NORTHEAST NOW (Assamese)

নাগৰিকত্ব সংশোধনী আইন ৰূপায়নৰ নিয়মাৱলী প্ৰস্তুতৰ বাবে আৰু ৩মাহ সময় বিচাৰিছে গৃহ মন্ত্ৰ্যালয়ে

August 3, 2020 6:58 am · এন ই নাও নিউজ
প্রতিনিধিত্বমূলক ফটো।

নাগৰিকত্ব সংশোধনী আইন (কা’)ৰূপায়নৰ বাবে নিয়মাৱলী প্ৰস্তুত কৰাৰ বাবে কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ে আৰু তিনিমাহ সময় বিচাৰিছে।

সংসদীয় প্ৰক্ৰিয়া অনুসৰি উপ বিধিৰ বাবে থকা ষ্টেণ্ডি কমিটিৰ সৈতে সম্পৰ্কিত বিভাগক এই আবেদন জনোৱা হৈছে।

ৰাষ্ট্ৰপতিয়ে অনুমোদন দিয়াৰ ছয় মাহৰ ভিতৰত যিকোনো আইনৰ বাবে নিয়মাৱলী প্ৰস্তুত কৰা উচিত অন্যথা এক সময় বৃদ্ধিৰ বাবে আবেদন কৰিবই লাগে।

যোৱা বছৰ ১১ ডিচেম্বৰত সংসদে নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰিছিল আৰু সেইদৰে ৰাষ্ট্ৰপতি ৰাম নাথ কোবিন্দে ইয়াক আইনলৈ পৰিণত কৰাৰ বাবে অনুমোদন দিছিল।

আনহাতে, যোৱা জুন মাহতে চৰকাৰৰ বাবে বান্ধি দিয়া ছয় মাহৰ সময়সীমা উকলি যোৱাত কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ে অতিৰিক্তি তিনি মাহৰ সময় বিচাৰিবলৈ বাধ্য হৈছে।

নাগৰিকত্ব সংশোধনী আইনৰ জৰিয়তে বাংলাদেশ, পাকিস্তান আৰু আফগানিস্তানৰ পৰা ধৰ্মীয় নিৰ্যাতনৰ বলি হৈ আহিবলগীয়া হোৱা ছয়টা সংখ্যালঘু সম্প্ৰদায়ক নাগৰিকত্ব প্ৰদান কৰিব বিচৰা হৈছে।

অহা ৪ আগষ্টত উপ বিধিৰ বাবে থকা ষ্টেণ্ডি কমিটিৰ সৈতে সম্পৰ্কিত বিভাগে কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ৰ আবেদনৰ উত্তৰ দিয়াৰ সম্ভাৱনা আছে।

Related News