• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পঞ্চাশ বছৰ পুৰণি বাঁহেৰে থলুৱাভাৱে প্ৰস্তুত কৰা কেনভাছত চিত্ৰ অংকন

বিদ্যুৎজ্যোতি বৰা by বিদ্যুৎজ্যোতি বৰা
July 29, 2019 6:56 am
index

ফটো : নৰ্থইষ্ট নাও

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘’পঞ্চাশ বছৰ পুৰণি বাঁহৰ কামিৰে আৰু তামোলৰ বৌখাৰে থলুৱাভাৱে প্ৰস্তুত কৰা কেনভাছত চিত্ৰ অংকন কৰি আজি আমি গৌৰৱাম্বিত ৷ সম্ভৱত পৃথিৱীতে বিৰল এই কেনভাছ যদি সু পৰিকল্পিত আৰু বিজ্ঞানসন্মতভাৱে প্ৰস্তুত কৰি ল‘ব পৰা হয় , তেনেহ‘লে আৰ্থিকভাৱে দৈন্য আমাৰ চিত্ৰ শিল্পী সকলে কম খৰছত চিত্ৰ অংকন কৰিব পৰিব তথা বিশ্বৰ বজাৰত ই সমাদৰ লাভ কৰিবলৈ সক্ষম হ‘ব,’’- এই মন্তব্য প্ৰখ্যাত স্বনামধন্য চিত্ৰ শিল্পী গকুল ছেত্ৰীৰ ৷

নগাঁও জিলাৰ চামগুৰিস্থিত অন্যতম শিল্পানুষ্ঠান “ৰঙিলী শিল্পালয়, চিত্ৰাংকন বিদ্যালয়ৰ উনবিংশতিতম প্ৰতিষ্ঠা দিৱস আৰু মৃৎ শিল্প আৰু হাতৰ আখৰ কৰ্মশালাৰ দেওবাৰে সামৰণি অনুষ্ঠানৰ দিনজোৰা বৰ্ণাঢ্য কাৰ্য্যসূচীত চিত্ৰশিল্পী গৰাকী উপস্থিত থাকি নিজৰ ভাষণ প্ৰসংগত এইদৰে কয়।

Apply Now

তেওঁ কয় যে, মই আৰু মোৰ সংগী চিত্ৰশিল্পী সকলে আজি নতুন এক মাধ্যমত চিত্ৰ অংকন কৰিবলৈ পাই অতিশয় আনন্দিত হৈছো ৷ এক বিৰল মূহুৰ্ত আৰু এক নতুন কামৰ মাজেৰে শিল্পী প্ৰাণৰ প্ৰকাশ কৰিবলৈ সুবিধা পালো ৷

চামগুৰিৰ ভেলেউগুৰিস্থিত জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ প্ৰেক্ষাগৃহত দিনজোৰা বৰ্ণাঢ্য কাৰ্য্য সূচীৰে অনুষ্ঠিত হোৱা “থলুৱা চিত্ৰপটত ৰং বুলনিৰে জ্যোতি প্ৰকাশ শীৰ্ষক অনুষ্ঠানটি  শুভ উদ্বোধন কৰে কলিয়াবৰ মহকুমা আৰক্ষী বিষয়া মৃন্ময় দাসে ৷ পুৱা ৯ বজাত ৰঙিলী শিল্পালয়ৰ পতকা উত্তোলন কৰে শিল্পালয়ৰ সঞ্চালক দেৱ কান্ত বনিয়াই ৷

ইয়াৰ পাছতে সমাজ কৰ্মী বীৰেন বৰাই ডায়েটৰ চৌহদত বৃক্ষ ৰোপণ কাৰ্য্যসূচী সমাপন কৰাৰ পাছতে বাৰেৰহনীয়া সাংস্কৃতিক অনুষ্ঠান ৰূপায়ন কৰা হয় ৷ অসমৰ পুৰনি বাদ্যযন্ত্ৰ “কালি” বাদনেৰে শিল্পী কলিৰাম বৰাই জাতীয় সঙ্গীত পৰিৱেশন কৰি মুল কাৰ্য্যসূচী শুভাৰম্ভ কৰে ৷

কৰ্মশালাৰ ৬৩ গৰাকী প্ৰশিক্ষাৰ্থীয়ে পৰিৱেশন কৰা আধুনিক গীত, নৃত্য আৰু চামগুৰিৰ মিৰদান গোষ্ঠীয়ে নাট মঞ্চস্থ কৰাৰ সমান্তৰাল কৈ স্বনামধন্য চিত্ৰ শিল্পী সকলে থলুৱা চিত্ৰপটত চিত্ৰ অংকন কৰে। তদুপৰি, বধিৰ বিদ্যা মন্দিৰৰ বধিৰ ছাত্ৰ -ছাত্ৰী সকল চিত্ৰ অংকন কৰি এক দৃষ্টি নন্দন পৰিৱেশ সৃষ্টি কৰে ৷

অনুষ্ঠানত বিশিষ্ট সাহিত্যিক কুমাৰ নগেন বৰাক শিল্পালয়ৰ তৰফৰ পৰা ৰাজহুৱা সম্বৰ্ধনা জ্ঞাপন কৰা হয় ৷ অনুষ্ঠানত টেলিভিশ্বনৰ জনপ্ৰিয় শিল্পী হিমাংশু বৰ্মন উপস্থিত থাকি ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু জুবিন গাৰ্গৰ মাত নকল কৰি উপস্থিত শ্ৰোতা-দৰ্শকক আমোদ দিয়ে ৷

কৰ্মশালাৰ সামৰণি তথা ৰঙিলী শিল্পালয়ৰ উনবিংশতিতম প্ৰতিষ্ঠা দিৱসৰ এই অনুষ্ঠানতে কৰ্মশালাৰ প্ৰশিক্ষাৰ্থী সকলক মানপত্ৰ প্ৰদান কৰাৰ লগতে সৰ্ব ভাৰতীয় সংগীত আৰু সংস্কৃতিক পৰিষদৰ ফলাফল ঘোষণা কৰি কৃতকাৰ্য্যতা লাভ কৰা সকলক অভিনন্দন জ্ঞাপন কৰা হয় ৷

বিদ্যুৎজ্যোতি বৰা

বিদ্যুৎজ্যোতি বৰা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিৰোধী জয়ী হ’লে প্ৰধানমন্ত্ৰীৰ পদ দাবী কৰিব পাৰে ৰাহুল গান্ধীয়ে; কি যুক্তি চিপিএমৰ এম এ বেবীৰ?

বিৰোধী জয়ী হ’লে প্ৰধানমন্ত্ৰীৰ পদ দাবী কৰিব পাৰে ৰাহুল গান্ধীয়ে; কি যুক্তি চিপিএমৰ এম এ বেবীৰ?

September 7, 2026 12:55 pm
লোমহৰ্ষক কাণ্ড! গুৱাহাটীৰ ফ্লেটত উদ্ধাৰ হোৱা মৃত মহিলাৰ স্বামীক গ্ৰেপ্তাৰ; ফ্ৰীজৰ পৰা উদ্ধাৰ ছিন্নমুণ্ড

লোমহৰ্ষক কাণ্ড! গুৱাহাটীৰ ফ্লেটত উদ্ধাৰ হোৱা মৃত মহিলাৰ স্বামীক গ্ৰেপ্তাৰ; ফ্ৰীজৰ পৰা উদ্ধাৰ ছিন্নমুণ্ড

September 7, 2026 12:04 pm
ৰাণৱেৰ পৰা উফৰি গৈ খুন্দা মাৰিলে ট্ৰাকত; মিয়ামিত আমাজনৰ কাৰ্গো বিমান দুৰ্ঘটনাত নিহত ৫ জন

ৰাণৱেৰ পৰা উফৰি গৈ খুন্দা মাৰিলে ট্ৰাকত; মিয়ামিত আমাজনৰ কাৰ্গো বিমান দুৰ্ঘটনাত নিহত ৫ জন

September 7, 2026 11:18 am
নেপালৰ পিছত এইবাৰ ছিকিমত ভয়ংকৰ ভূমিস্খলন! তীস্তাৰ সোঁত বন্ধ হৈ পৰাত ভয়াৱহ দুৰ্যোগৰ আশংকা

নেপালৰ পিছত এইবাৰ ছিকিমত ভয়ংকৰ ভূমিস্খলন! তীস্তাৰ সোঁত বন্ধ হৈ পৰাত ভয়াৱহ দুৰ্যোগৰ আশংকা

September 7, 2026 10:35 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিৰোধী জয়ী হ’লে প্ৰধানমন্ত্ৰীৰ পদ দাবী কৰিব পাৰে ৰাহুল গান্ধীয়ে; কি যুক্তি চিপিএমৰ এম এ বেবীৰ?

বিৰোধী জয়ী হ’লে প্ৰধানমন্ত্ৰীৰ পদ দাবী কৰিব পাৰে ৰাহুল গান্ধীয়ে; কি যুক্তি চিপিএমৰ এম এ বেবীৰ?

September 7, 2026 12:55 pm
লোমহৰ্ষক কাণ্ড! গুৱাহাটীৰ ফ্লেটত উদ্ধাৰ হোৱা মৃত মহিলাৰ স্বামীক গ্ৰেপ্তাৰ; ফ্ৰীজৰ পৰা উদ্ধাৰ ছিন্নমুণ্ড

লোমহৰ্ষক কাণ্ড! গুৱাহাটীৰ ফ্লেটত উদ্ধাৰ হোৱা মৃত মহিলাৰ স্বামীক গ্ৰেপ্তাৰ; ফ্ৰীজৰ পৰা উদ্ধাৰ ছিন্নমুণ্ড

September 7, 2026 12:04 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd