NORTHEAST NOW (Assamese)

দনকুপাৰ ৰয়ৰ মৃত্যু: সোমবাৰে শ্বিলং পাবহি মৃতদেহ, তিনিদিনীয়া ৰাজ্যিক শোক ঘোষণা

July 28, 2019 11:35 pm · এন ই নাও নিউজ
Updated: July 29, 2019 12:03 am
দনকুপাৰ ৰয়। ছবি সৌজন্য-- WeTheNagas

মেঘালয় বিধান সভাৰ অধ্যক্ষ তথা প্ৰাক্তন মুখ্য মন্ত্ৰী দনকুপাৰ ৰয়ৰ মৃতদেহ সোমবাৰে শ্বিলঙলৈ অনা হ’ব।

পুৱাই নতুন দিল্লীৰ পৰা তেওঁৰ নশ্বৰ দেহ বিমানযোগে শ্বিলংস্থিত বাসগৃহলৈ অনা হ’ব।

ৰাজহুৱা শ্ৰদ্ধাঞ্জলিৰ উদ্দেশ্যে সোমবাৰে তেওঁৰ নশ্বৰ দেহ ৰাজধানীস্থিত আৱাসতে ৰখা হ’ব।

প্ৰবীণ ৰাজনীতিকজনৰ মৃত্যুত মেঘালয় চৰকাৰে তিনিদিনীয়া ৰাজ্যিক শোক ঘোষণা কৰিছে।

২৯ৰ পৰা ৩১ জুলাইলৈ এই সময়চোৱাত সকলো চৰকাৰী কাৰ্য্যালয়তে ৰাষ্ট্ৰীয় পতাকা অৰ্ধনমিত কৰি ৰখা হ’ব।

এই সময়চোৱাত চৰকাৰী কোনোধৰণৰ মনোৰঞ্জন কাৰ্য্যসূচী অনুষ্ঠিত নহ’ব।

ৰয়ৰ মৃত্যুত শোক প্ৰকাশৰ বাবে ৩১ জুলাইত ৰাজ্যখনৰ সকলো চৰকাৰী কাৰ্য্যালয়, শিক্ষানুষ্ঠান আৰু ৰাজহ আৰু ন্যায়িক আদালত বন্ধ ৰখা হ’ব।

সেইদিনাই নিজ সমষ্টি ছেলাত তেওঁৰ অন্তিম সৎকাৰ হ’ব।

৩০ জুলাইত শ্বিলঙৰ পৰা তেওঁৰ দেহ চ’হৰালৈ লৈ যোৱা হ’ব আৰু তাতে ৰাজ্যিক মৰ্য্যাদাৰে অভিবাদন জনোৱা হ’ব।

মেঘালয়ৰ মুখ্য সচিবে দেওবাৰে এই সম্পৰ্কীয় জাননী (MEMO NO. GAA.78/93/127-A) জাৰি কৰিছে।

দেওবাৰে আবেলি ২.৫০ বজাত গুৰুগ্ৰামৰ মেদান্তা মেদিচিতি হস্পিটেলত ৬৫ বছৰীয়া ৰাজনীতিকজনৰ মৃত্যু হৈছিল।

চিকিৎসাধীন অৱস্থাতে মৃত্যুক আঁকোৱালি লোৱা ৰয় পেটৰ অসুখৰ বাবে যোৱা ১৮ জুলাইৰ পৰা হস্পিটেলখনত ভৰ্তি হৈ আছিল।

কনৰাদ চাংমা চৰকাৰৰ অন্যতম গুৰুত্বপূৰ্ণ অংশীদাৰ ইউনাইটেদ দে’মক্ৰেতিক পাৰ্টিৰ মুৰব্বী দনকুপাৰ ৰয় ৰাজ্যখনৰ সৰ্বাধিক কালৰ বিধায়ক আছিল।

১৯৮৮ চনত ইষ্ট খাছি হিলছৰ ছেলা সমষ্টিক নিৰ্দলীয়ৰূপে প্ৰতিনিধিত্ব কৰা দনকুপাৰ ৰয় মেঘালয় বিধান সভালৈ মৃত্যুৰ সময়লৈকে একেৰাহে বিধায়কৰূপে নিৰ্বাচিত হৈ আহিছিল।

২০১৮ চনৰ নিৰ্বাচনৰ পিছত ৰয় মেঘালয় বিধান সভাৰ অধ্যক্ষৰ পদত অধিস্থিত হৈছিল।

মেঘালয় বিধান সভাত বৰ্তমান ইউ দি পিৰ ৬গৰাকী বিধায়ক আছে। তাৰে তিনিগৰাকীয়ে কনৰাদ চাংমা চৰকাৰৰ মন্ত্ৰীৰ দায়িত্ব লাভ কৰিছে।

২০০৮ত ওলোমা বিধান সভা নিৰ্বাচনী ফলাফলৰ পিছত আন কিছু দলৰ সমৰ্থনত মেঘালয় প্ৰগ্ৰেছিভ এলায়েন্স গঠন কৰি দনকুপাৰ ৰয় মুখ্য মন্ত্ৰীৰ আসনত বহিছিল।

২০০৮ চনৰ ১৯ মাৰ্চৰ পৰা পৰৱৰ্তী বছৰৰ ১৮ মাৰ্চলৈকে তেওঁ সম্পূৰ্ণ এবছৰ ৰাজ্যখনৰ মুখ্য মন্ত্ৰীৰ পদত আছিল।

উত্তৰ-পূবত বিতৰ্কিত নাগৰিকত্ব বিধেয়কৰ বিৰুদ্ধে হোৱা প্ৰতিবাদৰ সময়ত যোৱা ফেব্ৰুৱাৰিত বিধেয়কখনৰ বিৰোধ কৰি দনকুপাৰ ৰয়ৰ দল ইউ দি পিয়ে বিজেপি নেতৃত্বাধীন নেদা (North East Democratic Alliance) ত্যাগ কৰিছিল।

অভিজ্ঞ ৰাজনীতিকজনৰ মৃত্যুত মেঘালয়ৰ মুখ্য মন্ত্ৰী কনৰাদ চাংমা, প্ৰাক্তন মুখ্য মন্ত্ৰী মুকুল চাংমাৰ লগতে অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মণিপুৰৰ মুখ্য মন্ত্ৰী এন বীৰেন সিং আদিয়ে গভীৰ শোক প্ৰকাশ কৰিছে।

Related News