NORTHEAST NOW (Assamese)

ৰাজ্যসভা নিৰ্বাচনৰ পূৰ্বে বিপদত কংগ্ৰেছ : মনোনয়ন বাতিলৰ পিছত উচ্চতম ন্যায়ালয়ৰ কাষ চাপিল মীনাক্ষী নটৰাজন

June 11, 2026 12:59 pm · এন ই নাও নিউজ, গুৱাহাটী

ৰাজ্যসভা নিৰ্বাচনৰ কংগ্ৰেছ প্ৰাৰ্থী মীনাক্ষী নটৰাজনৰ মনোনয়ন পত্ৰ বাতিল কৰা হৈছে। এই ঘটনাক লৈ কংগ্ৰেছৰ বহু নেতাই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে। এতিয়া মীনাক্ষী নটৰাজনে নিজেই ন্যায় বিচাৰি উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছে।

যোৱা মঙলবাৰে কংগ্ৰেছ প্ৰাৰ্থীগৰাকীৰ মনোনয়ন বাতিল হোৱাৰ পিছতেই ৰাষ্ট্ৰীয় নিৰ্বাচন আয়োগৰ কাৰ্যালয়ৰ বাহিৰত কে চি বেণুগোপাল, শচীন পাইলট আৰু দীপা দাসমুন্সীৰ দৰে জ্যেষ্ঠ নেতাসকলে প্ৰতিবাদ সাব্যস্ত কৰে।

অহা ১৮ জুনত মধ্যপ্ৰদেশৰ তিনিখন আসনৰ বাবে ৰাজ্যসভাৰ নিৰ্বাচন অনুষ্ঠিত হ‘ব। তাৰ পূৰ্বেই কংগ্ৰেছ দলটোৱে এই ডাঙৰ ধাক্কা খাইছে। যোৱা ৯ জুনত নিৰ্বাচন আয়োগে মীনাক্ষীৰ মনোনয়ন পত্ৰ বাতিল কৰিছিল। অভিযোগ অনুসৰি, তেলেংগানাত তেওঁৰ বিৰুদ্ধে ৰুজু হোৱা এটা গোচৰৰ তথ্য তেওঁ মনোনয়ন পত্ৰত উল্লেখ কৰা নাছিল।

এই গোচৰটো ২০২২ চনৰ। এ শ্ৰীলতা নামৰ এগৰাকী প্ৰাক্তন কৰ্পৰেট বিষয়াই তেলেংগানাৰ কংগ্ৰেছ নেতা কুম্ভম শিৱকুমাৰ ৰেড্ডীৰ বিৰুদ্ধে নিৰ্যাতনৰ গোচৰ তৰিছিল। পিছলৈ এই গোচৰটো খাৰিজ হৈছিল যদিও ২০২৫ চনত মেজিষ্ট্ৰেট আদালতত শ্ৰীলতাই এখন আৱেদন দাখিল কৰে। তাত চতুৰ্থ অভিযুক্ত হিচাপে মীনাক্ষীৰ নাম আছিল। শ্ৰীলতাৰ অভিযোগ আছিল যে ৰেড্ডীৰ বিৰুদ্ধে অভিযোগ দিয়াৰ পিছতো তেলেংগানাৰ দায়িত্বত থকা নেত্ৰী মীনাক্ষীয়ে কোনো কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা নাছিল।

আনহাতে, কংগ্ৰেছ নেতাসকলৰ দাবী যে এই অভিযোগৰ ভিত্তিত আদালতে দিয়া জাননীৰ উত্তৰ মীনাক্ষীয়ে ইতিমধ্যে দিছিল। তাৰ পিছতো কিয় মনোনয়ন পত্ৰ বাতিল কৰা হ’ল, তাক লৈ কংগ্ৰেছ দলে গভীৰ ষড়যন্ত্ৰৰ সন্দেহ কৰিছে। ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিতভাৱে এই মনোনয়ন পত্ৰ বাতিল কৰা হৈছে বুলি তেওঁলোকে অভিযোগ কৰিছে।

মনোনয়ন পত্ৰ বাতিল হোৱাৰ লগে লগে জৰুৰী শুনানিৰ বাবে উচ্চতম ন্যায়ালয়ত আৱেদন জনোৱা হৈছে। আজি বৃহস্পতিবাৰে উচ্চতম ন্যায়ালয়ত এই বিষয়টোৰ শুনানি হোৱাৰ কথা আছে। ৰিটাৰ্নিং অফিচাৰগৰাকীয়ে ইচ্ছাকৃতভাৱে এই মনোনয়ন পত্ৰ বাতিল কৰা বুলি অভিযোগ উত্থাপন কৰা হৈছে।

Related News