টিভি উপস্থাপকৰ পৰা মিজোৰামৰ কনিষ্ঠতম বিধায়কলৈ বৰ্ণিল যাত্ৰা বেৰিল ভান্নেইহছাংগীৰ

প্ৰাক্তন টিভি উপস্থাপক তথা ৰেডিঅ’ জকী (আৰ জে) বেৰিল ভান্নেইহছাংগী উত্তৰ-পূবৰ ৰাজ্য মিজোৰামৰ এতিয়ালৈকে কনিষ্ঠতম বিধায়ক হিচাপে পৰিগণিত হৈছে।

সদ্য সমাপ্ত মিজোৰাম বিধানসভা নিৰ্বাচনত আইজল দক্ষিণ-৩ সমষ্টিৰ পৰা ১৪১৪ টা ভোটত জয়লাভ কৰে ৩২ বছৰীয়া বেৰিল ভান্নেইহছাংগীয়ে।

তেওঁ ২০২৩ চনৰ মিজোৰাম বিধানসভা নিৰ্বাচনত জোৰাম পিপলছ মুভমেণ্টৰ টিকটত প্ৰতিদ্বন্দ্বিতা কৰিছিল।

সদ্য সমাপ্ত ২০২৩ চনৰ মিজোৰাম বিধানসভা নিৰ্বাচনত জেড পি এমে ৪০ খন আসনৰ ভিতৰত ২৭ খন আসনত জয়লাভ কৰি জোৰামথাংগা নেতৃত্বাধীন মিজো নেচনেল ফ্ৰণ্ট (এম এন এফ)ক ক্ষমতাৰ পৰা উৎখাত কৰে।

মিজোৰাম বিধানসভালৈ নিৰ্বাচিত হোৱা তিনিগৰাকী মহিলা প্ৰাৰ্থীৰ ভিতৰত বেৰিল ভান্নেইহছাংগী অন্যতম।

ইনষ্টাগ্ৰামত ২৫২হাজাৰতকৈ অধিক অনুসৰণকাৰীৰ সৈতে তেওঁ বহুলভাৱে জনপ্ৰিয়।

“মই মাত্ৰ সকলো মহিলাক ক’ব বিচাৰো যে আমাৰ লিংগই আমাক এনে কোনো কাম কৰিবলৈ বাধা নিদিয়ে যিটো আমি ভাল পাওঁ আৰু অনুসৰণ কৰিব বিচাৰো। আমি মনে বিচৰা কাম এটা কৰিবলৈ এইটোৱে আমাক বাধা নিদিয়ে৷ তেওঁলোকৰ প্ৰতি মোৰ বাৰ্তা হ’ল যে তেওঁলোক যি সম্প্ৰদায় বা সামাজিক স্তৰৰেই নহওক কিয়, যদি তেওঁলোকে কিবা এটা কৰিব বিচাৰে তেন্তে তেওঁলোকে কেৱল তাৰ বাবেই আগবঢ়া উচিত।’-বেৰিল ভানেইহছাংগীয়ে সংবাদ সংস্থাৰ আগত এইদৰে কয়।

মেঘালয়ৰ শ্বিলঙৰ নৰ্থ ইষ্টাৰ্ণ হিল ইউনিভাৰ্চিটি (NEHU)ৰ পৰা কলা শাখাত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছে বেৰিল ভান্নেইহছাংগীয়ে।

ইয়াৰ পূৰ্বে তেওঁ মিজোৰামৰ আইজল পৌৰ নিগমৰ পাৰিষদ হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল।