নাবালিকাক ধৰ্ষণ কৰাৰ অপৰাধত এজন প্ৰাক্তন বিধায়ক জুলিয়াছ ড’ৰফাঙক নিম্ন আদালতে দিয়া ২৫ বছৰৰ কাৰাদণ্ড আৰু ২০ লাখ টকাৰ জৰিমনাৰ নিৰ্দেশত হস্তক্ষেপ কৰিবলৈ অস্বীকাৰ কৰিছে মেঘালয় উচ্চ ন্যায়ালয়ে।
বৃহস্পতিবাৰে মুখ্য ন্যায়াধীশ সঞ্জীৱ বেনাৰ্জীৰ নেতৃত্বত উচ্চ ন্যায়ালয়ৰ বিচাৰপীঠে বিষয়টোৰ শুনানি গ্ৰহণ কৰি ৰাজ্য চৰকাৰক আগন্তুক তিনিমাহৰ ভিতৰত ভুক্তভোগীক ২০ লাখ টকা ক্ষতিপূৰণ দিবলৈ নিৰ্দেশ দিয়ে।
উচ্চ ন্যায়ালয়ৰ বিভাগীয় বিচাৰপীঠে প্ৰাক্তন বিধায়কগৰাকীয়ে দাখিল কৰা আবেদন খাৰিজ কৰাৰ সময়তে কয় যে, “ট্ৰায়েল আদালতে ২৫ বছৰৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰাটোৱে ইংগিত দিয়ে যে কিছুমান যুক্তিযুক্ত কাৰণত এনে সিদ্ধান্ত লোৱা হৈছে। হস্তক্ষেপ কৰাৰ প্ৰয়োজন নাই।”
একে সময়তে ন্যায়াধীশে কয়, “দোষী ব্যক্তিৰ বয়সৰ প্ৰতি লক্ষ্য ৰাখি এনে শাস্তি ১৫ বছৰ, ২০ বছৰ বা ৩০ বছৰ বা ইয়াৰ মাজৰ যিকোনো বছৰ হ’ব পাৰে। দোষীক সৰ্বোচ্চ শাস্তি নিদিলে ইয়াৰ দ্বাৰা দোষীক ব্যক্তিগত সুবিধা প্ৰদান কৰা হ’ব।”
উল্লেখ্য যে, ২০২১ চনৰ আগষ্ট মাহত ৰি-ভয় জিলাৰ বিশেষ বিচাৰপতি এফ এছ চাংমাই POCSOৰ অধীনত দিয়া শাস্তিৰ নিৰ্দেশক প্ৰত্যাহ্বান জনাইছিল দোষী প্ৰাক্তন বিধায়ক জুলিয়াছ ড’ৰফাঙে।
উচ্চ ন্যায়ালয়ৰ বিচাৰপীঠে ৰাজ্য চৰকাৰক নিৰ্দেশ দিছিল যে দ্বিতীয় শ্ৰেণীৰ বিষয়াৰ সমপৰ্যায়ত ভুক্তভোগী কিশোৰীগৰাকীৰ সকলো চিকিৎসাৰ প্ৰয়োজনীয়তা বিনামূলীয়াকৈ প্ৰদান কৰিব লাগিব। ইয়াৰ লগতে মহিলাসকলৰ বাবে আয়োজন কৰা এনে কিছুমান শিক্ষা প্ৰদান কৰিব লাগে যাতে তেওঁ স্বাভাৱিক আৰু সুস্থ জীৱন যাপন কৰিব পাৰে।
নিষিদ্ধ ঘোষিত সংগঠন হ্নিউট্ৰেপ নেচনেল লিবাৰেচন কাউন্সিলৰ প্ৰতিষ্ঠাপক তথা অধ্যক্ষ ড’ৰফাঙে ২০০৭ চনত আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰিছিল। ইয়াৰ পিছত ২০১৩ চনত ৰি-ভয় জিলাৰ মাৱাহাটী বিধানসভা নিৰ্বাচনৰ পৰা বিধান সভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি জয়ী হয়।
২০১৭ চনত তেওঁ বিধায়ক হৈ থকা অৱস্থাত ১৪ বছৰীয়া নাবালিকাক ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছিল। তেওঁৰ বিৰুদ্ধে যৌন অপৰাধৰ পৰা শিশু সুৰক্ষা (POCSO) আইন আৰু বেআইনী সৰবৰাহৰ প্ৰতিৰোধ আইনৰ অধীনত গোচৰ ৰুজু কৰা হৈছিল।
উক্ত গোচৰতে তেওঁক নংপোহ জিলা কাৰাগাৰত কাৰাৰুদ্ধ কৰা হৈছিল যদিও চিকিৎসাজনিত কাৰণত ২০২০ চনত মেঘালয় উচ্চ ন্যায়ালয়ে জামিন প্ৰদান কৰিছিল। ২০২১ চনৰ আগষ্ট মাহত POCSOৰ অধীনত আদালতে দোষী সাব্যস্ত হোৱাৰ পিছত পুনৰ গ্ৰেপ্তাৰ কৰে প্ৰাক্তন বিধায়কগৰাকীক।