• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গুৱাহাটীৰ দাঁতিকাষৰীয়া অঞ্চলৰ বিলাসী হোটেলত শেনচকু মেঘালয়ৰ ৰাজনীতিকৰ,পানীৰ দৰত ক্ৰয়ৰ পাং

অণিৰ্বান ৰয় by অণিৰ্বান ৰয়
July 2, 2021 8:58 pm
Hotel-750x375
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গুৱাহাটীৰ গাতে লাগি থকা এক অঞ্চলত সাজি থকা এখন বিলাসী হোটেল পানীৰ দৰত ক্ৰয় কৰাৰ বাবে তৎপৰ হৈ পৰিছে ঠিকাদাৰৰ পৰা ৰাজনীতিৰ পথত ভৰি থোৱা মেঘালয়ৰ এজন ৰাজনীতিকে।

উক্ত বিলাসী হোটেল খন এতিয়া আইনী মেৰ-পেছৰ মাজত সোমাই পৰিছে যদিও মেঘালয়ৰ ৰাজনীতিকগৰাকীয়ে সেই  হোটেল খন  পাকে-প্ৰকাৰে পানীৰ দৰত ক্ৰয় কৰাৰ চেষ্টাৰ পৰা বিচ্যুত হোৱা নাই।

এই প্ৰসংগতে উল্লেখ কৰিব পাৰি যে মেঘালয়ৰ উদ্যোগ বিভাগৰ মন্ত্ৰী স্নিয়াওভালঙৰ জ্যেষ্ঠ ভাতৃ গাইটলাং ধৰে গুৱাহাটীৰ খানাপাৰাত বিলাসী হোটেল খন নিৰ্মাণ কৰি থকা মেঘালয় ইনফ্ৰাটেক লিমিটেড নামৰ প্ৰতিষ্ঠানটোৰ স্বত্ব কুক্ষিগত কৰাৰ বাবে তৎপৰ হৈ পৰিছে।

২০০৭ চনতে বিলাসী হোটেল, ৰেষ্টুৰেণ্ট, বিনোদন পাৰ্ক আদি নিৰ্মাণৰ বাবে গঠন কৰা হৈছিল মেঘালয় ইনফ্ৰাটেক লিমিটেড নামৰ প্ৰতিষ্ঠানটো।

কোম্পানীটোৱে গুৱাহাটীৰ খানাপাৰাৰ উৰণীয়া সেঁতুৰ কাষতে ৯.৮৮ একৰ মাটিত ১৯০ টা কোঠাৰ লগতে দুটা বেংকুৱেট হলযুক্ত এখন বিলাসী হোটেল নিৰ্মাণৰ কাম আৰম্ভ কৰিছিল। কোম্পানীটোৱে ৪,৫০,০০০ বৰ্গফুট এলেকাত ইতিমধ্যে হোটেল খনৰ প্ৰায় ৯০ শতাংশ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰি তুলিছে। এই ক্ষেত্ৰত কোম্পানীটোৱে জে ডব্লিউ মেয়েট ব্ৰেণ্ডৰ মেৰিয়ট হোটেল ইণ্ডিয়া লিমিটেডৰ সৈতেও বাণিজ্যিক চুক্তিত আৱদ্ধ হৈছে।

কিন্তু হঠাতে অৰ্থনৈতিক সংকটৰ গৰাহত পৰি মেঘালয় ইনফ্ৰাটেক লিমিটেডে হোটেল খনৰ নিৰ্মাণ কাৰ্য বন্ধ কৰি দিয়ে। কোম্পানীটোৱে আনকি ইয়াৰ পিছত ২৪৮.০২ কোটি টকাৰ ঋণো আদায় নিদিয়াকৈ থাকে।
মেঘালয় ইনফ্ৰাটেক লিমিটেডে বিলাসী হোটেল খন নিৰ্মাণৰ নামত এলাহাবাদ বেংকৰ পৰা ১৬৯.৫ কোটি টকা আৰু কৰ্প’ৰেছন বেংকৰ পৰা ৭৮.৫২ কোটি টকা ঋণ লৈছিল।

কিন্তু প্ৰতিষ্ঠানটোৱে ঋণ ওভতাই নিদিয়াৰ পৰিপ্ৰেক্ষিতত এলাহাদ বেংকে কোম্পানীটোক দিয়া ঋণ নন পাৰ্ফৰমিং এছেট হিচাবে ঘোষণা কৰে আৰু ২০১৬ চনৰ ইনছলভেন্সি এণ্ড বেংকৰাপ্তছি আইনৰ ৭ নং ধাৰা অনুসৰি মেঘালয় ইনফ্ৰাটেক লিমিটেডৰ বিৰুদ্ধে আইনী ব্যৱস্থা হাতত লয়।

এই প্ৰসংগতে মেঘালয়ৰ এখন স্থানীয় কাকতত প্ৰকাশ পোৱা ‘এক্সপ্ৰেছন অব ইণ্টাৰেষ্ট’ জাননীৰ প্ৰতি সঁহাৰি জনাই চাৰিজন ব্যক্তিয়ে আবেদন কৰে। সেই ব্যক্তি চাৰি জন হৈছে ক্ৰমে গাইটলাং ধৰ,আশীষ জাছৰাচাৰিয়া,অভিষেক আগৰৱালা আৰু এম পি জৈন।

বিগত বৰ্ষৰ ২৯ মে’ৰ দিনা নেচনেল কোম্পানী ল’ ট্ৰিবিউনেলৰ গুৱাহাটী বেঞ্চে কমিটি অৱ ক্ৰেডিটৰে সৰ্বোচ্চ নিবিদাকাৰী গাইটলাং ধৰক বিষয়টোৰ নিষ্পত্তিৰ বাবে নিৰ্বাচিত কৰাত আন আবেদনকাৰীসকলৰ আবেদন খাৰিজ কৰে।
২০১৬ চনৰ ইনছলভেন্সি এণ্ড বেংকৰাপ্তছি আইনৰ ২২(৩)(ক) ধাৰাৰ ভিত্তিত নিযুক্ত নিষ্পত্তিৰে সৈতে জৰিত ব্যক্তি অমিত পাৰিকে এইবুলি প্ৰস্তাৱ দাখিল কৰে যে গাইটলং ধৰে উক্ত সম্পত্তি ৬৪.৩০ কোটি টকাত ক্ৰয় কৰিবলৈ আগ্ৰহী।

গাইটলং ধৰে এনেদৰেই গুৱাহাটীৰ খানাপাৰাৰ উৰণীয়া সেঁতুৰ কাষতে ৯.৮৮ একৰ মাটিত ১৯০ টা কোঠাৰ লগতে দুটা বংকুৱেট হলযুক্ত বিলাসী হোটেল খন পানীৰ দৰতে ক্ৰয় কৰাৰ ফন্দী কৰে।

তাৎপৰ্যপূৰ্ণ কথাটো হ’ল উক্ত বিলাসী হোটেল প্ৰকল্পৰ বাবে ঋণৰ যোগান ধৰা এলাহাবাদ বেংক আৰু কৰ্প’ৰেছন বেংকেও ৫১.৪৪ শতাংশ ‘ৰেহাই’ৰ কথা প্ৰকাশ কৰাৰ লগতে কমিটি অৱ ক্ৰেডিটৰেও ধৰে হোটেল খন ৬৪.৩০ কোটি টকাত ক্ৰয় কৰিবলৈ দিয়া প্ৰস্তাৱত অনুমোদন দিয়ে।

বেংকে ‘ৰেহাই’ৰ সিদ্ধান্ত লোৱাৰ সময়ত মেঘালয় ইনফ্ৰাটেক লিমিটেডেৰ সম্পদৰ মূল্য অতি কমকৈ নিৰ্ধাৰণ কৰিছিল।
দৰাচলতে খানাপাৰাৰ দৰে গুৱাহাটীৰ অতি গুৰুত্বপূৰ্ণ স্থানত ৯.৮৮ একৰ মাটিত ১৯০ টা কোঠাৰ লগতে দুটা বেংকুৱেট হলযুক্ত বিলাসী হোটেল এখনৰ মূল্য কমেও ৩০০ৰ পৰা ৩৫০ কোটি টকা হ’ব।

কিন্তু মেঘালয়ৰ ৰাজনীতিক গৰাকীয়ে সেই সম্পত্তিয়েই ক্ৰয় কৰিবলৈ তৎপৰ হৈছে পানীৰ দৰত। শেহতীয়াকৈ ৰাষ্ট্ৰীয়কৃত বেংকৰ ‘ৰেহাই’ ব্যৱস্থাকলৈ দেশৰ বহু আগশাৰীৰ অৰ্থনীতিবিদ সৰৱ হৈ পৰাপৰিলক্ষিত হৈছে। নেচনেল কোম্পানী ল’ ট্ৰিবিউনেলৰ বিৰুদ্ধেও বহুতে সন্দেহৰ তৰ্জনী টোৱাইছে।

মাত্ৰ ৬৪.৩০ কোটি টকাতে কেইবাশ কোটি টকা মূল্যৰ সম্পত্তি ক্ৰয় কৰিবলৈ মেঘালয়ৰ ৰাজনীতিক গাইটলঙে ৰটনা কৰা নাটক খনৰ ইয়াতে যৱনিকা পৰা নাই।

নেচনেল কোম্পানী ল’ ট্ৰিবিউনেলে গাইটলঙক পানীৰ দৰত হোটেল খন বিক্ৰি কৰাৰ বিষয়ত জনোৱা অনুমোদনৰ বিৰুদ্ধে এইবাৰ নেচনেল কোম্পানী ল’ এপেলেট ট্ৰিবিউনেলৰ কাষ চাপিল এটি আবেদনকাৰী সংস্থা পান্না প্ৰগতি ইনফ্ৰাষ্ট্ৰাকছাৰ প্ৰাইভেট লিমিটেড নামৰ প্ৰতিষ্ঠানটোৱে।

পান্না প্ৰগতি ইনফ্ৰাষ্ট্ৰাকছাৰ প্ৰাইভেট লিমিটেডে অভিযোগ কৰা অনুসৰি প্ৰতিষ্ঠানটোক সংশোধিত নিষ্পত্তিৰ আঁচনি এখন দাখিল কৰিবলৈ কমিটি অৱ ক্ৰেডিটৰে ১-২ দিনৰ অতিৰিক্ত সময়ো নিদিলে। অথচ গাইটলং ধৰক পূৰ্বৰ ৬৩ কোটি টকাৰ আঁচনি সংশোধন কৰি ৬৪.৩০ কোটি টকা কৰিবলৈ সুবিধা দিলে।

ইয়াৰ মাজতে গাইটলং ধৰ  বিপাঙত পৰিবলগীয়া হৈছে। নেচনেল কোম্পানী ল’ এপেলেট ট্ৰিবিউনেলে বিগত বৰ্ষৰ ১৯ অক্টোৱৰত পান্না প্ৰগতি ইনফ্ৰাষ্ট্ৰাকছাৰ প্ৰাইভেট লিমিটেডৰ আবেদনৰ প্ৰতি সঁহাৰি জনাই পূৰ্বৰ সকলো নিৰ্দেশ একাষৰীয়া কৰি ৰাখে আৰু বিষয়টোক গভীৰ ভাবে গ্ৰহণ কৰে ৰিজ’লিউছন প্লেন খন পুনৰ পৰ্যোলোচনাৰ পোষকতা কৰে।ফলত বিবুধিত পৰে গাইটলং ধৰ।

পৰৱৰ্তী সময়ত এই সমগ্ৰ বিষয়টো উচ্চতম ন্যায়ালয়ৰ মজিয়া পায়গৈ আৰু উচ্চতম ন্যায়ালয়ে বিগত বৰ্ষৰ ২০ নৱেম্বৰত পৰৱৰ্তী নিৰ্দেশ নিদিয়ালৈকে বিষয়টো সন্দৰ্ভত স্থগিতাদেশ জাৰি কৰে।

ফলত ন্যায়ালয়ৰ পৰাচূড়ন্ত সিদ্ধান্ত নোপোৱালৈকে এই বিষয়ত থমকি ৰ’বলগীয়া হৈছে গাইটলাং ধৰে।
উল্লেখ্য গাইটলাং ধৰ আৰু তেওঁৰ ভাতৃ স্নিয়াওভালং ধৰ মেঘালয়ৰ অতি প্ৰভাৱশালী লোক। তথাপি এই বিষয়ত তেওঁলোকে আঙুলি কামুৰি অপেক্ষা কৰাৰ বাদে আন বিকল্প নোহোৱা হৈ পৰিছে। ধৰ ভাতৃদ্বয় নেতৃত্বাধীন ধৰ ব্ৰাডাৰ্ছ কনষ্ট্ৰাকছন কোম্পানী প্ৰাইভেট লিমিটেডে মেঘালয়ৰ পথ নিৰ্মাণকে ধৰি বৃহৎ কাম সমূহ কৰি আহিছে।

সম্প্ৰতি ঘাইটলং ধৰৰ আন এগৰাকী ভাতৃ ৰকি ধৰেও নিৰ্মাণৰ কামত হাত দিছে। মেঘালয়ৰ গৰিষ্ঠসংখ্যক লোকেই পিছে ধৰ ব্ৰাডাৰ্ছ কনষ্ট্ৰাকছন কোম্পানী প্ৰাইভেট লিমিটেডে সম্পন্ন কৰা কাম বোৰ অতি নিম্ন মানৰ হোৱা বুলি প্ৰায়ে অভিযোগ কৰি আহিছে।

অণিৰ্বান ৰয়

অণিৰ্বান ৰয়

মুখ্য সম্পাদক, নৰ্থ-ইষ্ট নাও

Stay Connected

  • 117k Fans

Recent News

প্ৰকৃতিৰ তাণ্ডৱ হিমাচল-উত্তৰাখণ্ডত! ডাৱৰ বিস্ফোৰণ আৰু বানপানীত মৃত্যু ৩ জনৰ

প্ৰকৃতিৰ তাণ্ডৱ হিমাচল-উত্তৰাখণ্ডত! ডাৱৰ বিস্ফোৰণ আৰু বানপানীত মৃত্যু ৩ জনৰ

September 16, 2025 11:13 am
বানৰ কবলত বিশ্বনাথ, ৫০০ৰো অধিক পৰিয়ালে হেৰুৱাই ঘৰ-বাৰী

বানৰ কবলত বিশ্বনাথ, ৫০০ৰো অধিক পৰিয়ালে হেৰুৱাই ঘৰ-বাৰী

September 16, 2025 10:38 am
কেম্পাছত তাণ্ডৱ! শিলচৰ এন আই টিৰ পৰা বহিষ্কৃত ৫ বাংলাদেশী ছাত্ৰ; এৰিব লাগিব দেশ

কেম্পাছত তাণ্ডৱ! শিলচৰ এন আই টিৰ পৰা বহিষ্কৃত ৫ বাংলাদেশী ছাত্ৰ; এৰিব লাগিব দেশ

September 16, 2025 10:32 am
মোডীৰ কৰ্পৰেট বন্ধুক মাত্ৰ ১ টকাত ১০০০ একৰ মাটি; বিহাৰত ডাবল ইঞ্জিন চৰকাৰৰ ডাবল লুট!

মোডীৰ কৰ্পৰেট বন্ধুক মাত্ৰ ১ টকাত ১০০০ একৰ মাটি; বিহাৰত ডাবল ইঞ্জিন চৰকাৰৰ ডাবল লুট!

September 16, 2025 9:19 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰকৃতিৰ তাণ্ডৱ হিমাচল-উত্তৰাখণ্ডত! ডাৱৰ বিস্ফোৰণ আৰু বানপানীত মৃত্যু ৩ জনৰ

প্ৰকৃতিৰ তাণ্ডৱ হিমাচল-উত্তৰাখণ্ডত! ডাৱৰ বিস্ফোৰণ আৰু বানপানীত মৃত্যু ৩ জনৰ

September 16, 2025 11:13 am
বানৰ কবলত বিশ্বনাথ, ৫০০ৰো অধিক পৰিয়ালে হেৰুৱাই ঘৰ-বাৰী

বানৰ কবলত বিশ্বনাথ, ৫০০ৰো অধিক পৰিয়ালে হেৰুৱাই ঘৰ-বাৰী

September 16, 2025 10:38 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd