ক’ৰ’ণা কালত শেৱালি ফুলেৰে কৰো আহক ৰোগ প্ৰতিৰোধ, জানি থওঁক ৰোগ ভেদে ব্যৱহাৰ বিধি

PARIJAT-

 এতিয়া শৰতৰ বতৰ। শাৰদী ৰাণীৰ পৰশ পাই প্ৰকৃতি জগতত ফুলি উঠিছে আমাৰ চিৰ পৰিচিত শেৱালি ফুল।

পুৱাই  যেতিয়া দুৱৰীৰ দলিচাত শেৱালি সৰি থকাৰ দৃশ্য দেখা যায় তেতিয়াই মনটো ভৰি পৰে বুজাব নোৱাৰা আনন্দৰে।

জন্মগত ভাবেই মানুহ প্ৰকৃতিৰ দাস।

প্ৰকৃতিয়েই আমাক সুৰক্ষা দি আহিছে বিভিন্ন ৰোগৰ পৰা ।শৰতৰ ফুল শেৱালিয়েও আমাক এই ক’ৰ’ণাকালত মহামাৰীৰ বিৰুদ্ধে যুঁজ দিয়াত সহায় কৰিব পাৰে।

মাথো আমি হেলা নকৰি এই ফুলপাহৰ গুণ খিনি গ্ৰহণ কৰিলেই হ’ল।

শেৱালি ফুলে মানুহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। এয়া নতুনকৈ কবলগীয়া কথা নহয়।চৰ্দি,কাহ,জ্বৰ আদি প্ৰতিৰোধ কৰাত শেৱালিৰ গুণ অপৰিসীম।আহক চাওঁ কেনে ৰোগত কেনে দৰে ব্যৱহাৰ কৰিব পাৰি শেৱালি ফুল।