NORTHEAST NOW (Assamese)

ৰাজ্যত পুনৰ ঘণ্টাত ৬০-৭০ কিলোমিটাৰ বেগত ধুমুহাৰ সম্ভাৱনা : বতৰ বিজ্ঞান কেন্দ্ৰ

April 4, 2019 7:25 pm · এন ই নাও নিউজ
Updated: April 4, 2019 7:30 pm
প্ৰতিনিধিত্বমূলক ফটো

ৰাজ্যৰ বিভিন্ন ঠাইত আজি কেইবাদনিনো ধৰি ধুমুহাই বিধ্বংসী ৰূপ ধাৰণ কৰি থকাৰ সময়তে পুনৰ ৰাজ্যত বিধ্বংসী ধুমুহা অহাৰ সম্ভাৱনা ব্যক্ত কৰিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই।  এই বিধ্বংসী ধুমহাই উত্তৰ-পূৰ্বাঞ্চলৰ কেইবাখনো ৰাজ্যত সংহাৰ ৰূপ ধাৰণ কৰিব বুলি আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই জানিবলৈ দিয়ে।

উল্লেখযোগ্য যে বৃহস্পতিবাৰে বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই এই আগজাননী সদৰী কৰিছে। বতৰ বিজ্ঞান কেন্দ্ৰই জানিবলৈ দিয়া ৰাজ্যখনৰ বিভিন্ন ঠাইত অহা ৭ আৰু ৮ এপ্ৰিলত প্ৰতি ঘণ্টাত ৬০-৭০ কিলোমিটাৰ বেগত ধুমুহা অহাৰ সম্ভাৱনা আছে। তাৰোপৰি প্ৰৱল বৰষুণ আৰু বজ্ৰপাত পৰাৰো সম্ভাৱনা ব্যক্ত কৰিছে।

বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই অহা ৭-৮ এপ্ৰলিত আহিব লগীয়া এই বিধ্বংসী ধুমুহাৰ প্ৰভাৱ বিশেষকৈ অসম, অৰুণাচল প্ৰদেশ আৰু মেঘালয়ত বৈছিকৈ পৰিব বুলি আশংকা প্ৰকাশ কৰিছে।

Related News