ৰঞ্জীতো খেলিছিল, টী-২০ বিশ্বকাপত পাকিস্তানক পৰাস্ত কৰা চফটৱেৰ ইঞ্জিনিয়াৰ কোন এই সৌৰভ?

টী-২০ বিশ্বকাপত ডাঙৰ অঘটন ঘটি গ’ল। ক্ৰিকেটৰ শিশু আমেৰিকাৰ হাতত পৰাস্ত হয় বিশ্বকাপ বিজয়ী পাকিস্তান। শেহতীয়াকৈ বাংলাদেশৰ বিৰুদ্ধে ছিৰিজ জয়ৰ পিছত অপ্ৰত্যাশিতভাৱে জয়ী হোৱা বুলি কোৱা হৈছিল যদিও এইবাৰ তেওঁলোকে প্ৰমাণ কৰিলে যে আমেৰিকান দলটো মুঠেও উলাই কৰিব পৰা নহয়।

১৯৯১ চনত মুম্বাইত জন্মগ্ৰহণ কৰা সৌৰভ নেত্ৰভালকাৰ বৰ্তমানৰ মেগা ইভেণ্টত ছুপাৰ অভাৰত পাকিস্তানক পৰাস্ত কৰা আমেৰিকাৰ নায়ক। কেৱল সেয়াই নহয়, এই ৩২ বছৰীয়া বাওঁহতীয়া মিডিয়াম পেচাৰগৰাকী ভাৰতৰ ১৯ বছৰ অনুৰ্ধ বিশ্বকাপ দলৰ সদস্যও আছিল।

ছুপাৰ অভাৰত ১৮ ৰান পালে পাকিস্তান দলে জয়ী হ’ব পৰা পৰিস্থিতিত সৌৰভে ১২ ৰান দিয়ে। মুম্বাইত ভাল প্ৰদৰ্শনৰ বাবে ৰঞ্জী ট্ৰফী দলতো আছিল। অৱশ্যে ভাৰতৰ বাবে যুৱ দলৰ এই তাৰকা সদস্য পেছাত এজন চফটৱেৰ ইঞ্জিনিয়াৰ আছিল। বৰ্তমান তেওঁ নিউয়ৰ্কৰ আমেৰিকাৰ চফটৱেৰ কোম্পানী অৰেকলত ভাল দৰমহাৰ চাকৰিও কৰি আছে। কিন্তু তেওঁৰ চখ ক্ৰিকেটৰ চৰ্চা পাহৰা নাছিল। যাৰ সতীৰ্থ আছিল কে এল ৰাহুল, জয়দেৱ উনাদকট, হৰ্শাল পেটেল।

পেছাৰ বাবে আমেৰিকালৈ আহিলেও তেওঁ নিয়মিতভাৱে ক্ৰিকেট খেলি নিজকে প্ৰমাণ কৰি আমেৰিকাৰ জাতীয় দলত স্থান লাভ কৰিছিল। ২০১০ চনত ১৯ বছৰ অনুৰ্ধ বিশ্বকাপত পাকিস্তানক পৰাস্ত কৰা ভাৰতীয় দলটোৰ সদস্য হিচাপে নিৰ্বাচিত হৈছিল যুৱ মিডিয়াম পেচাৰগৰাকী।

বাবৰ আজম সেই পাকিস্তান যুৱ দলটোৰ অধিনায়ক আছিল। এইবাৰো সৌৰভৰ দলৰ হাতত পৰাস্ত হোৱা পাকিস্তান দলটোতো আছিল বাবৰ। কিন্তু সৌৰভে আমেৰিকাৰ জাতীয় দলৰ হৈ খেলাৰ কথাও নাছিল। কাৰণ ভাৰতত খেলাৰ সময়ত তেওঁৰ প্ৰদৰ্শনক নিৰ্বাচকসকলে গুৰত্বসহকাৰে লোৱা নাছিল। আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল সেইবাৰ মুম্বাই দলৰ নিৰ্বাচকসকলৰ ভিতৰত আছিল অজিত আগৰকাৰ, প্ৰকাশ ছালভি। এইবাৰো ভাৰতৰ মুখ্য নিৰ্বাচক হৈছে অজিত আগৰকাৰ।

পাকিস্তান দলক পৰাস্ত কৰাৰ সপোন পূৰণ হ’ল। এইবাৰ আমেৰিকাই ভাৰতৰ বিৰুদ্ধে খেলিব। সেই মেচতো যদি সৌৰভ উজলি উঠে, তেন্তে স্বাভাৱিকতে আগৰকাৰৰ বাবে যে ই এক ডাঙৰ শ্বক হ’ব তাত কোনো সন্দেহ নাই।