লক্ষ্মীনাথ বেজবৰুৱা শিশু ভৱন। নামেই যাৰ পৰিচয়। হয়, শিৱসাগৰৰ এখন আগশাৰী চৰকাৰী বিদ্যালয়। বিগত দুটা দিন ধৰি বিদ্যালয়খনৰ সন্মুখত মানুহৰ ভিৰ। কিন্তু কিয় এই ভিৰ?
শিৱসাগৰৰ এখন আগশাৰী চৰকাৰী খণ্ডৰ বিদ্যালয় লক্ষ্মীনাথ বেজবৰুৱা শিশু ভৱনত নতুন কৈ নামভৰ্তি কৰিবলৈ ৯ এপ্ৰিল অৰ্থাৎ শুকুৰবাৰে প্ৰ পত্ৰ বিতৰণ কৰিব। নিজৰ সন্তানক এই বিদ্যালয়ত নামভৰ্তি কৰিবৰ বাবে অভিভাৱকে এইদৰে বুধবাৰৰ আবেলিৰ পৰাই শাৰী পাতি বিদ্যালয়ৰ প্ৰৱেশ দুৱাৰৰ সন্মুখত বহি পৰিছে। বিদ্যালয়খনৰ সন্মুখত ৰদ-বৰষুণকো নেওচি এইদৰে ৰাতি উজাগৰে নিশা পাৰ কৰিছে অভিভাৱকসকলে।
উল্লেখ্য যে বিদ্যালয় কৰ্তৃপক্ষই ১২০ খন প্ৰ পত্ৰ বিতৰণ কৰিব আৰু তাৰে ভিতৰত ৭৫ গৰাকী ছাত্ৰ ছাত্ৰীক নামভৰ্তিৰ সুবিধা দিয়া হ’ব বুলি জানিবলৈ দিয়ে।
যি সময়ত ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ দপদপনিত এখন এখন কৈ চৰকাৰী মাধ্যমৰ বিদ্যালয় বন্ধ হ’ব ধৰিছে ঠিক তেনে সময়তে শিৱসাগৰৰ লক্ষ্মীনাথ বেজবৰুৱা শিশু ভৱন এক আদৰ্শ হৈ ৰ’ব।
আনহাতে অভিভাৱকসকলে নিজৰ সন্তানক অসমীয়া মাধ্যমৰ বিদ্যালয়ত নামভৰ্তি কৰিবলৈ লোৱা প্ৰচেষ্টাৰ পৰা জানিব পাৰি যে অসমীয়া ভাষাৰ প্ৰতি অসমীয়াৰ দৰদ, হেঁপাহ, আগ্ৰহ কিমান। অসমীয়া জাতি-ভাষাৰ সংকটৰ সময়ত লোৱা এই প্ৰচেষ্টাই অসমীয়া মাধ্যমৰ বিদ্যালয়ত সুফল দিয়া ৰ পথত অগ্ৰসৰ হৈছে।