NORTHEAST NOW (Assamese)

পল্লৱ লোচনৰ বিৰুদ্ধে ক্ষুব্ধ চাহ শ্ৰমিক : গৃহ সমষ্টিতে জ্বলিল প্ৰতিকৃতি

April 6, 2019 4:25 pm · কাজি জেইদুল ইছলাম

ৰাজ্য চৰকাৰৰ শ্ৰম আৰু নিয়োগ, চাহ জনজাতি কল্যাণ মন্ত্ৰী তথা তেজপুৰ লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী পল্লৱ লোচন দাসে চাহ শ্ৰমিক সকলক লৈ কৰা নিকৃষ্ট ৰাজনীতি কৰাৰ অভিযোগ তুলি আজি বিশ্বনাথৰ মিজিকা জান চাহ বাগিচাত আটছা কৰ্মী আৰু চাহ শ্ৰমিকসকলে প্ৰতিবাদ সাব্যস্ত কৰে।

উল্লেখযোগ্য যে মন্ত্ৰী পল্লৱ লোচন দাসে বাগিচাৰ মালিকৰ সৈতে বুজাবুজিৰে চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধিত বাধা দিয়া বুলি তেজপুৰ সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী এম জি ভি কে ভানুৱে অভিযোগ অনাৰ পিছৰ পৰা বিশ্বনাথাৰ চাহ শ্ৰমিকসকলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

মন্ত্ৰীজনে চাহ বাগিচাৰ মালিক পক্ষৰ লগত গোপন বুজাবুজি কৰি বাগিচাৰ শ্ৰমিক সকলৰ জীৱন অন্ধকাৰৰ ফালে ঠেলি দিলে বুলি ক্ষোভ প্ৰকাশ কৰি আটছা কৰ্মী আৰু বাগিচাখনৰ চাহ শ্ৰমিকসকলে তেওঁৰ প্ৰতিকৃতি দাহ কৰাৰ লগতে ‘পল্লৱ লোচন গ’ বেক’, ‘পল্লৱ লোচন দাস মুৰ্দাবাদ’, ‘পল্লৱ লোচন দাসৰ কাম নাই’ ইত্যাদি শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে।

শ্ৰমিকসকলে কয় ‘পল্লৱে আমাৰ শ্ৰমিকসকলৰ পেটত গোৰ মাৰিছে। শ্ৰম মন্ত্ৰী হৈ থাকোতে তেওঁ কিয় চাহ বাগিচাৰ শ্ৰমিকসকলৰ মজুৰি বৃদ্ধি নকৰিলে। এই প্ৰশ্নৰ উত্তৰ দিয়ক। তাৰ পিছতহে দিল্লী যোৱাৰ সপোন ৰচক।’

Related News