NORTHEAST NOW (Assamese)

কৃষকক সাৰ, বীজ বিতৰণ নকৰাৰ প্ৰতিবাদত নগাঁৱত কৃষক মুক্তিৰ ধৰ্ণা কাৰ্যসূচী

November 28, 2018 10:35 pm · মিণ্টু দাস

ৰাজ্য চৰকাৰে কৃষকৰ বাবে আবণ্টন দিয়া বীজ, সাৰ আদি সামগ্ৰী সময়মতে বিতৰণ নকৰাৰ প্ৰতিবাদত আজি নগাঁও জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে নগাঁও জিলা কৃষি বিভাগৰ কাৰ্যালয়ত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে।

প্ৰায় শতাধিক কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সদস্যই ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰি কৃষি বিভাগৰ লগতে ৰাইজে বিজেপি নেতৃত্বাধীন চৰকাৰৰ বিৰুদ্ধেও প্ৰতিবাদী শ্ল’গান দি উত্তাল পৰিস্থিতিৰ সৃষ্টি কৰে।

কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নগাঁও জিলা সমিতিৰ সম্পাদক জীতেন বৰাই সংবাদ মাধ্যমৰ আগত অভিযোগ কৰি কয় যে পঞ্চায়ত নিৰ্বাচনৰ দোহাই দি ৰাজ্যৰ মিত্ৰজোটৰ চৰকাৰে কৃষকক বীজ সাৰ যোগান নধৰি কৃষি বিভাগৰ ভঁৰালত বীজ, সাৰ আদি আবদ্ধ কৰি ৰাখিছে।

লগতে সম্পাদক গৰাকীয়ে বিজেপি নেতৃত্বাধীন চৰকাৰখনে একনায়কত্ববাদী মনোভাৱেৰে কৃষকক প্ৰতাৰণা কৰি আহিছে বুলি উল্লেখ কৰি তৎকালীনভাৱে কৃষি বিভাগক বীজ, সাৰ যোগান ধৰিবলৈ দাবী জনায়। অন্যথা কৃষি বিভাগৰ বিৰুদ্ধে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ব্যাপক আন্দোলন গঢ়ি তুলিব বুলি চৰকাৰক সতৰ্ক কৰি দিয়ে।

আনহাতে সংগঠনটোৱে জিলা কৃষি বিষয়াক ৫টা দাবী সম্বলিত এখন স্মাৰকপত্ৰ প্ৰদান কৰাৰ উপৰি কৃষি মন্ত্ৰী, কৃষি বিভাগৰ সঞ্চালক আৰু জিলা উপায়ুক্তকো ইয়াৰ প্ৰতিলিপি প্ৰদান কৰে।

Related News