• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home অভিমত

ফানেং গাৱঁৰ মধুৰ স্মৃতি…

 ৰাণা চাংমাই by ৰাণা চাংমাই
January 24, 2022 7:36 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বহু দিনৰ বিৰতিৰ অন্তত ফানেং গাৱঁলৈ ওলালো। বিৰতি মানে দুবছৰতকৈও বেছি দিনৰ ব্যৱধানত এই যাত্ৰা। পুৱাই সাজু হ’লো। দেওবাৰ, এইকেইদিন চেগা-চোৰোকাকৈ হৈ যোৱা বৰষুণৰ পিছৰ ফৰকাল পুৱা। পিচে মাঘমহীয়া ফেৰফেৰীয়া বতাহজাকক প্ৰতিহত কৰিবলৈ ডাঠ ছামৰাৰ জেকেট, হাতমোজাৰ শৰণাপন্ন হ’ব লগা হ’ল। তিনিচুকীয়া- মাকুম- ডিগবৈ- মাৰ্ঘেৰিটা- লিডু-দিহিং পাটকাই সমন্বয় ক্ষেত্ৰ- কেনিয়া গাওঁ- ফানেং।

ফানেং এখন অতি ক্ষুদ্ৰ তাই ফাকে গাওঁ। সমগ্ৰ পৃথিৱীত তাই ফাকে জনগোষ্ঠীৰ জনসংখ্যা দুই হাজাৰতকৈও কম। এই অতিক্ষুদ্ৰ জনগোষ্ঠীটো অসমৰ সৰু বৰ এঘাৰজন গাঁৱত বসবাস কৰে আৰু কাষৰীয়া অৰুণাচল প্ৰদেশৰ লোহিত জিলাত মাত্ৰ কেইঘৰমান তাই ফাকে মানুহ আছে। ডিব্ৰুগড় জিলাৰ নাহৰকটীয়াৰ দুখন গাৱঁৰ বাহিৰে বাকী সকলো মানুহ তিনিচুকীয়া জিলাৰ লিডু-লেখাপানী অঞ্চলত সিঁচৰতি হৈ আছে।

Apply Now

২০০১-০২ চন মানৰ পৰা আন আন তাই ফাকে গাৱঁৰ লগতে ফানেং তাই ফাকেগাৱঁৰ সৈতে মোৰ এটা গভীৰ সম্পৰ্ক গঢ়ি উঠে। এই অঞ্চলটোৰ সকলো বোৰ জনগোষ্ঠী (তাংছা, চেমা নাগা, চিংফৌ, তাই ফাকে, তাই খাময়াং আদি)ৰ সৈতে আত্মিক সম্পৰ্কৰ পটভূমি আছিল অধূনালুপ্ত “দিহিং-পাটকাই উৎসৱ” – য’ত মই সৰ্বান্ত:কৰণে সোমাই পৰি এই জনগোষ্ঠীসমূহকক তেওঁলোকৰ কৃষ্টি সংস্কৃতি, সাজপাৰ, খাদ্যাভ্যাসৰ সৈতে ভালকৈ বুজি উঠিছিলোঁ, আপোন হৈ পৰিছিলো সহজতে। লগতে, মাকুম, তিনিচুকীয়াৰ অক্লান্ত সমাজ কৰ্মী ভাতৃপ্ৰতীম অখিল বৰুৱাৰ পথ প্ৰদৰ্শন, সহযোগ আৰু অনুপ্ৰেৰণা।

