NORTHEAST NOW (Assamese)

সেনা, অৰ্ধসামৰিক বাহিনীৰ পৰা সুৰাৰ মাচুল ল’ব মেঘালয় চৰকাৰে

November 15, 2019 4:51 pm · এন ই নাও নিউজ
Updated: November 15, 2019 4:53 pm
কনৰাদ চাংমাৰ ফাইল ছবি।

কনৰাদ চাংমা কেবিনেটে বৃহস্পতিবাৰে মেঘালয় আবকাৰী সংশোধনী বিধি ২০১৯ত অনুমোদন জনাইছে আৰু সেইমতে ভাৰতীয় সামৰিক আৰু অৰ্ধসামৰিক বাহিনীসমূহৰ পৰাও এতিয়াৰে পৰা ৰাজ্যখনে সুৰাৰ মাচুল আদায় কৰিব।

মেঘালয়স্থিত ভাৰতীয় সামৰিক বাহিনীৰ গোটসমূহে অসমৰ নাৰেংগীৰ পৰা সুৰা সংগ্ৰহ কৰি আহিছে, কিন্তু ইয়াৰ পূৰ্বে মেঘালয়ে এইক্ষেত্ৰত কোনো মাচুল আদায় কৰা নাছিল।

সিদ্ধান্তমতে, সামৰিক আৰু অৰ্ধসামৰিক বাহিনীসমূহে ৰাজ্যখনলৈ অনা সুৰাৰ ওপৰত মূল্যভিত্তিক (ad valorem) ৪০ শতাংশ মাচুলৰ লগতে আমদানিৰ বাবদ ৪০ শতাংশ মাচুল আদায় লোৱা হ’ব।

বাহিনীসমূহৰ ক্ষেত্ৰত এই মাচুল এতিয়াও ৰেহাইমূলক, জনায় মুখ্য মন্ত্ৰী চাংমাই। “কিন্তু ই ৰাজ্যখনক প্ৰায় ১.৫ কোটি টকাৰ ৰাজহ দিব।”

তাৰোপৰি, সংশোধিত বিধিৰ ফলত ব’ন্দসমূহে আগতীয়া আবকাৰী কৰ দিয়াটো বাধ্যতামূলক হৈছে। অৰ্থাৎ আন কোম্পানিৰ পৰা সংগৃহীত সুৰাৰ বাবদ তেওঁলোকে আবকাৰী কৰ দিব লাগিব।

ৰাজ্যখনৰ খুচুৰা সুৰা বিক্ৰীকাৰীসকলৰ বাবেও কেবিনেটে এক নতুন মাচুল আৰোপৰ সিদ্ধান্ত লৈছে। ব’ন্দৰ পৰা সুৰা উঠোৱাৰ ক্ষেত্ৰত খুচুৰা বিক্ৰেতাসকলে এতিয়াৰে পৰা “ৰিটেইল লিফ্তিং ফীজ” আদায় দিব লাগিব।

“সুৰাৰ প্ৰতিটো কে’চৰ বাবদ খুচুৰা বিক্ৰেতাসকলে দুটকাকৈ মাচুল দিব লাগিব। প্ৰতি কে’চত দুটকাকৈ ই প্ৰায় ৬০-৭০ লাখ টকাৰ অতিৰিক্ত ৰাজহ সৃষ্টি কৰিব লাগে,” চাংমাই কয়।

চৰকাৰে মেঘালয়ৰ আবকাৰী ৰাজহ চলিত বিত্ত বৰ্ষত ২৫০ কোটি টকালৈ বৃদ্ধি কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। বৰ্তমান ৰাজ্যখনৰ এই পৰিমাণ প্ৰায় ২২৭ কোটি টকা।

“আশা কৰিছো পৰৱৰ্তী বিত্তীয় বৰ্ষলৈ গোটেই বস্তুবিলাক ঠিক-ঠাক হ’বগৈ আৰু আমি ৰাজহ বৃদ্ধি দেখিবলৈ পাম। টকাৰ মূল্যত আমি ৪০ৰ পৰা ৫০ কোটি অতিৰিক্ত ৰাজহত চকু দিছো,” চাংমাই কয়।

মেঘালয়ৰ আবকাৰী ৰাজহ ৰাজ্যখনৰ মুঠ ৰাজহৰ কেৱল ১০ৰ পৰা ১৫ শতাংশ।

চাংমা চৰকাৰে ৰাজ্যখনৰ আনুমানিক মুঠ ৰাজহ ২২০০ কোটি টকাৰ হিচাপত আবকাৰী ৰাজহ সৰ্বোচ্চ ২৫০ কোটি টকা কৰাৰ আশা কৰিছে।

Related News