NORTHEAST NOW (Assamese)

ক’ভিড পৰিস্থিতিক কেন্দ্ৰ কৰি ভাৰতক সহায় কৰাৰ আশ্বাস মাইক্ৰ’চফ্টৰ চিইঅ’ সত্য নাডেল্লাৰ

April 26, 2021 3:45 pm · এন ই নাও নিউজ
Updated: April 26, 2021 3:46 pm

প্ৰযুক্তিজগতৰ স্তম্ভস্বৰূপ মাইক্ৰ’চ’ফটৰ (Microsoft) চি.ই.অ’. সত্য নাডেল্লাই সোমবাৰে ভাৰতৰ ক’ভিড পৰিস্থিতিক লৈ এটা টুইট কৰিছে।

টুইটটোত তেওঁ এইক্ষেত্ৰত ভাৰতক সহযোগ কৰাৰ আশ্বাস দিয়ে।

তেওঁ কয় যে মাইক্ৰ’চফটে ভাৰতক চিকিৎসা সাহাৰ্য আৰু অক্সিজেন যোগানৰ ক্ষেত্ৰত চফটৱেৰ কোম্পানীটোৰ ”কণ্ঠ, সাহাৰ্য আৰু প্ৰযুক্তি”ক ব্যৱহাৰ কৰা অব্যাহত ৰাখিব।

তেওঁ কয় যে ভাৰতৰ শেহতীয়া পৰিস্থিতিক লৈ তেওঁৰ হৃদয় ভাগি গৈছে।

আনহাতে, আমেৰিকা যুক্তৰাষ্ট্ৰই ভাৰতক সহায় কৰাৰ আশ্বাস দিয়াক লৈ তেওঁ যুক্তৰাষ্ট্ৰৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে।

উল্লেখযোগ্য মাইক্ৰ’চ’ফ্টৰ চিইঅ’ সত্য নাডেল্লা এগৰাকী ইণ্ডো-আমেৰিকান ব্যৱসায়ী।

তেওঁ মহামাৰিৰ সময়ছোৱাত ভাৰতক সহায় কৰিবলৈ মাইক্ৰ’চ’ফ্টৰ হৈ সজাগতা অভিযান অব্যাহত ৰাখিছে।

Related News