ কৰা নাই।
ইফালে চলিত মাহৰ ২১ অক্টোবৰত এই ‘মিডিয়া পেমেন্ট তালিকা’খন প্ৰস্তুত কৰা হৈছিল বুলি দাবী কৰি প্ৰতিবেদনখন কোৱা হৈছে যে এই তালিকাত কেৱল ছেপ্টম্বৰ আৰু অক্টোবৰ মাহত সংবাদ প্ৰতিষ্ঠাকেইটাই সংগ্ৰহ কৰা ধনৰ পৰিমাণহে সন্নিৱিষ্ট কৰা হৈছে।
বাতৰি কাকত আৰু টেলিভিছন চেনেলৰ উপৰিও এটা প্ৰেছ এছ’চিয়েচনকো কয়লা কঢ়িওৱা ট্ৰাক মালিকসকলে মাহিলি হিচাপত ধন প্ৰদান কৰি অহাৰ অভিযোগ উত্থাপন হৈছে।
Organizer.orgৰ প্ৰতিবেদনখনত ‘মিডিয়া প্ৰেমেন্ট তালিকা’খনৰ তথ্য ভিত্তিত এটা টিভি চেনেলক ১.০৩ কোটি টকা আদায় দিয়া বুলিও দাবী কৰা হৈছে।
ইফালে গুৱাহাটী প্ৰেছ ক্লাৱৰ এজন জ্যেষ্ঠ কৰ্মকৰ্তাই কয়লা ট্ৰাক মালিকৰ পৰা ৫ লাখ টকা আদায় লোৱা বুলি কোৱা হৈছে।
প্ৰতিবেদনখনৰ মতে এই তালিকাত অসমৰ কাকত আৰু টিভি চেনেলৰ লগতে অসম আৰক্ষী আৰু মেঘালয় আৰক্ষীৰ নামো উল্লেখ আছে।
ইফালে এই সংক্ৰান্তত জাৰ্নেলিষ্ট ফ’ৰাম আছাম(JFA)এ বিষয়টোক গভীৰভাৱে গ্ৰহণ কৰি এনেদৰে ধন সংগ্ৰহ কৰা ‘মিডিয়া পেমেন্ট তালিকা’ত নাম উল্লেখ থকা সংবাদ প্ৰতিষ্ঠানকেইটাক স্পষ্টীকৰণ প্ৰকাশ কৰিবলৈ আহ্বান জনাইছে।
আনহাতে এজন জ্যেষ্ঠ কৰ্মকৰ্তাৰ নাম সাঙুৰ খাই পৰা গুৱাহাটী প্ৰেছ ক্লাৱৰ সভাপতি মনোজ নাথে এই সংক্ৰান্তত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।
এক বিবৃতিৰ যোগে মনোজ নাথে এই তালিকা ভিত্তিহীন, অসত্য আৰু অপৰীক্ষিত বুলি দাবী কৰিছে।
তেওঁ কোনো কয়লা ব্যৱসায় সৈতে জড়িত নহয় বুলি মন্তব্য কৰি ৫ লাখ টকাটো বাদেই এটকাৰো লেন দেন নাই বুলি বিবৃতিটোত দাবী কৰিছে।
“দীৰ্ঘদিন ধৰি সততা আৰু নৈতিক দায়ৱদ্ধতাৰে সাংবাদিকতা কৰি আহিছো আৰু সাংবাদিকৰ স্বাৰ্থত মাত মাতি আহিছো।” এইদৰে উল্লেখ কৰি নাথে প্ৰয়োজন সাপেক্ষে এইক্ষেত্ৰত আইনী ব্যৱস্থাৰ সহায় লোৱা হ’ব বুলিও মন্তব্য কৰিছে।
এই প্ৰতিবেদন প্ৰস্তুত কৰালৈকে ‘মিডিয়া পেমেন্ট গোপন তালিকা’ত নাম উল্লেখ থকা কোনো সংবাদ প্ৰতিষ্ঠানে আনুষ্ঠানিকভাৱে স্পষ্টীকৰণ প্ৰকাশ কৰা নাই।