ইয়াৰ আগতে শেষৰবাৰ ফানেঙলৈ আহোঁতে টিৰাপ নদীখন বাঁহৰ অস্থায়ী দলংখনেৰে পাৰ হৈছিলো আৰু নদীৰ গৰা বগাই নদী কাষৰীয়া বাঁহগছৰ মাজৰ লুংলুঙীয়া বাটটোৰে গৈ বৌদ্ধ মন্দিৰৰ আগচোতালত উশাহ লৈছিলো গৈ। ফানেংগাৱঁলৈ আহিলে সদায় মই নদীখন পাৰ হৈ ঢপলিয়াই আহোঁ। সদায় উছাহে নধৰে মন। মন্দিৰৰ ওচৰ পাওঁতে খনচেং, ইনাও, চৈথনহঁতে “ছাৰ আহিলে! ছাৰ আহিলে!” বুলি চিঞৰি বাখৰি মোক নিজৰ ঘৰলৈ টানি নিয়ে। জুশালৰ কাষত বহি ঘৰতে তৈয়াৰ কৰা চাহ পাতৰ ‘ফিকা’ চাহৰ চুঙাত চুমুক দি গাঁৱৰ সকলোৰে খবৰ লওঁ। গাঁৱৰ মুখিয়াল আইমন ছাখাপ, ভাতৃ আইচেং, আৰক্ষী ইথান ভন্টি. … সকলোৰে খবৰ। লাহে লাহে প্ৰায় সকলো চিনাকি মানুহ আহি খনচেংহঁতৰ চোতাল ভৰি পৰে। হাঁহি ধেমালিৰ দিনটো পাৰ হয়। খাই বৈ বেলি লহিয়ালে তিনিচুকীয়ালৈ উভতনি যাত্ৰা। নদীৰ পাৰলৈকে ল’ৰা বুঢ়া এজাক মানুহে আহি হাত জোকাৰি জনোৱা বিদায় আৰু তাৰ সৈতে বিষাদৰ অনুসংগ। তৃপ্ত মন এটা লৈ সুখানুভূতিৰ অনুৰণনসহ পুনৰ কৰ্মস্থলী, তিনিচুকীয়া।এইটোৱেই মোৰ আৰু ফানেঙৰ সুদীৰ্ঘ সম্পৰ্ক।

নতুনকৈ সাজি উলিওৱা পকী দলঙৰে আজি কেনিয়া গাওঁ হৈ খনচেঙৰ চোতালত গৈ মটৰ চাইকেল ৰাখিলোগৈ। কি আচৰিত! আজি ঘৰৰ দুৱাৰ বন্ধ, কোনো মানুহ নাই। কি হ’ল! কিবা এটা হৈছে! নহ’লে ঘৰত কোনো নাথাকিব কিয়?

কাষৰ ঘৰলৈকে গ’লো। খনচেঙৰ আইতাক ওলাই আহিল। “অ’ ছাৰ দেখোন! ক’ৰ পৰা ওলালহি? ইমান দিনৰ মূৰত!” কুশল বিনিময়ৰ অন্তত বুঢ়ীয়ে পৰিয়ালটোৰ দুৰ্দশাৰ কথা বৰ্ণনা কৰিলে- খনচেঙৰ বিয়া হৈ গ’ল নাহৰকটীয়াৰ নামফাকে গাঁৱলৈ। ইনাও মাৰ্ঘেৰিটা কলেজত শেষ ছিমেষ্টাৰত, ভাৰাঘৰত থাকে, চৈথন ক্লাছ ছিক্সত, সিহঁতৰ মাক আমহন, মানে বুঢ়ীৰ বোৱাৰীয়ে আনৰ ঘৰত কাম বন কৰি ঘৰখন যেনে তেনে চলাই আছে।

সিহঁতৰ দেউতাক? মানে বুঢ়ীৰ পুতেক – বুবুকণ? তাৰ কি হ’ল??

বুঢ়ীয়ে চকু দুটা চাদৰৰ আচলেৰে মচি থুকা-থুকি মাতেৰে ক’লে,”সি নিজৰ ল’ৰা তিৰোতা এৰি বেলেগ এজনী মাইকীৰ লগত গুচি গ’ল।” মোৰ মাত বন্ধ হ’ল। এইটো কেনেকৈ সম্ভৱ হ’ল!

