• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশলৈ বুঢ়া আঙুলি! কাজিৰঙা-কাৰ্বি আংলং বন্যপ্ৰাণী কৰিডৰত চলিছে অবাধ লুণ্ঠন আৰু নিৰ্মাণকাৰ্য

এন ই নাও নিউজ, গুাৱাহাটী by এন ই নাও নিউজ, গুাৱাহাটী
June 11, 2026 12:58 pm
171
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ প্ৰকল্পৰ দাঁতিকাষৰীয়া অঞ্চলত অব্যাহত থকা বেদখল, বৰ্ধিত জনবসতি আৰু ঔদ্যোগিক কাৰ্যকলাপে বন্যপ্ৰাণীৰ বিচৰণৰ ক্ষেত্ৰত তীব্ৰ ভাবুকিৰ সৃষ্টি কৰিছে। কাজিৰঙা আৰু কাৰ্বি আংলং বনাঞ্চলক সংযোগ কৰা অতি গুৰুত্বপূৰ্ণ বন্যপ্ৰাণী কৰিডৰসমূহত চলি থকা এই ধ্বংসলীলা প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ, বন বিভাগ আৰু ৰাজ্য চৰকাৰৰ নিৰ্বিকাৰ স্থিতিৰ ফলত কাজিৰঙাৰ দীৰ্ঘম্যাদী সংৰক্ষণৰ লক্ষ্যক লৈ এতিয়া প্ৰশ্ন উত্থাপিত হৈছে।

কাজিৰঙাৰ দক্ষিণ সীমান্ত আৰু কাৰ্বি আংলং পাহাৰৰ পৰা নিৰ্গত হৈ ৰাষ্ট্ৰীয় উদ্যানখনলৈ বৈ যোৱা নদী আৰু জান-জুৰিৰ আৱাহিকা অঞ্চলত সকলো ধৰণৰ খনন কাৰ্য নিষিদ্ধ কৰি উচ্চতম ন্যায়ালয়ে কঠোৰ নিৰ্দেশনা জাৰি কৰিছিল। শীৰ্ষ ন্যায়ালয়খনে ৰাজ্য চৰকাৰক নটা চিহ্নিত বন্যপ্ৰাণী কৰিডৰৰ অন্তৰ্গত ব্যক্তিগত ভূমিতো কোনো ধৰণৰ নতুন নিৰ্মাণকাৰ্যৰ অনুমতি নিদিবলৈ নিৰ্দেশ দিছিল। ইয়াৰ উপৰিও, অসম আৰক্ষীৰ সঞ্চালক প্ৰধান আৰু কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদকো এই জলস্ৰোতসমূহৰ আৱাহিকা অঞ্চলত যাতে কোনো খনন কাৰ্য নচলে, সেয়া নিশ্চিত কৰিবলৈ দায়িত্ব অৰ্পণ কৰা হৈছিল। কিন্তু এই কঠোৰ নিৰ্দেশনাৰ পাছতো পৰিস্থিতিৰ কোনো আশাপ্ৰদ পৰিৱৰ্তন ঘটা নাই।

Apply Now

দি আছাম ট্ৰিবিউন’ত প্ৰকাশিত এক শেহতীয়া প্ৰতিবেদন অনুসৰি,শিঙিজুৰি জলপথৰ সমীপত মাটি পেলোৱা কাৰ্য, পানবাৰী আৰু হালধিবাৰী কৰিডৰত নিৰ্মাণকাৰ্যৰ লগতে ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত আৰু কাৰ্বি আংলং বনাঞ্চলৰ ভিতৰলৈকে ব্যাপক হাৰত ভূমিৰ ব্যৱহাৰৰ পৰিৱৰ্তন কৰা হৈছে। কাৰ্বি আংলং দিশত খনন কাৰ্যও অব্যাহত থকাৰ প্ৰত্যক্ষ প্ৰমাণ পোৱা গৈছে। এই সন্দৰ্ভত প্ৰতিক্ৰিয়া বিচাৰিলে একাংশ বিষয়াই কোনো ধৰণৰ মন্তব্য কৰাৰ পৰা বিৰত থাকে। অৱশ্যে, এগৰাকী শীৰ্ষ বিষয়াই জনোৱা মতে, দুখনমান কৰিডৰত কিছু অসুবিধাৰ সৃষ্টি হৈছে আৰু তেওঁলোকে বিষয়টো পৰ্যবেক্ষণ কৰি আছে। যিহেতু বনাঞ্চলৰ বাহিৰৰ ভূমিত থকা কৰিডৰসমূহৰ কোনো আইনী বৈধতা নাই, সেয়েহে কেতিয়াবা এনে অনাকাংক্ষিত কাৰ্যকলাপ ৰোধ কৰাটো কঠিন হৈ পৰে বুলি তেওঁ মন্তব্য কৰে।

একেগৰাকী বিষয়াই লগতে স্বীকাৰ কৰে যে কাৰ্বি আংলঙৰ দিশত থকা আৱাসস্থলৰ ব্যাপক পৰিৱৰ্তন ঘটিছে আৰু কাজিৰঙাৰ দক্ষিণ সীমান্তত থকা উত্তৰ কাৰ্বি আংলং বন্যপ্ৰাণী অভয়াৰণ্যৰ আৱাসস্থলৰো গুৰুতৰ অৱনতি ঘটিছে। তেওঁ লোকসকলক মাটি আৱণ্টন, খনন আৰু ঝুম খেতিৰ ফলতেই এই পৰিস্থিতিৰ সৃষ্টি হোৱা বুলি দাবী কৰে। কাজিৰঙা-কাৰ্বি আংলং প্ৰাকৃতিক পৰিৱেশৰ সৈতে পৰিচিত এগৰাকী প্ৰকৃতিপ্ৰেমীয়েও একেই উদ্বেগ প্ৰকাশ কৰি কয় যে কাৰ্বি আংলঙৰ দিশত ভূমিৰ ব্যৱহাৰৰ ব্যাপক পৰিৱৰ্তন হৈছে আৰু বনাঞ্চল ধ্বংস হোৱাৰ লগতে বিদ্যুৎ যোগানৰ তাঁৰ, বেৰ আদিৰ দৰে নিৰ্মাণকাৰ্যও বৃদ্ধি পাইছে। উল্লেখযোগ্য যে যোৱা ছেপ্টেম্বৰ মাহত উচ্চতম ন্যায়ালয় আৰু মাদ্ৰাজ উচ্চ ন্যায়ালয়ে নীলগিৰিৰ চেগুৰ হাতী কৰিডৰত নিৰ্মাণকাৰ্য সম্পূৰ্ণৰূপে নিষিদ্ধ কৰি কৰিডৰটোত বাধাৰ সৃষ্টি কৰা বহুসংখ্যক ৰিজৰ্ট ভাঙি পেলোৱাৰ নিৰ্দেশ দিছিল।

ইপিনে, উচ্চতম ন্যায়ালয়ৰ দ্বাৰা নিযুক্ত কেন্দ্ৰীয় ক্ষমতাপ্ৰাপ্ত সমিতিয়ে (চিইচি) কাজিৰঙাৰ এই ঘটনাক্ৰমক গুৰুত্বসহকাৰে লৈ অসম চৰকাৰ আৰু কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদক অবৈধ কাৰ্যকলাপ ৰোধ কৰিবলৈ কঠোৰ ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিছে। সমিতিৰ হস্তক্ষেপৰ পাছত কেইখনমান খনন লীজ নিলম্বন কৰা হৈছিল যদিও আজিও বহুতো প্ৰতিষ্ঠানে নিৰ্বিঘ্নে নিজৰ কাৰ্যকলাপ চলাই আছে। ২০২৫ চনৰ ২০ মাৰ্চত অসম চৰকাৰৰ পৰিৱেশ আৰু বন বিভাগৰ বিশেষ মুখ্য সচিবলৈ প্ৰেৰণ কৰা এখন পত্ৰত চিইচিয়ে স্পষ্ট কৰি দিয়ে যে যিহেতু খননৰ স্থানসমূহ খচৰা পৰিৱেশগতভাৱে স্পৰ্শকাতৰ অঞ্চলৰ ভিতৰত পৰে, সেয়েহে এই লীজসমূহ কেৱল নিলম্বন কৰাৰ পৰিৱৰ্তে বাতিল কৰা উচিত। লগতে শীৰ্ষ ন্যায়ালয়ৰ নিৰ্দেশনা মানি এই অঞ্চলসমূহত কোনো নতুন খনন লীজ প্ৰদান নকৰিবলৈকো নিৰ্দেশ দিয়া হয়। শেহতীয়াকৈ কাজিৰঙাৰ জৈৱ বৈচিত্ৰ্যলৈ ভাবুকি কঢ়িয়াই অনা অবৈধ কাৰ্যকলাপৰ বিৰুদ্ধে চিইচিৰ কাষ চপা পৰিৱেশ কৰ্মী ৰোহিত চৌধুৰীয়ে এক গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। তেওঁৰ অভিযোগ অনুসৰি, কাৰ্বি আংলঙৰ বিষয়াসকলে কাজিৰঙা আৰু কাৰ্বি আংলং পাহাৰ সংযোগী বিভিন্ন বন্যপ্ৰাণী কৰিডৰত আইনী কৰ্তৃত্ব অবিহনেই খননৰ অনুমতি প্ৰদান কৰিছে। ১৯৭২ চনৰ বন্যপ্ৰাণী সুৰক্ষা আইন আৰু উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা (W.P No. 460/2004) উলংঘা কৰি ৰাষ্ট্ৰীয় বন্যপ্ৰাণী পৰিষদৰ স্থায়ী সমিতিৰ পূৰ্বানুমতি অবিহনেই কাজিৰঙাৰ পৰিৱেশগতভাৱে স্পৰ্শকাতৰ অঞ্চলত এই খননৰ অনুমতি প্ৰদান কৰা হৈছে। সাম্প্ৰতিক সময়ত এই বিষয়টোৱে পৰিৱেশ সচেতন মহলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে আৰু ৰাজ্য চৰকাৰ তথা প্ৰশাসনে পৰৱৰ্তী সময়ত এই বন্যপ্ৰাণী কৰিডৰসমূহ সুৰক্ষিত কৰিবলৈ কেনেধৰণৰ কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰে, তালৈ সকলোৱে দৃষ্টি নিৱদ্ধ কৰিছে।

এন ই নাও নিউজ, গুাৱাহাটী

এন ই নাও নিউজ, গুাৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

July 4, 2026 7:38 pm
ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

July 4, 2026 7:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd