NORTHEAST NOW (Assamese)

জম্মু-কাশ্মীৰত পুনৰ সন্ত্ৰাসবাদীৰ আক্ৰমণ: সন্ত্ৰাসবাদীৰ গুলীত আহত তিনি প্ৰব্ৰজিত শ্ৰমিক

July 14, 2023 8:03 am · এন ই নাও নিউজ, গুৱাহাটী
Updated: July 14, 2023 1:38 am

প্ৰব্ৰজিত শ্ৰমিকৰ ওপৰত জম্মু-কাশ্মীৰত সংঘটিত হৈছে আন এক ভয়াৱহ সন্ত্ৰাসবাদী আক্ৰমণ। এই আক্ৰমণত গুৰুতৰভাৱে আহত হৈছে তিনিগৰাকী প্ৰব্ৰজিত শ্ৰমিক।

যোৱা নিশা দক্ষিণ কাশ্মীৰৰ শ্ব’পিয়ানত সংঘটিত হৈছে এই সন্ত্ৰাসবাদী আক্ৰমণ। সন্ত্ৰাসবাদীৰ গুলীচালনাত আহত শ্ৰমিককেইগৰাকীক আনমোল কুমাৰ, হেৰালাল যাদৱ আৰু পিণ্টু কুমাৰ ঠাকুৰ বুলি চিনাক্ত কৰা হৈছে।

শ্ব’পিয়ান চিকিৎসালয়ত প্ৰাথমিক চিকিৎসা গ্ৰহণ কৰাৰ পিছত আহত শ্ৰমিক কেইগৰাকীক শ্ৰীনগৰলৈ স্থানান্তৰ কৰা হৈছে।

ইফালে এই আক্ৰমণৰ পিছতে নিৰাপত্তাৰক্ষীয়ে অঞ্চলটো ঘেৰাও কৰি আক্ৰমণকাৰী সন্ত্ৰাসবাদীৰ দলটোৰ সন্ধানত অভিযান আৰম্ভ কৰে।

ঘটনা সন্দৰ্ভত এক টুইট যোগে কাশ্মীৰ আৰক্ষীয়ে কয়, “শ্ব’পিয়ানত সন্ত্ৰাসবাদীয়ে তিনিগৰাকী বহিৰাগত শ্ৰমিকৰ ওপৰত গুলীচালনা কৰে। আহত ব্যক্তিসকল হৈছে আনমোল কুমাৰ, পিণ্টু কুমাৰ ঠাকুৰ আৰু হেৰালাল যাদৱ।”

আহত আটাইকেইগৰাকী শ্ৰমিক বিহাৰৰ সুপৌল জিলাৰ বাসিন্দা বুলি কাশ্মীৰ আৰক্ষীয়ে টুইটটোত লগতে উল্লেখ কৰে।

 

উল্লেখ্য যে, চলিত বৰ্ষৰ প্ৰথমটো দিনতে উপত্যকাটোত প্ৰব্ৰজিত শ্ৰমিকৰ ওপৰত আক্ৰমণ চলাইছিল সন্ত্ৰাসবাদীৰ দলে। ইয়াৰ পিছতো জম্মু-কাশ্মীৰৰ বিভিন্ন স্থানত বহিৰাগত লোকৰ ওপৰত সংঘটিত হৈছিল আক্ৰমণ।

Related News