ওচৰৰ পথাৰত আনৰ সৰিয়হ উঠাবলৈ যোৱা খনচেঙৰ মাক আমহন্ দৌৰা-দৌৰিকৈ আহি ঘৰ পালেহি। মানুহজনীৰ মুখলৈ চাবলৈ মোৰ সাহ নহ’ল। নিজৰ মানুহটোৱে বেলেগে ঘৈনীয়েকক পলুৱাই নি সংসাৰ কৰিছে ইফালে নিজৰ পৰিয়ালটোৰ নাজল- নাথল অৱস্থা আৰু এই সৰল মানুহজনীয়ে আনৰ সৰিয়হৰ পথাৰত কাম কৰি পৰিয়ালটোৰ ধৰি ৰাখিছে। দুবছৰেই হ’ল মানুহটোৱে এৰা দিয়া।

নিজৰ ওপৰতে খং উঠিল। ইমান দিনে মই কিয় খবৰ এটা নকৰিলোঁ? মানুহঘৰ কেনেকৈ চলিছে! আমহনে নিশ্চয় নিজৰ দুৰ্দশাৰ কথা মোক জনাবলৈ ইচ্ছা নকৰিলে। তাই স্বাভিমানী মানুহ।

মনত পৰিল এটা অভিলাষী আঁচনি প্ৰস্তুত কৰি উজনি অসমত প্ৰথম বাৰৰ কাৰণে ‘ফানেং ইক’ট্যুৰিজিম্’ নাম দি এটা প্ৰকল্প আৰম্ভ কৰিছিল কে’ৰিন্ ফিচ্ছাৰে। কে’ৰিন আছিল অতি উৎসাহী কৰ্মতৎপৰ সমাজৰ নি:স্বজনৰ বাবে জীৱন উৎসৰ্গা কৰা আমেৰিকান মহিলা। মই নিজেই কে’ৰিনৰ সৈতে ফানেং প্ৰকল্পৰ সৈতে যুক্ত আছিলোঁ। গাঁৱৰ বৌদ্ধ মন্দিৰটোৰ উন্নয়নৰ কাম নিজৰ পইচাৰে কৰিবলৈ তেতিয়া কে’ৰিনে সিদ্ধান্ত ল’লে, মই তিনিচুকীয়াৰ পৰা সকলো যা-যোগাৰ কৰি সুকলমে কামটো সমাধা কৰিছিলোঁ। সেইয়া আছিল ২০০২-০৩ চনৰ কথা। বুবুকণৰ ওপৰত অগাধ বিশ্বাস আছিল কে’ৰিনৰ।

দায়িত্বও বহুত দিছিল। ফানেঙৰ ডেকা গাভৰুহঁতক শিকাই বুজাই কে’ৰিনে, কেনেকৈ লাভজনক ‘ইক’ট্যুৰিজিম’ প্ৰকল্পটো চলাব লাগে, কেনেকৈ বিদেশী পৰ্যটকক আপ্যায়ন কৰিব লাগে তাক দেখুৱাই শিকাই এটা নজিৰ স্থাপন কৰিলে। এটা অসাধ্য সাধন কৰিলে। বুবুকণ আৰু আমহনক সকলো সুপৰামৰ্শ দি এটা আদৰ্শ পৰিয়াল ৰূপে গঢ় দিলে। খনচেং আৰু ইনাওক জাগুনৰ ইংৰাজী স্কুলত সকলো খৰছ পাতি দি পঢ়োৱালে। পিচত কে’ৰিন ফিচ্ছাৰে চিৰদিনলৈ অসম এৰি যাব লগা হ’ল, কিন্তু বুবুকণ-আমহনৰ পৰিয়ালটোক পাৰ্যমানে চোৱা-চিতা কৰি আছিল, অসম এৰি যোৱাৰ বহু দিন পিছতো। আজি সেই বুবুকণে সেইজনী সাদৰী মানুহ আৰু মৰমৰ ল’ৰা ছোৱালীক এৰি তিনিটা ল’ৰা ছোৱালীৰ মাক এজনীৰ লগত গুচি যাব পাৰিলে কেনেকৈ?? সি এবাৰো পৰিয়ালটোৰ কথা, কে’ৰিনৰ কথা আমাৰ কথা নাভাবিলে?

