১৪ খন বানপীড়িত ৰাজ্যলৈ ৫৮৫৮.৬০  কোটি টকা  মুকলি গৃহ মন্ত্ৰালয়ৰ

ৰাজ্যিক দুৰ্যোগ সঁহাৰি পুঁজিৰ (এছডিআৰএফ) কেন্দ্ৰীয় অংশ হিচাপে আৰু ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি পুঁজিৰ (এনডিআৰএফ) পৰা অগ্ৰিম হিচাপে ১৪ খন বানপীড়িত ৰাজ্যলৈ ৫৮৫৮.৬০  কোটি টকা  মুকলি কৰি দিছে।

ইয়াৰে  মহাৰাষ্ট্ৰলৈ ১৪৯২ কোটি টকা, অন্ধ্ৰ প্ৰদেশলৈ ১০৩৬ কোটি টকা, অসমলৈ ৭১৬ কোটি টকা, বিহাৰলৈ ৬৫৫.৬০ কোটি টকা, গুজৰাটলৈ ৬০০ কোটি টকা, হিমাচল প্ৰদেশলৈ ১৮৯.২০ কোটি টকা, কেৰালালৈ ১৪৫.৬০ কোটি টকা, মণিপুৰলৈ ৫০ কোটি টকা, মিজোৰামলৈ ২১.৬০ কোটি টকা, নাগালেণ্ডলৈ ১৯.২০ কোটি টকা, ছিকিমলৈ ২৩.৬০ কোটি টকা,  তেলেংগানালৈ ৪১৬.৮০ কোটি টকা, ত্ৰিপুৰালৈ ২৫  কোটি টকা  আৰু পশ্চিম বংগলৈ ৪৬৮  কোটি টকা আগবঢ়াইছে।

এই বছৰ দক্ষিণ-পশ্চিম মৌচুমী বায়ুৰ প্ৰভাৱত এই ৰাজ্য কেই খনত   ধাৰাসাৰ বৰষুণ, বান আৰু ভূমিস্খলনৰ ফলত এই ৰাজ্যসমূহ ক্ষতিগ্ৰস্ত হৈছে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সহযোগিতা মন্ত্ৰী অমিত শ্বাহৰ নিৰ্দেশনাত প্ৰাকৃতিক দুৰ্যোগৰ দ্বাৰা ক্ষতিগ্ৰস্ত ৰাজ্যসমূহলৈ এই ধন অনুমোদন দিছে।

উল্লেখ্য যে বানৰ ক্ষতিৰ পৰিমাণ মূল্যায়নৰ বাবে অসম, মিজোৰাম, কেৰালা, ত্ৰিপুৰা, নাগালেণ্ড, গুজৰাট, অন্ধ্ৰ প্ৰদেশ, তেলেংগানা আৰু মণিপুৰৰ দৰে বানপীড়িত ৰাজ্যসমূহত আন্তঃমন্ত্ৰালয়ৰ  কেন্দ্ৰীয় দল (আইএমচিটি) প্ৰেৰণ কৰা হৈছিল।

লগতে, শেহতীয়াকৈ বানপানীৰ ফলত ক্ষতিগ্ৰস্ত হোৱা বিহাৰ আৰু পশ্চিম বংগৰক্ষয়ক্ষতিৰ পৰমাণ  মূল্যাঙ্কন কৰাৰ বাবে অতি শীঘ্ৰেই সেই ৰাজ্য দুখনলৈ আইএমচিটি প্ৰেৰণ কৰা হ’ব।

আই.এম.চি.টি.-ৰ মূল্যাঙ্কন প্ৰতিবেদন লাভ কৰাৰ  পিছত প্ৰচলিত  প্ৰক্ৰিয়া অনুসৰি, দুৰ্যোগ প্ৰভাৱান্বিত ৰাজ্যবোৰলৈ এন.ডি.আৰ.এফ.-ৰ পৰা অতিৰিক্ত বিত্তীয় সাহায্য অনুমোদন কৰা হ’ব।

উল্লেখ্য যে এই বছৰত ইতিমধ্যে ২১ খন ৰাজ্যলৈ ১৪,৯৫৮ কোটিতকৈও অধিক  ধন মুকলি কৰি দিয়া হৈছে। ইয়াৰ ভিতৰত আছে এছডিআৰএফৰ পৰা ২১ খন ৰাজ্যলৈ ৯০৪৪.৮০   কোটি টকা, এনডিআৰএফৰ পৰা ১৫  খন ৰাজ্যলৈ ৪৫২৮.৬৬ কোটি টকা  আৰু ৰাজ্যিক দুৰ্যোগ প্ৰশমন পুঁজিৰ (এছডিএমএফ) পৰা ১১ খন ৰাজ্যলৈ ১৩৮৫.৪৫ কোটি টকা দিয়া হৈছে।