• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, August 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মেঘালয়ৰ প্ৰথমজন ক’ভিড-১৯ আক্ৰান্ত চিনাক্ত, এজন চিকিৎসক

এন ই নাও নিউজ by এন ই নাও নিউজ
April 13, 2020 10:38 pm
COVID-10 positive cases reach 3900 in Assam

প্ৰতিনিধিত্বমূলক ফটো

1.4k
VIEWS
Share on FacebookShare on Twitter

এজন চিকিৎসক মেঘালয়ৰ প্ৰথম ক’ভিড-১৯ আক্ৰান্তৰূপে সোমবাৰে চিনাক্ত হৈছে।

ৰাজ্যখনৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী এ এল হেকে এই তথ্য সদৰী কৰিছে।

“বেথানি হস্পিটেলৰ এজন চিকিৎসকক কৰ’নাভাইৰাছ পজিটিভ পোৱা গৈছে আৰু তেওঁ মেঘালয়ৰ প্ৰথমজন ক’ভিড-১৯ ৰোগী,” হেকে কয়।

চিকিৎসকজনৰ বয়স ৬৯ বছৰ বুলি জানিব পৰা গৈছে।

স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে জনোৱা মতে ইতিমধ্যে চিকিৎসকজনে কাম কৰা ব্যক্তিগত চিকিৎসালয়খনৰ লগতে সমগ্ৰ অঞ্চলটো ছীল কৰি দিয়া হৈছে।

“কাকো চিকিৎসালয়খনত সোমাবলৈ দিয়া হোৱা নাই। স্বাস্থ্য বিষয়াসকলে প্ৰয়োজনীয় তথ্য আহৰণ কৰি আছে,” তেওঁ কয়।

উত্তৰ-পূবৰ ছিকিমৰ লগতে মেঘালয়তো ইয়াৰ পূৰ্বে কোনো ক’ভিড-১৯ ৰোগী চিনাক্ত হোৱা নাছিল।

ক’ভিড-১৯ ৰোগী চিনাক্ত নোহোৱা ছিকিম হৈ ৰৈছেগৈ এতিয়া উত্তৰ-পূবৰ একমাত্ৰ ৰাজ্য।

দেওবাৰে নাগালেণ্ডৰ প্ৰথমজন ক’ভিড-১৯ পজিটিভ ৰোগী চিনাক্ত হৈছিল।

বৰ্তমান তেওঁক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত চিকিৎসা কৰি থকা হৈছে।

ডিমাপুৰৰ এখন ব্যক্তিগত চিকিৎসালয়ত তেওঁৰ ক’ভিড-১৯ৰ লক্ষণ পোহৰলৈ আহিছিল।

পিছত তেওঁক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।

জি এম চি এইচত পৰীক্ষাৰ পিছত তেওঁ ক’ভিড-১৯ পজিটিভ বুলি নিশ্চিত হয়।

মণিপুৰৰ প্ৰথমগৰাকী ক’ভিড-১৯ ৰোগী সুস্থ হৈ উঠিছে। চিকিৎসাৰ অন্তত তেওঁক ঘৰলৈ যাবলৈ দিয়া হৈছে।

মণিপুৰত আৰু এজন ক’ভিড-১৯ ৰোগী চিকিৎসাধীন অৱস্থাত আছে।

অৰুণাচল প্ৰদেশ আৰু মিজোৰামত এগৰাকীকৈ আৰু ত্ৰিপুৰাত দুগৰাকী ক’ভিড-১৯ ৰোগী চিকিৎসাধীন হৈ আছে।

অসমত মুঠ ৩০জন ৰোগী চিনাক্ত হৈছে, এজনৰ মৃত্যু ঘটিছে।

অসমৰ চিকিৎসাধীন পাঁচগৰাকী ৰোগীৰ নমুনা নিগেটিভ ওলোৱা বুলি স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পূৰ্বে উল্লেখ কৰিছিল।

Tags: COVID-19

Recent News

প্ৰতিশ্ৰুতি পূৰণত বিফল অসম চৰকাৰঃ পাহাৰপুৰত স্থবিৰ হৈ আছে ৪১২ পৰিয়ালৰ পুনৰ্বাসন

প্ৰতিশ্ৰুতি পূৰণত বিফল অসম চৰকাৰঃ পাহাৰপুৰত স্থবিৰ হৈ আছে ৪১২ পৰিয়ালৰ পুনৰ্বাসন

ৰাষ্ট্ৰীয় ঔষধ মূল্য নিৰ্ধাৰণ কৰ্তৃপক্ষই হ্ৰাস কৰিলে ৩৫টা অত্যাৱশ্যকীয় ঔষধৰ মূল্য

ৰাষ্ট্ৰীয় ঔষধ মূল্য নিৰ্ধাৰণ কৰ্তৃপক্ষই হ্ৰাস কৰিলে ৩৫টা অত্যাৱশ্যকীয় ঔষধৰ মূল্য

অভেলত চিৰাজৰ বলিঙৰ যাদু: ভাৰতৰ অবিশ্বাস্য জয়

অভেলত চিৰাজৰ বলিঙৰ যাদু: ভাৰতৰ অবিশ্বাস্য জয়

বিটিচি নিৰ্বাচন ২০২৫ : প্ৰাৰ্থীৰ প্ৰথমখন তালিকা ঘোষণা বিপিএফৰ

বিটিচি নিৰ্বাচন ২০২৫ : প্ৰাৰ্থীৰ প্ৰথমখন তালিকা ঘোষণা বিপিএফৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd