NORTHEAST NOW (Assamese)

মণিপুৰত ফুটবল খেলাৰ নতুন পদ্ধতি! হাতত আগ্নেয়াস্ত্ৰ, ভৰিত ফুটবল, কুকি বিদ্ৰোহীলৈ সন্দেহৰ আঙুলি  

February 7, 2025 11:51 am · এন ই নাও নিউজ, গুৱাহাটী

শেহতীয়াকৈ এদল যুৱকে হাতত ৰাইফল লৈ ফুটবল খেলাৰ ভিডিঅ ভাইৰেল হৈছে। ভিডিঅটোত দেখা গৈছে খেলুৱৈৰ সাজ-পোছাক পৰিহিত এজন ব্যক্তিয়ে কান্ধত আৰু হাতত দুটা এছাল্ট ৰাইফল লৈ খেলপথাৰত খোজ কাঢ়ি হাঁহিছে। জানিব পৰা মতে এই ঘটনা সংঘটিত হৈছে মণিপুৰৰ কাংপকপি জিলাত। উল্লেখ্য যে ‘নৰ্থইষ্ট নাও’-এ ভিডিঅ’টোৰ সত্যতা পৰীক্ষা কৰা নাই।

এই ভিডিঅটো প্ৰথমে ইনষ্টাগ্ৰামত পোষ্ট কৰিছিল মণিপুৰৰ কাংপকপি জিলাৰ জনপ্ৰিয় ভিলগাৰ নাম্পি ৰোমিঅ হানছাঙে। তাত ফুটবল খেলি থকা যুৱকৰ এটা দলে আমেৰিকাৰ এম ছিৰিজ আৰু এ কে এছাল্ট ৰাইফল লৈ থকা দেখা গৈছে। বন্দুকৰ নলীবোৰ ৰঙা ফিতাৰে বান্ধি থোৱা আছিল।

প্ৰথম অৱস্থাত ভিডিঅটোত খেলুৱৈয়ে বন্দুক লৈ থকা দৃশ্য দেখা গৈছিল যদিও পাছত হানছাঙে ভিডিঅটো ডিলিট কৰিছিল। ইয়াৰ পিছত তেওঁ ফুটবল খেলখনৰ সম্পাদিত ভিডিঅ পোষ্ট কৰে, যত বন্দুকৰ দৃশ্যটো আঁতৰাই পেলোৱা হয়। ভিডিঅটোৰ শেষৰ অংশত গাঢ় সেউজীয়া সামৰিক পোছাক পৰিহিত আৰু অস্ত্ৰ-শস্ত্ৰৰে সজ্জিত একাংশ লোকক মঞ্চত নাচি থকা দেখা গৈছে। তেওঁলোকৰ কান্ধৰ বেজত দেখা যায় কুকি নেচনেল ফ্ৰণ্টৰ ল

মণিপুৰৰ মেইটেই সম্প্ৰদায়ৰ মেইটেই হেৰিটেজ ছচাইটিয়ে এই ঘটনাৰ তীব্ৰ প্ৰতিবাদ কৰি লিখিছে, “এই ফুটবল প্ৰতিযোগিতাৰ ভিডিঅটো ছচিয়েল মিডিয়াত ভাইৰেল হৈছে। কিন্তু আটাইতকৈ আতংকজনক কথাটো পোহৰলৈ আহিছে খেলুৱৈসকলে মুকলিকৈ অস্ত্ৰ প্ৰদৰ্শন কৰা। এইখন স্বাভাৱিক ফুটবল মেচ নেকি, নে কুকি বিদ্ৰোহীৰ বাবে প্ৰতিযোগিতা? আমি প্ৰশাসনৰ পৰা উচিত তদন্তৰ দাবী জনাইছো।”

অভিযোগ উত্থাপন হৈছে যে এই ভিডিঅটো কেৱল ফুটবল খেলৰ অংশ নহয়, বৰঞ্চ মণিপুৰৰ দীৰ্ঘদিনীয়া জাতিগত আৰু সশস্ত্ৰ সংঘাতৰ প্ৰতিফলন, যিটো ক্ৰমান্বয়ে গভীৰ সংকটৰ দিশে আগবাঢ়িছে।

Related News