NORTHEAST NOW (Assamese)

গোলাঘাটত জিলা উপায়ুক্ত বিভাস চন্দ্ৰ মোডীৰ বিৰুদ্ধে সৰৱ দুটাকৈ সংগঠন

April 9, 2021 2:10 pm · মীনাক্ষী ফুকন
ফটো: নর্থইষ্ট নাও।

গোলাঘাটত সদৌ অসম চুতীয়া ছাত্র সন্থা আৰু মটৰ শ্ৰমিক ইউনিয়নে আজি ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে।

গোলাঘাট ভি আই পি ৰোডস্থিত চুতীয়া ছাত্ৰ সন্থাৰ কাৰ্যালয় আৰু মটৰ শ্ৰমিক ইউনিয়নৰ কাৰ্যালয়ত জিলা প্ৰশাসনৰ উচ্ছেদৰ বিৰুদ্ধে সংগঠন দুটাই  এই প্ৰতিবাদ সাব্যস্ত কৰে।

সংগঠন দুটাৰ যৌথ  উদ্যোগত গোলাঘাট জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত সংগঠনৰ নেতা-কৰ্মীসকলে ধৰ্ণা কাৰ্যসূচীৰে প্ৰতিবাদ সাব্যস্ত কৰে।

গোলাঘাট জিলা উপায়ুক্ত বিভাষ চন্দ্ৰ মোডীৰ  বিৰুদ্ধে প্ৰতিবাদত সৰব হৈ পৰে সংগঠন দুটা। বিভিন্ন শ্ল’গানেৰে জিলা উপায়ুক্তক ক্ষুৰধাৰ  সমালোচনা কৰি অতি শীঘ্ৰে  কাৰ্যালয়ৰ বাবে ভূমি আৱন্টন দিবলৈ দাবী জনায়।

অন্যথা বিহুৰ পিছতে গণতান্ত্ৰিক প্ৰতিবাদৰ জৰিয়তে গোলাঘাট জিলা অচল কৰি দিয়াৰ হুংকাৰ প্ৰদান  কৰিছে সংগঠন দুটাই।

Related News