NORTHEAST NOW (Assamese)

প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰফুল্ল মহন্তৰ পৰা Z+ নিৰাপত্তা প্ৰত্যাহাৰ

December 21, 2019 6:52 pm · এন ই নাও নিউজ
প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত। ফাইল ফটো

প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ পৰা ৰাষ্ট্ৰীয় নিৰাপত্তা বাহিনী (NSG)-এ দি অহা Z+ নিৰাপত্তা প্ৰত্যাহাৰ কৰা হৈছে।

কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ে আজি কিছু সময়ৰ পূৰ্বে এই সিদ্ধান্ত গ্ৰহণ কৰে।

ফলত এতিয়াৰ পৰা মহন্তই Z শাখাৰ নিৰাপত্তাহে লাভ কৰিব। ইয়াৰ পূৰ্বে Z+ নিৰাপত্তাৰ অধীনত তেওঁ ৰাষ্ট্ৰীয় নিৰাপত্তা বাহিনীৰ পৰা নিৰাপত্তা পাই আহিছিল।

উল্লেখযোগ্য যে Z শাখাৰ নিৰাপত্তাৰ অধীনত তেওঁক কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী (CRPF)-এ নিৰাপত্তা প্ৰদান কৰিব।

ইয়াৰ পূৰ্বে বিজেপি চৰকাৰে ২০১৭ চনত প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈ আৰু প্ৰফুল্ল মহন্তৰ পৰা NSG নিৰাপত্তা প্ৰত্যাহাৰ কৰিছিল যদিও ইয়াৰ বিৰুদ্ধে মহন্ত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দাৰাস্থ হোৱাৰ পিছত তেওঁৰ নিৰাপত্তা দায়িত্বত পুনৰ NSG নিয়োজিত কৰা হয়।

মহন্তৰ মতে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰাৰ বাবেই সেই সময়ত তেওঁৰ পৰা চৰকাৰে NSG নিৰাপত্তা প্ৰত্যাহাৰ কৰিব খুজিছিল।

১৯৯৭ চনৰ আলফাৰ এক বোমা আক্ৰমণৰ পৰা ৰক্ষা পৰাৰ পিছৰে পৰা প্ৰফুল্ল মহন্তক NSGৰ নিৰাপত্তা প্ৰদান কৰি অহা হৈছিল।

Z+ শাখাৰ অধীনত ৪০ৰ পৰা ৪৫জন কমাণ্ডোৰ দ্বাৰা নিৰাপত্তা প্ৰদান কৰা হয় ইয়াৰ বিপৰীতে Z শাখাৰ অধীনত নিৰাপত্তাৰ বাবে ২৫গৰাকী নিৰাপত্তাৰক্ষী নিয়োগ কৰা হয়।

Related News