NORTHEAST NOW (Assamese)

মেঘালয়ত পুনৰ ১৯ গৰাকী বি এছ এফ জোৱান কোভিড-১৯ প’জিটিভ

July 23, 2020 3:09 pm · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

বৃহস্পতিবাৰে মেঘালয়ত নতুনকৈ ১৯ গৰাকী লোকৰ শৰীৰত কোভিড-১৯ৰ উপস্থিতি ধৰা পৰিছে।

নতুনকৈ কোভিড-১৯ত আক্ৰান্ত হোৱা এই কেইগৰাকী লোকৰ সৈতে মেঘালয়ত সক্ৰিয় কোভিড আক্ৰান্ত ৰোগীৰ সংখ্যা ৪৫৭ গৰাকীলৈ বৃদ্ধি পালে।

বৃহস্পতিবাৰে নতুনকৈ কোভিড-১৯ত আক্ৰান্ত হোৱা লোক কেইগৰাকীৰ ভিতৰত পূব খাচি পাহাৰীয়া জিলাৰ ১৩ গৰাকী বি এছ এফৰ জোৱান আৰু তিনিগৰাকীকৈ ক্ৰমে পশ্চিম গাৰো পাহাৰ আৰু দক্ষিণ গাৰো পাহাৰ জিলাৰ।

বৰ্তমানলৈ ৰাজ্যখনত কোভিড-১৯ত আক্ৰান্ত হোৱা বি এছ এফৰ জোৱানৰ সংখ্যা ২৮২ গৰাকীলৈ বৃদ্ধি পালে।

মেঘালয়ত বৰ্তমানলৈ মুঠ ৫৩৪ গৰাকী লোক কোভিড-১৯ত আক্ৰান্ত হোৱাৰ বিপৰীতে চিকিৎসাৰ অন্তত সুস্থ হৈ উঠিছে ৭৮ গৰাকী লোক।

আনহাতে, ৰাজ্যখনত এতিয়ালৈ চাৰি গৰাকী লোকৰ ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ ফলত মৃত্যু হৈছে।

মেঘালয়ত কোভিড-১৯ ত আক্ৰান্ত হোৱা লোক সকলৰ ভিতৰত অধিকাংশ লোকে বহিৰাজ্যৰ পৰা নিজ ৰাজ্যলৈ উভতি অহা।

মেঘালয় চৰকাৰে অসমত বৰ্দ্ধিত ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি অসমৰ সীমামুৰীয়া জিলা সমূহত ল’কডাউন ঘোষণা কৰিছিল।

Related News