NORTHEAST NOW (Assamese)

কাশ্মীৰৰ পতাকা ঘূৰাই নিদিয়া পৰ্যন্ত ভাৰতৰ জাতীয় পতাকাক সন্মান নকৰো, মেহবুবাৰ মন্তব্যত বিতৰ্কৰ সৃষ্টি

October 23, 2020 6:43 pm · এন ই নাও নিউজ

জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মেহবুবা মুফটিয়ে ভাৰতৰ জাতীয় পতাকাকলৈ কৰা এক মন্তব্যই এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে।

প্ৰায় ১৪ মাহ ধৰি গৃহবন্দী হৈ থকা মেহবুবাই আজি প্ৰথমবাৰৰ বাবে সংবাদমেল অমুষ্ঠিত কৰি কয় যে ভাৰত চৰকাৰে যেতিয়ালৈকে কাশ্মীৰৰ পতাকা ঘূৰাই নিদিয়ে তেতিয়ালৈকে তেওঁ ভাৰতৰ জাতীয় পতাকাক সন্মান নজনায়।

কাশ্মীৰত পুনৰ সংবিধানৰ ৩৭০ অনুচ্ছেদ বাহাল কৰাৰ দাবী জনাই মেহবুবাই কয় যে কাশ্মীৰ ভাৰতীয় সংবিধান মতেহে চলিব, বিজেপিৰ নীতি মতে নহয়।

বিজেপিয়ে এতিয়া কাশ্মীৰৰ পৰা সংবিধানৰ ৩৭০ অনুচ্ছেদ বিলোপ কৰাৰ বিষয়টোক নিৰ্বাচনী ইছ্যু হিচাবে লোৱাৰ প্ৰসংগত মেহবুবাই কয় যে বিজেপিৰ হাতত এতিয়া উন্নয়নৰ কোনো ইছ্যু নাই।

সেইবাবেই বিজেপিয়ে কাশ্মীৰৰ কথা বিহাৰত ক’বলগীয়া হৈছে।

উল্লেখ্য আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বিহাৰৰ ছাচাৰামত এক নিৰ্বাচনী জনসভাত অংশগ্ৰহণ কৰি কাশ্মীৰৰ পৰা সংবিধানৰ ৩৭০ অনুচ্ছেদ বিলোপ কৰিব পৰাটো বিজেপি চৰকাৰৰ বিৰাট সাফল্য বুলি মন্তব্য কৰে।

মোদীৰ মন্তব্যৰ বিৰোধিতা কৰি মেহবুবাই কয় যে মোডীৰ চৰকাৰে কাশ্মীৰী জনতাৰ স্বাধীনতা হৰণ কৰিছে।

Related News