মেঘালয় শিক্ষা ব’ৰ্ডৰ দশম শ্ৰেণীৰ পৰীক্ষাৰ ফলাফল ঘোষণা, শীৰ্ষত চেতনা বসু
মেঘালয়ৰ এছ এছ এল চিৰ দশম শ্ৰেণীৰ পৰীক্ষাৰ ফলাফল সোমবাৰে ঘোষণা কৰা হয়।
এই বাৰৰ পৰীক্ষাত ৫৬৮ নম্বৰ লাভেৰে মেঘালয়ৰ তুৰাৰ শ্বেৰউড স্কুলৰ ছাত্ৰী চেতনা বসুৱে শীৰ্ষ স্থান দখল কৰিবলৈ সক্ষম হৈছে।
শ্বিলঙৰ ছেইন্ট থমাছ হায়াৰ ছেকেণ্ডাৰী স্কুলৰ ছাইন’ভা মোদকে ৫৬৫ নম্বৰ লাভ কৰি দ্বিতীয় স্থান দখল কৰিছে।
শ্বিলঙৰে লিটল ফ্লাৱাৰ স্কুলৰ আইনামদাফিছা পি বিৰছাতে ৫৬১ নম্বৰ লাভ কৰি পৰীক্ষাত তৃতীয় স্থান দখল কৰিছে।
এই বেলি মেঘালয়ৰ দশম শ্ৰেণীৰ পৰীক্ষাত মুঠ ৫০,০৮১ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে অৱতীৰ্ণ হৈছিল।
ইয়াৰে প্ৰায় পঞ্চাশ শতাংশ ছাত্ৰ-ছাত্ৰীয়ে পৰীক্ষাত কৃতকাৰ্য হবলৈ সক্ষম হৈছে।
পৰীক্ষাত উত্তীৰ্ণৰ শতাংশ হাৰ হৈছে ৫০.৩১।
মুঠ ৫০,০৮২ গৰাকী পৰীক্ষাৰ্থীৰ ভিতৰত ২৫,১৯৫ গৰাকী শিক্ষাৰ্থী পৰীক্ষাত উত্তীৰ্ণ হৈছে।
পৰীক্ষাত এই বাৰো মেঘালয়ৰ তুৰাৰ শ্বেৰউড স্কুলে পূৰ্বৰ ধাৰা অক্ষুন্ন ৰাখি উজলি উঠিবলৈ সক্ষম হৈছে।