অসমৰ বানাক্ৰান্তৰ বাবে নয়ডাত ‘মেডিচিন বেংক’ স্থাপন

Medicine-Bank-750x375

বানে জুৰুলা কৰা অসমৰ বাবে এটা সুখবৰ আহিছে সুদূৰ নয়ডাৰ পৰা। নয়ডাত অসমৰ বানাক্ৰান্তৰ বাবে স্থাপন কৰা হৈছে এটা দৰৱৰ ভাণ্ডাৰ অৰ্থাৎ ‘মেডিচিন বেংক’।

এই ‘মেডিচিন বেংক’ৰ নেপথ্যত থকা ব্যক্তি গৰাকী হৈছে অসমৰ মৰিগাঁও জিলাৰ ডাঃপ্ৰণৱ জে পাটৰ।

সম্প্ৰতি দিল্লীৰ গ্ল’ৱেল ফাউণ্ডেছন ফৰ এডভান্সমেণ্ট অৱ এনভাইৰণমেণ্ট এণ্ড হিউমেন ৱেলনেছ নামৰ সংস্থাটোৰ মুখ্য কাৰ্যবাহীৰ দায়িত্বত  থকা পাটৰে নয়ডাৰ ৰুটি বেংকৰ আৰ্হিত অসমৰ বানাক্ৰান্তৰ বাবে দৰৱৰ এই ভাণ্ডাৰ মুকলি কৰিছে।

নয়ডাৰ ৰুটি বেংকে লকডাউনৰ সময়ত প্ৰায় ৩.৫ লাখ লোকক ৫৭ দিনৰ ভিতৰত ১৮ লাখ ৰুটি বিনামূলীয়াকৈ যোগান ধৰিছিল।

সেই আৰ্হিতে পাটৰে ‘মেডিচিন বেংক’টো স্থাপন কৰিছে।

তেওঁক এই কামত সহায় কৰিছে আশীষ পোদ্দাৰ,গিৰিৰাজ বাহেডিয়া,ব্ৰজেন কুমাৰ শৰ্মা আদি ব্যক্তি সকলে।

মৰিগাওঁ জিলাৰ বানাক্ৰান্তৰ বাবে জ্বৰ,ডায়েৰিয়াকে ধৰি আন বহু ৰোগৰ দৰৱ ইতিমধ্যে সাজু কৰা হৈছে।

বানাক্ৰান্তৰ মাজত সেই দৰৱ বিনামূলীয়কৈ বিতৰণ কৰা হ’ব বুলি পাটৰে জানিবলৈ দিছে।

এই মহান কামত তেওঁক সহযোগিতা আগবঢ়াইছে ৰেডক্ৰছৰ মৰিগাওঁ জিলা শাখাই। মৰিগাওঁত ৰেডক্ৰছৰ কৰ্মকৰ্তা ডাঃ পুনিৰাম পাটৰ আৰু পৰমানন্দ গোস্বামীয়ে এই অভিযান সফল কৰাত সহায় কৰি আহিছে।