সোণোৱাল চৰকাৰ বিষাদৰ চৰকাৰ : ৰাজ্যজুৰি ৰন্ধন কৰ্মীৰ প্ৰতিবাদ

54a3f641-eb44-423f-a400-be7b3c53b4cb

শুকুৰবাৰে বৰপেটাত ৰন্ধন কৰ্মীৰ প্ৰতিবাদ। ফটো : নৰ্থইষ্ট নাও

ৰাজ্যখনৰ ২৮খন জিলাৰ প্ৰাথমিক বিদ্যালয়বোৰৰ মধ্যাহ্ন ভোজন বিতৰণৰ দায়িত্ব স্বেচ্ছাসেৱী সংস্থা‌ক দিব বিচৰা কাৰ্যৰ প্ৰতিবাদত আজি সদৌ অসম মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়নে ৰাজ্যজুৰি বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে ৷

এই কাৰ্যসূচীৰ অংশ হিচাপে বৰপেটাতো “চিটু” ৰ উদ্যোগত বিক্ষোভ কাৰ্যসূচীৰে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰে ৰন্ধন কৰ্মীসকলে ৷

আজি পুৱা ১০ বজাৰ পৰা জিলাখনৰ বিভিন্ন প্ৰান্তৰ পাঁচ শতাধিক ৰন্ধন কৰ্মীয়ে উপায়ুক্ত কাৰ্যালয়‌লৈ সমদল কৰি আগবাঢ়ি যাওঁতে আৰক্ষীয়ে উক্ত প্ৰতিবাদী ৰন্ধন কৰ্মী‌সকলক আটক কৰি মিলেনিয়াম পাৰ্কত আবদ্ধ কৰি ৰাখে।

বিক্ষোভ কাৰ্যসূচীত অংশ গ্ৰহণ কৰা ৰন্ধন কৰ্মীসকলে যথেষ্ট ক্ষোভেৰে কয়, ৰাজ্যৰ বৰ্তমানৰ সোণোৱাল চৰকাৰখন বিষাদৰ চৰকাৰ ৷ এই চৰকাৰখনে সংস্থাপন সৃষ্টি কৰাৰ পৰিবৰ্তে ১০-১৫ বছৰ ধৰি কৰ্মৰত হৈ থকা ৰন্ধন কৰ্মীসকলক ষড়যন্ত্ৰমূলকভাবে কামৰ পৰা বিতাৰণ কৰিব বিচাৰিছে ৷

কেন্দ্ৰীয় চৰকাৰৰ জৰিয়তে চলাই থকা মধ্যাহ্ন ভোজন আঁচনিৰ সফল ৰূপায়ণত ৰন্ধন কৰ্মীসকলেও উল্লেখনীয় অৱদান আগবঢ়াই আছে যদিও এই কৰ্মীসকলক ৰাজ্য চৰকাৰে কামৰ পৰা বিতাৰণ কৰিব বিচৰাটো কেতিয়াও গ্ৰহণযোগ্য নহয় বুলিও ৰন্ধন কৰ্মীসকলে স্পষ্ট কৰি দিয়ে ৷

ৰাজ্য চৰকাৰে এনে সিদ্ধান্ত বাতিল নকৰা পৰ্যন্ত ৰন্ধন কৰ্মীসকলে ধাৰাবাহিক আন্দোলন কাৰ্যসূচী চলাই যাব বুলিও চৰকাৰক সকীয়াই দিয়ে ৷

উল্লেখ্য যে, ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগৰ আয়ুক্ত আৰু সচিবৰ (Memo No SSA/MDM/EOI/centralised kitchan/26/2018/5294-k) পত্ৰ নিৰ্দেশনা মৰ্মে ৰাজ্যখনৰ ২৮খন জিলাৰ প্ৰাথমিক বিদ্যালয়বোৰৰ ১৫টা স্বেচ্ছাসেৱী সংস্থা‌ক মধ্যাহ্ন ভোজন বিতৰণৰ দায়িত্ব দিয়া হৈছে। এই নিৰ্দেশনাৰ পিছতেই আজি সদৌ অসম মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়নে ৰাজ্যজুৰি বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে ৷

ৰন্ধন কৰ্মীৰ স্বাৰ্থৰ পৰিপন্থী এই আঁচনিয়ে অসমৰ প্ৰাথমিক বিদ্যালয়ত কৰ্মৰত ১ লাখ ১৮ হাজাৰ ৰন্ধন কৰ্মীৰ মুখৰ ভাত কাঢ়ি নিব বুলি ভুক্তভোগী ৰন্ধন কৰ্মীয়ে ক্ষোভেৰে মন্তব্য কৰে ৷ দহমাহৰ বাবে মাত্ৰ ১০০০টকা মাহেকীয়া মাননিলৈ ৰন্ধন কৰ্মত জড়িত সকলৰ এনে প্ৰতিবাদক চৰকাৰে কিদৰে গ্ৰহণ কৰে সেয়াহে লক্ষণীয় হ’ব৷