টীয়কত এনৰেগা আঁচনিৰ সফল ৰূপায়নেৰে কৰ্মৰ নিদৰ্শন শতাধিক মহিলা শ্ৰমিকৰ

যি সময়ত চৰকাৰে সাধাৰণ জনতাৰ হিতৰ অৰ্থে হাতত লোৱা অভিলাষী আঁচনি এনেৰেগা, জব কাৰ্ড বুলিলেই দুৰ্নীতিৰ কথা মনলৈ আনে তেনে টীয়কত ব্যতিক্ৰমী ৰূপে দেখা গৈছে চৰকাৰী আঁচনিৰ ৰূপায়নৰ ক্ষেত্ৰত।

এনৰেগা আঁচনিৰ অন্তৰ্গত যোৰহাট জিলাৰ ১০২নং টীয়ক বিধান সভা সমষ্টিৰ অন্তৰ্গত ৫ নং পূব টীয়ক গাঁও পঞ্চায়তৰ ৬ নং ৱাৰ্ডৰ ঘুগুৰাগুৰি পৰা কটাৰিখাম গঁড় সংযোগী ৰিং বান্ধ নিৰ্মাণত অঞ্চলটোৰ বিশেষকৈ প্ৰায় অৰ্ধশতাধিক মহিলা অন্তৰ্ভূক্ত হৈ সুন্দৰকৈ কাম অব্যাহত ৰাখি আঁচনিখনৰ সফল ৰূপায়ণত অৰিহণা যোগাইছে।

অঞ্চলটোৰ মহিলাসকলে ঘৰৰ সকলো কাম-কাজ কৰাৰ সমান্তৰালকৈ নিতৌ ৬ ঘণ্টাকৈ শ্ৰম কৰি দৈনিক ২১৩ টকা মজুৰি লাভ কৰি নিজৰ লগতে পৰিয়ালটোক আৰ্থিক সকাহ দিবলৈ সক্ষম হৈছে।

মহিলাসকলৰ এনে কৰ্মৰাজিক এতিয়া সকলোৱে প্ৰশংসা কৰিছে।

উল্লেখযোগ্য যে, কংগ্ৰেছ চৰকাৰৰ দিনটে এনৰেগা আঁচনি ৰূপায়ন কৰা হৈছিল যদিও পৰৱৰ্তী সময়ত বিজেপি চৰকাৰ ক্ষমতালৈ অহাৰ পাছত সেই আঁচনি বন্ধ কৰি ৰাখিছিল।

কোভিডৰ পাছত কেন্দ্ৰ চৰকাৰে পুনৰ এনৰেগাৰ কাম-কাজ আৰম্ভ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।