Meta to unveil new text-based social network দিন যোৱাৰ লগে লগে মেটাৰ (Meta)অন্তৰ্ভুক্ত ছচিয়েল প্লেটফৰ্মসমূহ সমগ্ৰ বিশ্বতে জনপ্ৰিয় হৈ পৰিছে। বাকী প্লেটফৰ্মবোৰে হোৱাটছএপ আৰু ইনষ্টাগ্ৰামৰ দৰে এপৰ সৈতে প্ৰতিযোগিতাত সংগ্ৰাম কৰিবলগা হৈছে। তাৰ মাজতে এইবাৰ মেটাই টুইটাৰক প্ৰত্যাহ্বান জনাবলৈ এটা নতুন ৰণনীতি গ্ৰহণ কৰিছে।
চেলিব্ৰিটিৰ পৰা সাধাৰণ মানুহলৈকে সকলোৱে বাতৰিৰ বিশ্বাসযোগ্যতাৰ ক্ষেত্ৰত টুইটাৰ (Twitter)ৰ ওপৰত নিৰ্ভৰ কৰে। নেটিজেনসকলে কেইটামান শব্দ লিখি দ্ৰুত আপডেট দিবলৈ ইলন মাস্কৰ এই প্লেটফৰ্মটো বাছনি কৰে।
লগতে পঢ়ক: কিহৰ ইংগিত? আমেৰিকা যুক্তৰাষ্ট্ৰৰ ইতিহাসত আটাইতকৈ বৃহৎ সামৰিক বাজেট প্ৰস্তাৱ বিডেনৰ
সংবাদ মাধ্যমৰ এক প্ৰতিবেদন অনুসৰি, মেটাই এটা এপ অনাৰ পৰিকল্পনা কৰিছে য’ত লিখনিক আটাইতকৈ বেছি গুৰুত্ব দিয়া হ’ব। এইটো জানিব পৰা গৈছে যে এই নতুন এপটো টুইটাৰৰ প্ৰতিযোগী ActivityPub-ৰ দৰে হ’ব। ইয়াক P92 নাম দিয়া হৈছে।
সকলো ঠিকে থাকিলে এই এপটো ইনষ্টাগ্ৰামত অন্তৰ্ভুক্ত কৰা হ’ব। অৰ্থাৎ, ইনষ্টাগ্ৰাম ব্যৱহাৰকাৰীসকলে সেই একাউণ্টৰ ইউজাৰ আইডি আৰু পাছৱৰ্ডৰ দ্বাৰাই নতুন এপটো ব্যৱহাৰ কৰিবলৈ সক্ষম হ’ব।
এতিয়ালৈকে আনুষ্ঠানিকভাৱে একো ঘোষণা কৰা হোৱা নাই যদিও মেটাৰ মুখপাত্ৰই বিষয়টো নিশ্চিত কৰিছে। মাৰ্ক জুকাৰবাৰ্গৰ কোম্পানীয়ে এখন প্লেটফৰ্ম সৃষ্টি কৰাৰ কথা ভাবি আছে য’ত সাধাৰণ মানুহ আৰু চেলিব্ৰেটীসকলে কেৱল লিখনিৰ জৰিয়তে দ্ৰুততাৰে তেওঁলোকৰ আপডেট দিব পাৰে।
লগতে পঢ়ক: যুদ্ধৰ খৱৰ! ইউক্ৰেইনত নাটো-আমেৰিকা যুক্তৰাষ্ট্ৰৰ অস্ত্ৰ-শস্ত্ৰ জব্দ কৰি ইৰাণক দিছে ৰাছিয়াই
পৃথকে কোৱাৰ প্ৰয়োজন নাই যে এই নতুন চিন্তাৰ লক্ষ্যটো হৈছে টুইটাৰক প্ৰত্যাহ্বান জনোৱা। জানিব পৰা গৈছে যে এপটো প্ৰস্তুত কৰাৰ কাম ইতিমধ্যে আৰম্ভ হৈছে।