চৰকাৰে নিষিদ্ধ ঘোষণা কৰিলে উত্তৰ-পূবৰ বিদ্ৰোহী সংগঠন এইছ এন এল চিক

hime-ministry

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

মেঘালয়ৰ বিদ্ৰোহী সংগঠন এইচ এন এল চিক কেন্দ্ৰ চৰকাৰে হিংসাত্মক আৰু অন্যান্য কাৰ্য্যকলাপ বৃ্দ্ধিৰ বাবে নিষিদ্ধ ঘোষণা কৰে।

কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ে জাৰি কৰা বিবৃতিত এইছ এন এল চিয়ে খাচি আৰু জয়ন্তীয়া জনজাতিসকলে বাস কৰা অঞ্চলক ভাৰতীয় মূল ভূখণ্ডৰ পৰা পৃথক কৰাৰ বাবে বিভিন্ন হিংসাত্মক কাৰ্য্যকলাপ অব্যাহত ৰাখিছে বুলি উল্লেখ কৰে।

বিদ্ৰোহী সংগঠনটোৱে ক্ৰমাগতভাৱে সাধাৰণ জনতাৰ পৰা ধন দাবী, উত্তৰ-পূবৰ অন্য বিদ্ৰোহী সংগঠনৰ সৈতে সম্পৰ্ক স্থাপন, অস্ত্ৰ-শস্ত্ৰ ক্ৰয় আৰু বাংলাদেশত কেম্প স্থাপন কৰি সদস্য সকলক প্ৰশিক্ষণ প্ৰদান কৰাৰ বিষয়েও গৃহ মন্ত্ৰ্যালয়ৰ বিবৃতিত উল্লেখ কৰে।

কেন্দ্ৰ চৰকাৰে এইচ এন এল চিৰ কাৰ্য্যকলাপক ভাৰতৰ অখণ্ডতা আৰু একতাৰ প্ৰতি ভাবুকি বুলি অভিহিত কৰিছে।

‘‘বিদ্ৰোহী সংগঠনটোক সোনকালে নিয়ন্ত্ৰণলৈ নানিলে পৰৱৰ্তী সময়ত সংগঠনটোৱে নতুন সদস্য ভৰ্তি, আধুনিক অস্ত্ৰ-শস্ত্ৰ ক্ৰয় কৰি অতি হিংসাত্মক কাৰ্য্যকলাপত লিপ্ত হ’ব যাৰ পৰিণতিত সাধাৰণৰ মানুহ আৰু নিৰাপত্তা বাহিনীৰ লোকৰ প্ৰাণৰ ক্ষতি হ’ব পাৰে,’’ গৃহ মন্ত্ৰ্যালয়ে উল্লেখ কৰে।
এইচ এন এল চিৰ সকলো ধৰণৰ কাৰ্য্যকলাপ পৰ্য্যালোচনা কৰি কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ে বেআইনী কাৰ্য্যকলাপৰ আইন, ১৯৬৭ ৰ অধীনত সংগঠনটোক নিষিদ্ধ ঘোষণা কৰে।

উল্লেখযোগ্য যে, ইয়াৰ পূৰ্বেও এইচ এন এল চিক ২০০০ চনত নিষিদ্ধ কৰা হৈছিল যদিও পৰৱৰ্তী সময়ত নিষেধাজ্ঞা উঠাই লোৱা হৈছিল।