• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

মণিপুৰত ফুটবল খেলাৰ নতুন পদ্ধতি! হাতত আগ্নেয়াস্ত্ৰ, ভৰিত ফুটবল, কুকি বিদ্ৰোহীলৈ সন্দেহৰ আঙুলি  

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 7, 2025 11:51 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শেহতীয়াকৈ এদল যুৱকে হাতত ৰাইফল লৈ ফুটবল খেলাৰ ভিডিঅ’ ভাইৰেল হৈছে। ভিডিঅ’টোত দেখা গৈছে খেলুৱৈৰ সাজ-পোছাক পৰিহিত এজন ব্যক্তিয়ে কান্ধত আৰু হাতত দুটা এছাল্ট ৰাইফল লৈ খেলপথাৰত খোজ কাঢ়ি হাঁহিছে। জানিব পৰা মতে এই ঘটনা সংঘটিত হৈছে মণিপুৰৰ কাংপকপি জিলাত। উল্লেখ্য যে ‘নৰ্থইষ্ট নাও’-এ ভিডিঅ’টোৰ সত্যতা পৰীক্ষা কৰা নাই।

এই ভিডিঅ’টো প্ৰথমে ইনষ্টাগ্ৰামত পোষ্ট কৰিছিল মণিপুৰৰ কাংপকপি জিলাৰ জনপ্ৰিয় ভিলগাৰ নাম্পি ৰোমিঅ’ হানছাঙে। তাত ফুটবল খেলি থকা যুৱকৰ এটা দলে আমেৰিকাৰ এম ছিৰিজ আৰু এ কে এছাল্ট ৰাইফল লৈ থকা দেখা গৈছে। বন্দুকৰ নলীবোৰ ৰঙা ফিতাৰে বান্ধি থোৱা আছিল।

A video showing men armed with assault rifles openly 'playing' football in Manipur's Kangpokpi district has gone viral.

What's going on in Manipur 🙄 pic.twitter.com/MNdkmyxAgc

— All India Football (@AllIndiaFtbl) February 6, 2025

প্ৰথম অৱস্থাত ভিডিঅ’টোত খেলুৱৈয়ে বন্দুক লৈ থকা দৃশ্য দেখা গৈছিল যদিও পাছত হানছাঙে ভিডিঅ’টো ডিলিট কৰিছিল। ইয়াৰ পিছত তেওঁ ফুটবল খেলখনৰ সম্পাদিত ভিডিঅ’ পোষ্ট কৰে, য’ত বন্দুকৰ দৃশ্যটো আঁতৰাই পেলোৱা হয়। ভিডিঅ’টোৰ শেষৰ অংশত গাঢ় সেউজীয়া সামৰিক পোছাক পৰিহিত আৰু অস্ত্ৰ-শস্ত্ৰৰে সজ্জিত একাংশ লোকক মঞ্চত নাচি থকা দেখা গৈছে। তেওঁলোকৰ কান্ধৰ বেজত দেখা যায় কুকি নেচনেল ফ্ৰণ্টৰ ল’গ’।

মণিপুৰৰ মেইটেই সম্প্ৰদায়ৰ মেইটেই হেৰিটেজ ছ’চাইটিয়ে এই ঘটনাৰ তীব্ৰ প্ৰতিবাদ কৰি লিখিছে, “এই ফুটবল প্ৰতিযোগিতাৰ ভিডিঅ’টো ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে। কিন্তু আটাইতকৈ আতংকজনক কথাটো পোহৰলৈ আহিছে খেলুৱৈসকলে মুকলিকৈ অস্ত্ৰ প্ৰদৰ্শন কৰা। এইখন স্বাভাৱিক ফুটবল মেচ নেকি, নে কুকি বিদ্ৰোহীৰ বাবে প্ৰতিযোগিতা? আমি প্ৰশাসনৰ পৰা উচিত তদন্তৰ দাবী জনাইছো।”

অভিযোগ উত্থাপন হৈছে যে এই ভিডিঅ’টো কেৱল ফুটবল খেলৰ অংশ নহয়, বৰঞ্চ মণিপুৰৰ দীৰ্ঘদিনীয়া জাতিগত আৰু সশস্ত্ৰ সংঘাতৰ প্ৰতিফলন, যিটো ক্ৰমান্বয়ে গভীৰ সংকটৰ দিশে আগবাঢ়িছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

September 17, 2025 7:24 pm
ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

September 17, 2025 7:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd