মেঘালয়ত পুনৰ চৰকাৰৰ অংশীদাৰ হ’ব বিজেপি: এন পি পিলৈ সমৰ্থন আগবঢ়োৱাৰ পৰামৰ্শ জেপি নড্ডাৰ

Meghalaya election result

কালি ঘোষণা কৰা নিৰ্বাচনী ফলাফলে মেঘালয়ত পুনৰ চৰকাৰৰ অংশীদাৰ হোৱাৰ পথ মুকলি কৰিছে বিজেপিৰ বাবে। নিৰ্বাচনৰ পূৰ্বে পূৰ্বৰ চৰকাৰৰ প্ৰধান দল এন পি পি- এ বিজেপিৰ সৈতে মিত্ৰতা ভংগ কৰি পৃথকে নিৰ্বাচনত অৱতীৰ্ণ হৈছিল যদিও কালি ঘোষিত ফলাফলত সংখ্যাগৰিষ্ঠতা লাভত বিফল হোৱাত বিজেপিৰ সমৰ্থনতে পুনৰ চৰকাৰ গঠনৰ বাবে সাজু হৈছে কনৰাড চাংমা।

বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জেপি নড্ডাই মেঘালয়ত চৰকাৰ গঠনৰ ক্ষেত্ৰত কনৰাড চাংমাৰ নেশ্যনেল পিপলছ পাৰ্টিক সমৰ্থন আগবঢ়াবলৈ পৰামৰ্শ দিছে বুলি এক টুইট যোগে জানিবলৈ দিছে অসমৰ মুখ্যমন্ত্ৰী তথা উত্তৰ-পূর্বাঞ্চলত বিজেপিৰ ৰণনীতিবিদ হিমন্ত বিশ্ব শৰ্মাই।

টুইটযোগে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কনৰাড চাংমাক টেগ কৰি উল্লেখ কৰা মতে, ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নড্ডাই মেঘালয় বিজেপিৰ ৰাজ্যিক গোটক মেঘালয়ত পৰৱৰ্তী চৰকাৰ গঠনত নেশ্যনেল পিপলছ পাৰ্টিক সমৰ্থন আগবঢ়াবলৈ পৰামৰ্শ দিছে।

বিজেপি আৰু ইউডিপিৰ সমৰ্থন অবিহনে এনপিপিয়ে এইচএছপিডিপি, পিডিএফ দৰে সৰু সৰু দল তথা নিৰ্দলীয়ৰ বিধায়কৰ সহযোগত চৰকাৰ গঠন কৰিব পাৰে যদিও নিৰ্বাচনৰ ফলাফল ওলোৱাৰ পূৰ্বেই এনপিপিৰ মুৰব্বী কনৰাড চাংমা আৰু হিমন্ত বিশ্ব শৰ্মাৰ মাজত হোৱা আলোচনাই দল দুটাৰ মাজত পুনৰ মিত্ৰতাৰ পথ প্ৰায় নিশ্চিত কৰি তুলিছিল।

ইফালে কালি, ফলাফল ঘোষণাৰ কেইঘণ্টামানৰ পাছতে দলৰ হাইকমাণ্ডৰ নিৰ্দেশনা অনুসৰি বিজেপিৰ ৰাজ্যিক সভাপতি আৰ্নেষ্ট মাউৰীয়ে চৰকাৰ গঠনৰ বাবে চাংমাক সমৰ্থন পত্ৰ দাখিল কৰে।

ইয়াৰ পাছতে কনৰাড চাংমাই এক টুইট যোগে চৰকাৰ গঠনৰ বাবে এনপিপিলৈ সমৰ্থন আগবঢ়োৱাৰ বাবে মেঘালয় বিজেপিক ধন্যবাদ জনায়। তেওঁ লগতে মেঘালয় আৰু ৰাজ্যৰ জনসাধাৰণৰ সেৱাৰ বাবে দুয়োটা দলে একেলগে কাম কৰি যোৱাৰো প্ৰতিশ্ৰুতি দিয়ে।