NORTHEAST NOW (Assamese)

ব্ৰিটিছ ৰাজপৰিয়ালত বৰ্ণবৈষম্য : হৃদয়বিদাৰক আখ্যা দিলে প্ৰাক্তন মাৰ্কিন ফাৰ্ষ্ট লেডী মিচেল অবামাই

March 16, 2021 5:16 pm · এন ই নাও নিউজ
Updated: March 16, 2021 5:22 pm

আমেৰিকা যুক্তৰাষ্ট্ৰৰ জনপ্ৰিয় টেলিভিছন পাৰ্চনেলিটী অপ্ৰাহ উইনফ্ৰে’ৰ স’তে হোৱা এটা সাক্ষাৎকাৰত ব্ৰিটিছ ৰাজকোঁৱৰ প্ৰিন্স হেৰীৰ পত্নী মেগান মাৰ্কলেয়ে দিয়া এটা ভাস্যই বিশ্বজুৰি তোলপাৰ লগাইছে।

সাক্ষাৎকাৰটোত মেগানে কৈছিল যে ব্ৰিটিছ ৰাজপৰিয়ালত বৰ্ণবিদ্বেষী মনোভাৱ আছে।

উল্লেখযোগ্য যে বৰ্তমান মেগান গৰ্ভৱতী আৰু দম্পতিটোৰ দ্বিতীয়টো সন্তানৰ বাবে সাজু হৈছে।

কিন্তু ৰাজপৰিয়ালটোৱে গৰ্ভাৱস্থাত থকা সন্তানটোৰ ছালৰ ৰঙক লৈ বৰ্ণবিদ্বেষী সন্দেহ প্ৰকাশ কৰিছিল।

মেগান মাৰ্কলে ৰাজপৰিয়ালটোৰ প্ৰথমগৰাকী সদস্য যি শ্বেতাংগ নহয়।

সেয়ে দ্বিতীয়টো সন্তানৰ ছালৰ ৰঙক লৈ ৰাজপৰিয়ালটোৱে সন্দেহ প্ৰকাশ কৰিছিল।

তদপুৰি ২০১৮ চনত তেওঁৰ প্ৰথমটো সম্তান আৰ্কীৰ জন্মৰ সময়তো তেওঁ মানসিক যন্ত্ৰণা লাভ কৰিছিল বুলি ইণ্টাৰভিউটোত প্ৰকাশ কৰিছিল।

মেগানৰ এই বক্তব্যটোক অজস্ৰ সচেতন আৰু প্ৰগতিশীল লোকে সমৰ্থন কৰিছে।

উল্লেখযোগ্য যে দুটা দশকৰ পাছত ব্ৰিটিছ ৰাজপৰিয়ালৰ এইটো আটাইতকৈ বৃহৎ সংকট।

১৯৯৭ চনত প্ৰিন্স হেৰীৰ মাতৃ ডায়েনাৰ মৃত্যুৰ পাছত এই বৰ্ণবৈষম্যৰ অভিযোগে ব্ৰিটিছ ৰাজপৰিয়ালক সংকটত পেলাইছে।

এইক্ষেত্ৰত প্ৰাক্তন মাৰ্কিন ফাৰ্ষ্ট লেডী মিচেল অবামাইও মুখ খুলিছে।

মিচেলে কয় যে মেগানৰ অভিজ্ঞতাটো হৃদয়বিদাৰক আৰু ই বিশ্বৰ বাবে এটা পাঠ।

মাৰ্কিন সংবাদ প্ৰতিষ্ঠান এনবিচি নিউজত দিয়া এটা বক্তব্যত মিচেল অবামাই কয়- ”মই অনুভৱ কৰো এয়া শুনিবলৈ হৃদয়বিদাৰক যে তাই নিজৰ পৰিয়ালেই তাইতকৈ বেলেগ ধৰণে চিন্তা কৰে।”

তদুপৰি মিচেলে কয় যে ই অপ্ৰত্যাশিত নাছিল কাৰণ বৰ্ণবৈষম্য নতুন নহয়।

আনহাতে মংগলাবাৰে কুইন  এলিজাবেথে কয় যে তেওঁৰ নাতি আৰু নাতিবোৱাৰীয়ে লাভ কৰা  অভিজ্ঞতাক লৈ তেওঁ দুখীত আৰু আশ্বাস প্ৰদান কৰে যে ৰাজপৰিয়ালটোৱে বিষয়টো সম্পৰ্কত ঘৰুৱা পৰিৱেশত আলোচনা কৰিব।

আনহাতে, প্ৰিন্স হেৰীৰ ভাতৃ প্ৰিন্স উইলিয়ামে বৰ্ণবৈষম্যৰ অভিযোগ অস্বীকাৰ কৰিছে।

Related News