আমহনে সেমেকা হাঁহি এটাৰে মাথো ক’লে ” ছাৰ আপুনি এবাৰ মানুহটোক বুজাবচোন। আপোনাৰ কথা মানিব। সি যেন আকৌ গুচি আহে। তাৰ উপাৰ্জন একো নাই,সি কষ্ট পাইছে। আহিলে মই আদৰি লম। আমি খেতি বাতি কৰি ভালকৈ চলিব পাৰিম।”

কথা পাতি থাকোঁতে মাৰ্ঘেৰিটাৰ পৰা ইনাওৱে ফোন কৰিলে।তাই নথকাত সিহঁতৰ ঘৰলৈ অহাত দুখ কৰিলে। তাই ফাইনেল পৰীক্ষাৰ কাৰণে পঢ়ি আছে আৰু পেহীয়েকৰ নিচিনাকৈ কনিষ্টবল চাকৰিৰ কাৰণে চেষ্টা আৰম্ভ কৰিছে। ট্ৰেক বনাই দৌৰ প্ৰেক্টিছ্ কৰিছে।

আজি ফানেঙত বেছি সময় নকৰিলোঁ। মনটো ভাৰাক্ৰান্ত হৈ পৰিল। বহু সময় নি:শব্দেৰ বহি থাকিলো। লগে ভাগে ভাত এসাজ খাম বুলি লৈ যোৱা বজাৰখিনি আমহনৰ হাতত দি আকৌ এদিন আহিম বুলি কৈ ততাতৈয়াকৈ ফানেং এৰিলোঁ। বিদ্যালয়ৰ কোনো আনুষ্ঠানিকতাৰ অৱকাশ নাছিল।

আকৌ আহিম। আকৌ আহিব লাগিব।মোৰ মানস পটৰ পৰা ফানেং মোচখাই নাযায়।যাব নোৱাৰে। ইনাওৱে বি এ পাছ কৰিব। এটা চাকৰি কৰিব। তাইক উৎসাহ দি থাকিব লাগিব। বুবুকণ-আমহনৰ ভগা সংসাৰখন জোৰা লাগিব নে? বা জোৰা লগা সম্ভৱ নে? উচিত নে? এনেবোৰ প্ৰশ্নটো মনত ঠাই নিদিওঁ। কেৱল পাৰ্যমানে চিন্তা কৰিম ইনাওৰ কথা। চিন্তা কৰিম চৈথনৰ কথা। সিহঁতৰ ভাল হওক। কিবা এটা কৰিব লাগিব। নিশ্চয় কৰিব লাগিব।

 ৰাণা চাংমাই

ৰাণা চাংমাই

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

June 6, 2026 9:04 pm
দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

June 6, 2026 8:52 pm
বিশ্বৰ বিজ্ঞান পত্ৰিকাত জুবিন গাৰ্গৰ হামিঙৰ ব্যাখ্যা: আৱেগ আৰু বিজ্ঞানৰ এক অপূৰ্ব মিলন

বিশ্বৰ বিজ্ঞান পত্ৰিকাত জুবিন গাৰ্গৰ হামিঙৰ ব্যাখ্যা: আৱেগ আৰু বিজ্ঞানৰ এক অপূৰ্ব মিলন

June 6, 2026 8:42 pm
মাত্ৰ পাঁচ দিনৰ তীব্ৰ গৰমতে প্ৰাণ হেৰুৱাব পাৰে ৩০ হাজাৰ লোকে : আটাইতকৈ ভয়াৱহ স্থিতি উত্তৰ প্ৰদেশৰ

মাত্ৰ পাঁচ দিনৰ তীব্ৰ গৰমতে প্ৰাণ হেৰুৱাব পাৰে ৩০ হাজাৰ লোকে : আটাইতকৈ ভয়াৱহ স্থিতি উত্তৰ প্ৰদেশৰ

June 6, 2026 8:39 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

June 6, 2026 9:04 pm
দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

June 6, 2026 8:52 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd