• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 19, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কিহৰ শংকাত বিজেপিয়ে প্ৰকাশ কৰা নাই নিৰ্বাচনী ইস্তাহাৰ?

নিৰ্বাচনী ইস্তাহাৰত একে প্ৰতিশ্ৰুতিৰে গণৰোষৰ বলি হোৱাৰ ভয়ত থমকি ৰৈছে নেকি বিজেপি?

Kalpa Saikia কল্পজ্যোতি শইকীয়া
গুৱাহাটী , April 5, 2019 4:44 pm

4 min read

BJP-750x375
691
VIEWS
Share on FacebookShare on Twitter

প্ৰতিশ্ৰুতিৰ বন্যা লৈ সকলো ৰাজনৈতিক দল নিৰ্বাচনী যুঁজত নমাটো এক নিয়ম অথবা নিৰ্বাচনৰ পূৰ্বে ভিন্ন প্ৰতিশ্ৰুতিৰে ভৰপূৰ এখন ইস্তাহাৰ প্ৰকাশ কৰাটোও এক লক্ষ্য হিচাপে লয় প্ৰত্যেকটো ৰাজনৈতিক দলে।

ইতিমধ্যে ৰাষ্ট্ৰীয় দল কংগ্ৰেছে নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ কৰি উলিয়াইছে যদিও এইক্ষেত্ৰত কিছু ব্যতিক্ৰম যেন দেখা গৈছে বিজেপিক। নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ কৰাৰ ক্ষেত্ৰত থমকি ৰৈছে বিজেপি।

প্ৰথম পৰ্য্যায়ৰ ভোট গ্ৰহণলৈ মাজত মাথোঁ এসপ্তাহ তথা অহা ৯ এপ্ৰিলৰ দিনা ৰাজনৈতিক দলসমূহে নিজৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলোৱাৰ অন্তিম দিন। তেনেক্ষেত্ৰত ‘নিজকে অধিক শক্তিশালী দল’ বুলি দাবী কৰা বিজেপিয়ে কিয় নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ কৰিব পৰা নাই সেয়া এক বহুমূলীয়া প্ৰশ্ন হৈ পৰিছে।

ইপিনে, কোন ৰাজনৈতিক দলে কি ইচ্ছ্যু লৈ নিৰ্বাচনত অৱতীৰ্ণ হ’ব, সেয়া জানিবৰ বাবে সকলো ভোটাৰ ৰাইজে আশাৰে বাট চাই ৰয়। তেনেক্ষেত্ৰত বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ কৰিবলৈ বা জনসাধাৰণৰ কাষ চাপিবলৈ ইচ্ছ্যুৰ অভাৱ হৈছে নেকি? এই প্ৰশ্নও উত্থাপন হৈছে বৌদ্ধিক মহলত।

উল্লেখযোগ্য যে, বিগত লোকসভা তথা বিধানসভা নিৰ্বাচনৰ সময়ত বিজেপিয়ে বহুতো প্ৰতিশ্ৰুতি দিছিল যদিও শাসনৰ বাঘজৰী পোৱাৰ পাছত সেয়া যেন এক প্ৰকাৰে ফুটুকাৰ ফেনত পৰিণত হ’ল।

২০১৪ চনৰ বিজেপিৰ প্ৰথম প্ৰতিশ্ৰুতি আছিল মূল্যবৃদ্ধি ৰোধ তথা মুদ্ৰাস্ফীতি ৰোধৰ বিশেষ ব্যৱস্থা গ্ৰহণ কৰা। কিন্তু এই প্ৰতিশ্ৰুতি পূৰণত বিশেষ সফলতা লাভ নকৰিলে বিজেপিয়ে। অত্যাধিক হাৰত বৃদ্ধি পালে পেট্ৰ’ল, ডিজেল, ৰন্ধন গেছ আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য।

বিজেপিৰ দ্বিতীয় প্ৰতিশ্ৰুতি আছিল দুৰ্নীতি ৰোধ অৰ্থাৎ ভাৰতীয় সমাজ ব্যৱস্থাৰ পৰা দুৰ্নীতি পুলিয়ে পোখালিয়ে উভালি পেলোৱা। এই ক্ষেত্ৰতো যেন বিফল হ’ল ৰাজ্যিক তথা কেন্দ্ৰীয় বিজেপি চৰকাৰ। এপিএচছি কেলেংকাৰিৰ তদন্ত কিছু পৰিমাণে আগ বাঢ়িছিল যদিও হঠাৎ যেন থমকি ৰৈছে তদন্ত প্ৰক্ৰিয়া। তদুপৰি ৰাজ্য জোকাৰি যোৱা পঞ্চায়ত ও গ্ৰামোন্নয়ন বিভাগৰ কেলেংকাৰিত পোনপটীয়াকৈ জৰিত থকাৰ অভিযোগ উত্থাপন হৈছে বিজেপিৰ নেতা-মন্ত্ৰী তথা কৰ্মীৰ ওপৰত।

বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰৰ তৃতীয় প্ৰতিশ্ৰুতি আছিল ‘কোটিয়ে কোটিয়ে বিদেশৰ পৰা ক’লা ধন ঘূৰাই অনা তথা সকলোৰে একাউন্টত ১৫ লাখ টকাকৈ জমা কৰোৱা।‘ কিন্তু ৫ বছৰীয়া শাসনকালত এই ক্ষেত্ৰত সফল হ’ল নে বিজেপি? ঘূৰি আহিল নে বিদেশৰ পৰা ক’লা ধন?

ইপিনে, দৰিদ্ৰতা নিৰ্মূল কৰাৰ বাবে বহু আঁচনি হাতত লোৱাৰ কথা বিগত লোকসভা নিৰ্বাচনৰ পূৰ্বে ঘোষণা কৰিছিল বিজেপিয়ে। কিন্তু কিমান সংখ্যক আঁচনিৰ পৰা লাভাম্বিত হৈছে দেশৰ দৰিদ্ৰ ৰাইজ? লগতে বহু কৃষকে যোৱা ৫ বছৰত আত্মহত্যা কৰা বুলি বিৰোধীয়ে অভিযোগ উত্থাপন কৰিছে। দেশৰ ভিন্ন প্ৰান্তত বঞ্চিত কৃষকে নিজৰ প্ৰাপ্যৰ অধিকাৰ বিচাৰি প্ৰতিবাদ কৰা ছবিখনে প্ৰতিফলিত কৰিছে কৃষকৰ প্ৰতি বিজেপি চৰকাৰৰ থকা দয়া মমতাৰ কথা।

অসমৰ প্ৰেক্ষাপটত ৬ জনগোষ্ঠীক জনজাতিকৰণ কৰাটো লোকসভা নিৰ্বাচনৰ পাছত মূল ইচ্ছ্যু আছিল বিজেপিৰ। শাসনলৈ আহিলে ৬ মাহৰ ভিতৰত বিজেপিয়ে ৬ জনগোষ্ঠীক প্ৰদান কৰাৰ কথা আছিল জনজাতিকৰণৰ মৰ্য্যদা। বহুবাৰ ৰাজপথ উত্তাল কৰিলে তথা অৰ্ধ উলংগ প্ৰতিবাদ কৰিলে জনগোষ্ঠীয় সংগঠনসমূহে। ২০১৯ ৰ নিৰ্বাচনলৈ দুমাহ থকাৰ সময়তে জনজাতিকৰণৰ নামত চৰকাৰে মন্ত্ৰী পৰ্য্যায়ৰ কমিটি গঠনেৰে চমক সৃষ্টি কৰিছিল যদিও ৰাজ্যসভাতে উত্থাপন নহ’ল জনজাতিকৰণৰ বিধেয়ক।

তদুপৰি, নিবনুৱা সমস্যা সমাধানৰ বাবে বছৰি নতুন পদ সৃষ্টি কৰি বিভিন্ন বিভাগত ২ কোটি নিবনুৱা যুৱকক চাকৰি দিয়াটো অন্যতম প্ৰতিশ্ৰুতি আছিল বিজেপিৰ। প্ৰকৃততে দেশৰ পৰা নিৰ্মূল হৈছে নে নিবনুৱাৰ সমস্যা?

আনহাতে, অসম চুক্তিৰ ৬ নং দফা কাৰ্য্যকৰী তথা অসম চুক্তিৰ সফল ৰূপায়ণো অন্তৰ্ভুক্ত হৈছিল বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰত। কিন্তু প্ৰকৃততে হৈছে কি? নাগৰিকত্ব সংশোধনী বিধেয়কে অসম চুক্তিৰ ৬ নং দফাত আঘাত হানিব বুলি অসমবাসী ৰাইজে কৈ আহিছে যদিও বিধেয়ক গৃহীত কৰাত বদ্ধ পৰিকৰ বিজেপি। লগতে বিদেশী বহিস্কাৰো অন্যতম নিৰ্বাচনী ইচ্ছ্যু আছিল যদিও অসমৰ পৰা কেইজন বিদেশী বহিস্কৃত হ’ল সেয়া লক্ষণীয় বিষয়।

তদুপৰি, বান-গৰাখহনীয়া সমস্যাৰ স্থায়ী সমাধানকে ধৰি অন্য বহুকেইটা নিৰ্বাচনী ইচ্ছ্যুৰে ২০১৪ চনৰ লোকসভা নিৰ্বাচনত ৰণডংকা বজাইছিল বিজেপিয়ে। কিন্তু পূৰ্বতে দিয়া প্ৰতিশ্ৰুতি পূৰণ কৰিব নোৱাৰাত পুনৰবাৰ সেই একেবোৰ প্ৰতিশ্ৰুতি দিবলৈ কুন্ঠাবোধ কৰিছে শাসকীয় দল বিজেপি। বিৰোধীৰ মত ‘সেয়েহে নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ কৰাৰ ক্ষেত্ৰত থমকি ৰৈছে বিজেপি।‘

এই সম্পৰ্ক নৰ্থ ইষ্ট নাওৰ সৈতে হোৱা কথা-বতৰাত বিৰোধী দলপতি দেবব্ৰত শইকীয়াই কয়, ‘বিজেপিৰ কোনো সৃজনশীলতা নাই। এইবাৰো তেওঁলোকে কংগ্ৰেছৰ নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ কৰালৈ বাট চাই আছিল। চকীদাৰ, ধৰ্মীয় মেৰুকৰণ আৰু বিভাজনমূলক ৰাজনীতিয়ে বিজেপিৰ মূল এজেণ্ডা। এই এজেণ্ডাসমূহ ঢাকিবৰ বাবে বিজেপিয়ে চেষ্টা কৰি আছে, সেয়েহে তেওঁলোকে ইস্তাহাৰ প্ৰকাশ কৰিব পৰা নাই।‘

তদুপৰি কৃষক নেতা অখিল গগৈয়ে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, ‘নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ কৰাটো বিজেপিৰ বাবে গুৰুত্বপূৰ্ণ নহয়। তেওঁলোকৰ বাবে গুৰুত্বপূৰ্ণ জনসাধাৰণৰ মাজত টকা বিলাই দিয়া।মোৰ অনুমান হয় এটা এটা সমষ্টিত বিজেপিয়ে ৩০-৪০ কোটি টকা খৰচ কৰিছে।‘

আনহাতে, এই বিষয়ত উদ্বিগ্নতা প্ৰকাশ কৰি অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ সভাপতি ৰুবুল দাসে নৰ্থ ইষ্ট নাওক কয়, ‘যোৱা ৫ বছৰে অসম তথা ভাৰতৰ জনসাধাৰণক প্ৰৱঞ্চনা কৰি অহা বিজেপি চৰকাৰৰ হাতত কোনো নতুন ইচ্ছ্যু নাই। নিৰ্বাচনী ইস্তাহাৰত বিতৰ্কিত নাগৰিকত্ব সংশোধনী বিধেয়কৰ কথা উল্লেখ কৰি জনৰোষৰ বলি হোৱাৰ ভয়ত বিজেপিয়ে ইস্তাহাৰ প্ৰকাশ কৰাত পলম কৰিছে তথা ভোট ভঙাৰ ভয়ত নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ কৰা নাই।‘

Tags: নিৰ্বাচন ২০১৯

Recent News

dc-Cover-fosgj

নিষ্ঠুৰ পিতৃ: দোকানৰ পৰা বিড়ি আনি দিয়াত পলম হোৱাৰ বাবেই জ্বলাই দিলে ১০ বছৰীয়া পুত্ৰক

FB_IMG_1611046341596(2)

অসমৰ জাতি মাটি ভেটি ৰক্ষাৰ নামত এচামে আমাৰ জাতিটোক নিঃশেষ কৰাৰ ষড়যন্ত্ৰত লিপ্ত হৈছে: দিপাংক নাথ

WhatsApp Image 2021-01-19 at 1.48.31 PM

ব্ৰীছবেনত অষ্ট্ৰেলিয়াৰ ৩৩বছৰৰ আধিপত্য উফৰিল; ইতিহাস ৰচি বিজয় সাৱ্যস্ত টীম ইণ্ডিয়াৰ

WhatsApp Image 2021-01-19 at 12.33.02 PM

ধোনীৰ অভিলেখ ভংগ; দ্ৰুততম ভাৰতীয় উইকেটকীপাৰ হিচাপে মাইলষ্ট’ন স্পৰ্শ ঋষভ পন্টৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd