২১ ডিচেম্বৰৰ পৰা পৰ্যটকৰ বাবে মুকলি হ’ব মেঘালয়ৰ পৰ্যটন স্থানৰ দুৱাৰ

কোভিড-১৯ৰ সংক্ৰমণৰ বাবে নমাহৰ বিৰতিৰ অন্তত মেঘালয় চৰকাৰে ৰাজ্যখনৰ পৰ্যটন স্থান সমূহ পৰ্যটক সকলৰ বাবে ২১ ডিচেম্বৰৰ পৰা মুকলি কৰি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে।

‘‘আমি ২১ ডিচেম্বৰৰ পৰা মেঘালয়ত পৰ্যটন স্থান সমূহ পৰ্যটক সকলৰ বাবে পুনৰ মুকলি কৰি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছো। সকলোৰে সুৰক্ষাৰ দিশটোৰ প্ৰতি লক্ষ্য ৰাখি আমি প্ৰতিগৰাকী পৰ্যটকৰ পঞ্জীয়ন @meghtourism এপৰ জৰিয়তে কৰোৱাটো বাধ্যতামূলক কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছো,’’ মেঘালয়ৰ মুখ্য মন্ত্ৰী কনৰাড চাংমাই সোমবাৰে কয়।

মেঘালয় চৰকাৰে ৰাজ্যখন ভ্ৰমণৰ বাবে আহিবলীয়া পৰ্যটক সকলৰ বাবে এখন বিশেষ এছ অ’ পি প্ৰস্তুত কৰি উলিয়াইছে।

মেঘালয় টুৰিজিম এপটো গুগল প্লে ষ্টোৰ আৰু এপ’ল মোবাইল ষ্টোৰত উপলব্ধ হ’ব।

এন্ড্ৰইডৰ বাবে লিংকটো হৈছে- https://play.google.com/store/apps/details?id=com.xlayer.meg.gov.tourism

আৰু আই অ’ এছৰ বাবে লিংকটো হৈছে-  https://apps.apple.com/in/app/meghalaya-tourism/id1524458250

মেঘালয় পৰ্যটন বিভাগৰ ৱেবচাইট https://www.meghalayatourism.in/ ৰ পৰাও পৰ্যটক সকলে ই-ইনভাইট কাৰ্ড গ্ৰহণ কৰিব পাৰিব।

মেঘালয়লৈ আহিবলগীয়া পৰ্যটক সকলে বৈধ ফটোৰ লগতে ফটো থকা পৰিচয় পত্ৰ মেঘালয় পৰ্যটন বিভাগৰ ৱেবচাইটত আপলোড কৰিব লাগিব।

ইয়াৰ উপৰিও কিমান সংখ্যক লোকে ভ্ৰমণ কৰিব আৰু ক’ত থাকিব এনেধৰণৰ বহু তথ্যও পৰ্যটক সকলে ৱেবচাইটত আপলোড কৰিব লাগিব বুলি মেঘালয় পৰ্যটন বিভাগৰ তৰফৰ পৰা উল্লেখ কৰা হৈছে।