MG Motorsৰ ইলেকট্ৰিক কাৰ মুকলি, এবাৰ চাৰ্জত চলিব ৩৪০ কি. মি.

মৰিছ গেৰাজ মটৰ্ছে ভাৰতীয় বজাৰত নতুন ইলেকট্ৰিক কাৰ MG ZS EV মুকলি কৰিছে।

ভাৰতত এইখনেই কোম্পানিটোৰ প্ৰথমখন অল ইলেকট্ৰিক গাড়ী।

দাম সংবেদনশীল ভাৰতত গাড়ীখন দাম কম হ’ব বুলি বজাৰ বিশ্লেষকসকলে অনুমান কৰিছে।

ইউ কেত উপলব্ধ একেখন গাড়ীয়ে ভাৰততো উপলব্ধ হ’ব। কিন্তু ভাৰতীয় বজাৰৰ বাবে ইয়াক গুজৰাটৰ হালল প্লাণ্টত এছেম্বল কৰা হ’ব।

অহা বছৰৰ প্ৰথম ভাগতে গাড়ীখন বজাৰত এৰি দিয়া হ’ব।

কি আছে MG ZS EVত?

 

বাহিৰ ভাগ

ই কম্পেক্ত এচ ইউ ভি। হুণ্ডাই ক্ৰেটাতকৈ দীঘল। দীঘলে 4314 mm, বহলে 1809 mm, ওখ 1620 mm, হুইল বে’ছ 2579 mm (।)

গাড়ীখনৰ লুক স্প’ৰ্টি। আছে প্ৰজেক্তৰ হেদলাইট, টেইল লাইট এল ই দি।

 

ভিতৰ ভাগ

দেশ্বব’ৰ্দখন নিয়াৰি, চফা, বুটামৰ সংখ্যা কম। কেবিনটো ক’লা।

এন্দ্ৰইদ, এপল কাৰপ্লে’ৰ লগতে ষ্টেন্দাৰ্দ সকলো কানেক্তিভিটি ফিচাৰ আৰু তাচ্চস্ক্ৰীন দিছপ্লে’ৰ ব্যৱস্থা আছে।

পেন’ৰামিক চানৰূফ আছে।

 

বেটাৰি

এবাৰ চাৰ্জত গাড়ীখন 340 কি. মি. চলিব। বেটাৰি লিথিয়াম আয়ন, ক্ষমতা 44.5 kWh (।) 7.4 kWৰ চাৰ্জাৰ থকা গাড়ীখনত চাৰ্জ সম্পূৰ্ণ হ’বলৈ সময় ল’ব সাত ঘণ্টা।

বেটাৰি IP67 স্বীকৃত, পানী আৰু ধূলি প্ৰতিৰোধী।

 

ক্ষমতা

বেটাৰি পাৱাৰ্দ গাড়ীখনৰ সৰ্বোচ্চ অশ্বক্ষমতা 141 bhp। তৰ্ক 353 Nm (।)

 

ত্বৰণ

গাড়ীখনে 0-100 kmph গতি পাবলৈ সময় ল’ব 8 ছেকেণ্ড।