NORTHEAST NOW (Assamese)

৪.২৫ কোটি টকাত বিক্ৰী হ’ল ৩৫বছৰ পুৰণি এযোৰ জোতা; কিন্তু কিয় ইমান দাম?

May 26, 2020 1:09 pm · এন ই নাও নিউজ
১৯৮৫চনত মাইকেল জৰ্ডানে ব্যৱহাৰ কৰা জোতাযোৰ।

দামী জোতা পিন্ধাৰ চখ ৰখা ব্যক্তি বহু আছে। তদুপৰি, নতুন নতুন জোতা সলনি কৰি পিন্ধাৰ চখো বহুতৰে থাকে।

কিন্তু কোনো পুৰণি জোতাৰ বাবে কোটি টকা খৰচ কৰা কথাটো সহজতে হজম নোহোৱাৰে কথা।

সম্প্ৰতি আমেৰিকাত এনে এক ঘটনাৰ কথা পোহৰলৈ আহিছে।

অনলাইন নীলামত এযোৰ পুৰণি জোতা ৫৬০,০০০ডলাৰ (৪.২৫কোটি টকা)ত বিক্ৰী হৈছে।

এনে চড়া দামত জোতা ক্ৰয় কৰাটোও এক অভিলেখ  হৈ পৰিছে।

যি জোতাযোৰৰ কথা কোৱা হৈছে সেইযোৰ আমেৰিকাৰ আটাইতকৈ জনপ্ৰিয় বাস্কেটবল খেলুৱৈ মাকেল জৰ্ডানৰ।

মাইকেল জৰ্ডানে ১৯৮৫চনত এখন খেলত এই জোতাযোৰ পিন্ধিছিল। এই ৩৫ বছৰ পুৰণি জোতাযোৰত মাইকেল জৰ্ডানে নিজে স্বাক্ষৰ কৰিছে।

নীলাম কৰা ছোথেবেইজ (Sotheby’s)নামৰ ৱেবছাইটটোৰ মতে জোতাযোৰ ৫৬০,০০০ ডলাৰ (৪.২৫ কোটি টকা)ত ক্ৰয় কৰা হৈছে।

নীলাম কৰা কোম্পানীটোৱে দাবী কৰা মতে এতিয়ালৈকে বিশ্বত কোনো জোতা ইমান দামত বিক্ৰী হোৱা নাই।

শেহৰ ২৫ মিনিটৰ নীলামতে জোতাযোৰৰ দাম ৩০০,০০ডলাৰ (২.২৮কোটি টকা) স্পৰ্শ কৰে। কিন্তু আটাইতকৈ উচ্চ দাম আগবঢ়োৱাজনৰ দামটো ইমানেই অধিক আছিল যে কোনোৱে তাৰ কাষ চাপিব নোৱাৰিলে।

মাইকেল জৰ্ডান আমেৰিকাৰ বাস্কেটবল জগতৰ সৰ্বাধিক চৰ্চিত খেলুৱৈ।

১৯৮৫ চনত তেওঁ এই ৰঙা আৰু বগা ৰঙৰ নাইকে এয়াৰ (Nike Air) জোতাযোৰ পিন্ধি খেলিছিল।

কোম্পানীটোৱে এই ছিৰিজৰ মাত্ৰ ১২ যোৰ জোতাহে তৈয়াৰ কৰিছিল। বিশেষ কথাটো হ’ল ইয়াৰে এযোৰ জোতা ১৩ নম্বৰৰ আৰু বাকী জোতা কেইযোৰ ১৩.৫ ইঞ্চি জোখৰ আছিল।

Related News