NORTHEAST NOW (Assamese)

মাত্ৰ ৪০ টকাত ১ লিটাৰ পেট্ৰল! সম্ভৱ, কিন্তু কেনেকৈ? চাওক আমাৰ এই প্ৰতিবেদন

March 5, 2020 12:46 pm · এন ই নাও নিউজ
Updated: March 5, 2020 12:49 pm
অভিযন্তা সতীশ কুমাৰ, ফ'টো সৌজন্য- ইন্টাৰনেট

মাত্ৰ ৪০ টকাত ১ লিটাৰ পেট্ৰল দিবলৈ সাজু এজন ব্যক্তি!

পিছে কোন তেওঁ ? আৰু কেনেকৈ সম্ভৱ এয়া ?

হয়, এয়া সম্ভৱ। এই দাবী হায়দৰাবাদৰ এজন অভিযন্তাৰ।

হায়দৰাবাদৰ এজন মেকানিকেল অভিযন্তাই পূৰ্বে ব্যৱহাৰ কৰা প্লাষ্টিকৰ পৰা পেট্ৰল সৃষ্টি কৰি এই দৰত উপভোক্তাক পেট্ৰল দিয়া সম্ভৱ বুলি জানিবলৈ দিছে।

সতীশ কুমাৰ নামৰ ৪৫ বছৰীয়া অভিযান্ত্ৰিক অধ্যাপকজনে পূৰ্বে ব্যৱহাৰ কৰা প্লাষ্টিকৰ পৰা ইন্ধন সৃষ্টি কৰি উলিয়াইছে। আনকি তেওঁ ইয়াৰ বাবে ক্ষুদ্ৰ, লঘু আৰু মধ্যমীয়া কোম্পানীৰ পঞ্জীয়নো লাভ কৰিছে।

এই সন্দৰ্ভত সতীশ কুমাৰে কয় যে পুনৰ ব্যৱহাৰ্যহীন প্লাষ্টিকৰ পৰা ডিজেল, বিমানত ব্যৱহাৰ্য ইন্ধন আৰু পেট্ৰল সৃষ্টি কৰিব পাৰি। তেওঁ লগতে কয় যে ৫০০ কিলোগ্ৰাম তেনে প্লাষ্টিকৰ পৰা ৪০০ লিটাৰ ইন্ধন সৃষ্টি কৰিব পৰা যায়। বায়ুশূন্য স্থানত প্লাষ্টিকৰ পৰা ইন্ধন সৃষ্টি কৰিব পাৰি বাবে এই প্ৰক্ৰিয়াৰ দ্বাৰা পৰিৱেশ আৰু জলবায়ু প্ৰদূষিত নহয়।

অৱেশ্য যথেষ্ট দীৰ্ঘ প্ৰক্ৰিয়াৰ দ্বাৰা এয়া সম্ভৱ বুলি কৈ তেওঁ কয় যে ৩৫০-৪০০ ডিগ্ৰী চেলছিয়াছৰ উত্তাপত প্লাষ্টিকসমূহ গলাই ইন্ধন সৃষ্টি কৰা হয়।

সতীশ কুমাৰে কয় যে এয়া তেওঁলোকে ব্যৱসায়িক মনোবৃত্তিৰে কৰা নাই। প্ৰকৃতি আৰু পৰিৱেশ নিয়ন্ত্ৰণৰ প্ৰতি লক্ষ্য ৰাখিহে আৰম্ভ কৰা বুলি জানিবলৈ দিছে। অৱশ্যে কোনো উদ্যোগীয়ে তেওঁলোকৰ প্ৰযুক্তিৰ প্ৰতি আকৰ্ষিত হ’লে সেয়া শ্বেয়াৰ কৰিবলৈ প্ৰস্তুত বুলি জনাইছে।

Related News