কপিলী জলবিদ্যুৎ প্ৰকল্পৰ বিস্ফোৰণৰ আঁৰত অবৈধ কয়লা খনন : মেঘালয়ৰ RTI কৰ্মী

সোমবাৰে নীপক’ পৰিচালিত ডিমা হাচাও জিলাৰ কপিলী জলবিদ্যুৎ প্ৰকল্পৰ পাইপলাইন বিস্ফোৰণৰ কাৰণ মেঘালয় আৰু অসমৰ অবৈধ কয়লা খনন বুলি দাবী কৰিছে ৰাজ্যখনৰ বিশিষ্ট সমাজকৰ্মী এগ্নেছ খাৰছিঙে।

উক্ত ঘটনাটো সম্পৰ্কত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি খাৰছিঙে আজি এটা টুইটত কয়, ‘কপিলী বান্ধৰ ট্ৰেজেদী হৈছে মেঘালয় আৰু অসমত অবাধে চলি থকা কয়লা খননৰ ফল, ৪ জন লোকৰ এই পৰ্যন্ত সন্ধান নাই। যদি কৰ্তৃপক্ষই ব্যৱস্থা নলয় তেন্তে তলা লগাই দিয়া হওক যিহেতু জীৱনৰ সুৰক্ষা দিয়া হোৱা নাই।‘

কালি ডিমা হাচাওৰ উমৰাংচুস্থিত প্ৰকল্পটোৰ পাইপলাইন ফাটি যোৱাৰ ফলত নীপক’ পাৱাৰ হাউছকে ধৰি সমগ্ৰ অঞ্চল প্লাৱিত হৈ পৰিছিল। ঘটনাটোত সন্ধানহীন হৈ পৰা চাৰিজন কৰ্মচাৰীৰ মৃত্যুৰ আশংকা কৰা হৈছে।

লগতে পঢ়ক কপিলী জলবিদ্যুৎ প্ৰকল্পৰ পাইপলাইনত ভয়ংকৰ বিস্ফোৰণ, ৪ জনৰ মৃত্যু আশংকা; প্লাৱিত সমগ্ৰ অঞ্চল

উল্লেখযোগ্য যে উমৰাংচুস্থিত প্ৰকল্পটো মেঘালয়ৰ সীমাত লাগি আছে, সেই ঠাইখিনিত দীৰ্ঘদিন ধৰি অবৈধ কয়লা খনন চলি খকাৰ অভিযোগ আছে।

২০১৮ চনৰ নবেম্বৰ মাহৰ প্ৰথমটো সপ্তাহত মেঘালয়ৰ পূব জয়ন্তীয়া পাহাৰত ৰাজ্যখনত চলি থকা অবৈধ কয়লা খননৰ বিৰুদ্ধে যুঁজ দি অহা বিশিষ্ট সমাজকৰ্মী তথা RTI কৰ্মী খাৰছিঙৰ ওপৰত কয়লা মাফিয়াই আক্ৰমণ চলাইছিল।